পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৪৩ ]

গো—(কান্দি কান্দি) আয়ে আজি দুদিন পানী এটুপি ও গ্ৰহণ কৰা নাই। বুঢ়া মানুহ, শোকে-তাপে জৰ্জ্জ- ৰিত। মই হিন্দুৰ তিৰোতা, স্বামী মোৰ মুক্তি, পতি মোৰ গতি, প্ৰাণৰ প্ৰাণ মহাপ্ৰাণ। এনে স্বামীৰ নিমিত্তে অকাতৰে প্ৰাণ দিব পাৰোঁ–সামান্য অকিঞ্চিৎকৰ অলঙ্কাৰকেইডাল দিয়াটোনো কি কথা?

প্ৰভা—ভাল, আহিলোঁ বাৰু। (স্বগতঃ ) হে সাধ্বী! তোমাৰ পবিত্ৰ চকুৰ পানীৰেই যে পাপীক উদ্ধাৰ কৰিবা ইয়াত মোৰ ধনিষ্টামানো সন্দেহ নাই।

(সকলোৰে প্ৰস্থান)

চতুৰ্থ অঙ্ক।

প্ৰথম দৃশ্য।

কাছাৰি-ঘৰ।

(হাকিম, উকিল দুজন, টৰণি দুজন, আচামী, ফৰিয়াদী, কনিষ্টবল, ছাপৰাচী, চিৰস্তদাৰ ও প্ৰভাকৰ)।

হাকিম—ইয়াৰ ওপৰত গোচৰ কি?

চিৰস্তদাৰ-গোচৰ ৩২৫ ধাৰা মতে।

হাকিম—চুমাৰি হ'বনে?

চি—নহয়।