পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৫১ ]

 

হৰি—(প্ৰভাকৰৰ ভৰিত ধৰি) খুড়াদেও! মই ক্ষমা পাবৰ যোগ্য নে? এই পাপৰ যে কি পৰাচিত হ’ব পাৰে মই নাজানোঁ।

প্ৰভা—উঠা, বোপাই, উঠা। বেয়া সঙ্গত পৰি বেয়া হৈছিলাঁ; বুঢ়া বয়সত মোৰ প্ৰাণৰ বন্ধু সোমেশ্বৰৰ ল'ৰা এনে বেয়া হোৱা দেখি বৰ দুখ পাইছিলোঁ। এতিয়া তোমাক ভাল হোৱা দেখিলোঁ। সেয়েই যথেষ্ট পুৰস্কাৰ। বোপাই তোমাৰ মাৰাৰ কথা কেইষাৰ মনত ৰাখিবা। সৌৱা চোৱাঁ। তোমাৰ সতী পত্নী-হাতৰ কাণৰ খহাই দিছে তথাপি কেনে সুন্দৰী! সতীত্বৰ তেজত কেনে গৌৰবময়ী! তেওঁক অনাদৰ নকৰিবা —কৰিলে দেৱতা অসন্তুষ্ট হ’ব।

(গোলাপী ও হৰিচৰণত বাজে সকলোৰে প্ৰস্থান।

হৰি—গোলাপী! মোৰ পাপৰ কিবা পৰাচিত আছেনে? যিদিনা মোৰ এই পাপ-ভৰিৰে সতীৰ গাত লাগি মাৰি যাওঁ সেইদিনাই মোৰ অধোগতি মিলিল। প্ৰিয়তমে, তোমাক কত অত্যাচাৰ কৰিলোঁ তাৰ সীমা নাই। শাৰীৰিক কষ্ট,—মানসিক কষ্ট কত দিলোঁ। এতিয়া এই পাপীৰ নিমিত্তেই তোমাৰ গাৰ যি- বিলাক অলঙ্কাৰ তাকে সোলোকাই দিলাঁ। মই যে কোনটো লাজেৰে এতিয়াও তোমাৰ আগত থিয় দি আছোঁ ক’ব নোৱাৰোঁ।