পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৰি— তোমাৰ বাক্য শিৰোধাৰ্য্য। সংসাৰৰ সাৰবস্তু প্ৰিয়তমে বিমল! তুমি Cleopetra মই Antony; তুমি দুৰ্গেনন্দিনী মই জগৎসিংহ। কোৱাঁ তুমি কাক ভাল পোৱাঁ।

বিমলা— “তোমাকেহে ভাল পাওঁ মৰমৰ সখি। যিপিনে চকু ফুৰাওঁ, তোমাকেহে দেখা পাওঁ, ক্ষন্তেকে প্ৰলয় হয় তোমাক নেদেখি।”

গীত :—

মোৰ খোজত শৰীৰ কঁপে।
নিচাৰ কোবত প্ৰাণ প্ৰেমময়, কথাত মানুহ মৰে
হৃদয় আবেগ উপচি পৰিছে,
আহাঁ নাগৰ কাষলই;
তোমাৰ চৰণে সপিলোঁ পৰাণ,
তুমি মোৰ, তোমাৰ মই।

হৰি—সঁচাকৈয়েনে ভুমি মোৰ, তোমাৰ মই? কোৱাঁ কোৱা আকৌ সেই কথাষাৰি কোৱাঁ।

বিম—হয় নাথ সঁচাকৈয়ে তুমি মোৰ, তোমাৰ মই।

হৰি—আজি মোৰ জীৱন ধন্য। মোৰ জীৱন যৌবন সমস্ত তোমাৰ চৰণতে অৰ্পিলোঁ৷ আৰু কি দিলে তেওঁ সন্তোষ হয় কোৱা সখী কোৱাঁ।

বিম—নাথ, জীৱনসৰ্বস্ব, প্ৰিয়তম, প্ৰাণেশ্বৰ, জীবিতে মৰিতেশ্বৰ, মোৰ ভোকৰ ভাত, পিয়াহৰ পানী,