[ ৩১ ]
ৰ্দ্দমা কৰিছে। এতিয়া চাওঁতে চাওঁতেই ঘৰখন উছন যাব যেন হে দেখিছোঁ। মাটি-বাৰী যি আছে তাকে চলালে-কৰালেও ধাৰ-ঋণ পৰিশোধ কৰি কোনোমতে চলিবৰ বাট এতিয়াও আছে, কিন্তু দিনেপতি ন-ন ধাৰ কৰি থাকিলে নো কেনেকৈ? ইফালে মকৰ্দ্দমাতো এতিয়া খৰচ লাগে, ক’ৰ পৰা হয়।
হ' মা'—আমিনো কি কৰিম এতিয়া। তিৰোতা মানুহ ওলাই সোমাই ফুৰিব নোৱাৰোঁৱেই, বন্ধুবান্ধৱৰ ল’ৰা বুলি আপানালোকে ইয়াৰ প্ৰতিকাৰ পাৰে যদি কৰক।
প্ৰভা—পাৰিলে তো প্ৰতিকাৰ কৰোঁৱেই। কিন্তু তাৰ তো একো উপায় নেদেখোঁ। সি যদি মদ-ফটিকা এৰি এতিয়াও অলপ যত্ন কৰে, বোধ কৰোঁ উপস্থিত বিপদটো কাটি যাব পাৰে। ক’তা, তাৰ তো মতি-গতিৰ লৰচৰ হোৱা দেখা নাই।
হ' মা'—আমি নো কি জানোঁ, কি কৰিম? লৰাটি ডাঙৰীয়াই আপোনাকে সঁপি দি গৈছে। বিপদৰ পৰা ৰক্ষা কৰিবলৈ যি পাৰে কৰক।
প্ৰভা—তাকে কৰিবলৈ ৰূপ ক’ত? উকীলে-মুক্তিয়াৰে তো কম টকা নালাগিব।
হ' মা'—ডাঙ্গৰীয়াই অত সম্পত্তি এৰি থৈ গৈছে তাত নো মকৰ্দ্দমা এটাৰ ৰূপ নাপাব নে? হৰিৰ হাতত