সমললৈ যাওক

পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৯ ]

জমাদাৰ—হাঁ ৷

(কনিষ্টবলে হৰিচৰণৰ হাতত ধৰে)।

হীৰা—(জমাদাৰৰ ওচৰলৈ গৈ কাণে কাণে কথা পাতে ও হৰিচৰণৰ হাতৰ পৰা ৰূপ পাঁচ টকা লৈ জমাদাৰক দিয়ে।)

জমাদাৰ—ভাল, আহিলোঁ হে এতিয়া। কাইলৈ পুৱা এই কনিষ্টবলটোক পঠাম। লগত জামিনৰ টকা লৈ আহিবা, মই খালাচ দিয়াই দিম।

( সকলোৰে প্ৰস্থান)।

তৃতীয় দৃশ্য।

হৰিচৰণৰ ঘৰ।

(গোলাপী আৰু হৰিচৰণৰ মাক )।

হৰিচৰণৰ মাক—আই অ’ বোৱাৰী, হৰি নো সদায় নিশাৰে নিশাটো দিনৰে দিনটো ক’ত ফুৰে? বাছা মোৰ দিনে-দিনে থীণাই হে যাব লাগিছে। একো নাখায়, দেহি ঐ, কেলেই নো এনে হৈছে! মই বুঢ়া মানুহ পূজা সেৱা কৰোঁতে কৰোঁতে আজৰিকে নাপাওঁ। বাছাক মোৰ দিনটোৰ মূৰত এবাৰো দেখা নেপালে মনটো কেনেবা কেনেবা কৰে।