পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৬ ]

 

নাইযে সৌন্দৰ্য, চৰণ দুখানি
 পূজিম কিহেৰে।
(মই) দিনে ৰাতি কায়-বাক্য মনেৰে,
(মই) চিৰ দিন প্ৰেম মহাধনেৰে,
 গোপনে হিয়াৰ তলিতো পৃজিবোঁ।
 মূৰতি তোমাৰে।
(সখা) বাসন্তী কুলিৰ মধুৰ সঙ্গীত
 মধুৰ মলয় সানি,
ভাবৰ আবেশে প্ৰীতি-ফুল সনে।
 সপি দিম হৃদয়খানি।
(যদি) পাহৰি আহাঁ কেতিয়াবা এইতে,
দিম পূজা চকু-লোৰে ভক্তি-পুষ্প সৈতে;
তোমাৰ সুখতে মোৰৰ সুখ সখা
 জীৱনে মৰণে ॥

ধনেশ্বৰ—ক্যা বাত, ক্যা বাত; Bravo, Bravo!

হৰি—(প্ৰত্যেক নৰ্ত্তকীকে ৰূপ দি) “পৃথিবী ছানিয়া, কি দিব আনিয়া, জীবন যৌবন কৰি ক্ষয় ” কি দিলে যে মোৰ সন্তোষ হ’ব ক'ব নোৱাৰোঁ। ‘বাসন্তী কুলি’—আহা কি সুন্দৰ! কি মনোহৰ! কি ভাবময়! কি প্ৰেমময়! গোঁৱা সখীসকল, আকৌ এটি গোঁৱা।