পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ক'ব নোৱাৰোঁ। ভাই, তোমাক দিয়া টকাৰে এহেজাৰ দি সম্প্ৰতি মোক জামিনত খালাচ কৰি দিয়াঁ।

হীৰা—I am very sorry বন্ধু, really extremely sorry যে এই সময়ত মই তোক help কৰিব নোৱাৰিলোঁ। মোক যি টকা দিছিলা অৱশ্যে দান কৰিছিলা, ধাৰলৈ তো দিয়া নাই।

হৰি—মই ধাৰলৈহে দিছিলোঁ।

হীৰা—You lie, my dear friend, you lie...

হৰি—বাৰু নিজৰ টকা উলিয়াই দি নিজে চোৰ হৈছোঁ। সম্প্ৰতি দান কৰা বুলি ধৰিয়েই মোক ৰূপ এহেজাৰ দি সহায় কৰাঁ। তোমাৰ বিপদৰ দিনত মই যথাসাধ্য, সহায় কৰিলোঁ; মোৰ আপদত এতিয়া তুমি মোক সহায় কৰা উচিত।

হীৰা—ভাই, মোৰ টকা-কড়ি নাই। যদি তুমি টকা দিব পাৰা ময়ো সহায় কৰিব পাৰোঁ। মই কওঁ ঘৈণী য়েৰৰ হাতৰ গহনাখিনি আনা। তাৰে যি হয় বেচি-কিনি মকৰ্দ্দমাৰ খৰচা চলাব পাৰিবা ও বিমলাক দিব খোজা বালাও দিব পাৰিবা।

হৰি—(কনিষ্টবললৈ চাই) বলাঁ, আন এঠাইলৈ যাওঁ। ( হীৰালৈ চাই) কপটীয়া, ভণ্ড, তোক এতিয়াহে চিনিলোঁ। মোৰ কিম্বা মোৰ আন বন্ধুবিলাকৰ লগত