পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ২৭ ]


গীতঃ--
তুমি মোৰ প্ৰাণৰ পোহৰ,
তুমি প্ৰেম-ৰাণী মধু-প্ৰণয়িনী,
 সুখ-গীত মধু বসন্তৰ।
তুমি প্ৰীতি কুসুম-হাৰ,
প্ৰেমিক হিয়াৰ প্ৰেম-পাৰাবাৰ,
 চেচা চাতি মলয়াৰ।
তুমি দূৰ গগণৰ জোন-ৰাণী,
 মোৰ হৃদয়ৰ প্ৰেম-বাণী,
আহাঁ দুখ-হাৰিণী মনোমোহিনী,
 কৰাঁ চেচা হিয়া প্ৰণয়ীৰ॥

জগন্নাথ—কি সুন্দৰ! কেনে মনোহৰ!

ধনেশ্বৰ—তোফা, তোফা।

হৰিচৰণ—বিতোপন—truly grand. The man that hath no music is fit for treasons, stratagems and spoils. তোমালোকৰেই জীবন ধন্য । হোৱাঁ-(হাতৰ আঙ্গঠি সোলোকাই দিব খোজে)।

দিবাকৰ—সেইটি পিতাকৰ হাতৰ বহুমূলীয়া আঙ্গঠী হ’বলা। সেইটি নিদিলে জানো নহয়?

হীৰা—তুমি কি বৰ্ব্বৰ হে? বৰ মানুহে এটা বকচিচ্ দিব ৷ তাত হাক দিয়া কিয় হে?