পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৪৩ ]

হৰি—ভগৱান! এই শিক্ষা সময় থাকোঁতেই নিদিলা কিয় প্ৰভু?

(সকলোৰে প্ৰস্থান)।

তৃতীয় দৃশ্য।

বিমলাৰ ঘৰৰ আগ।

(কনিষ্টবলেৰে সৈতে হৰিচৰণৰ প্ৰবেশ )।

হৰি—বিমল, বিমল!—পাৰুল আছানে?

বিমলা— (ভিতৰৰ পৰা ওলাই আহি) আছোঁ নাথ, আহাঁ। “আমি সাৰাদিন হেথা, ৰহিব বসিয়া, তব পথ-পানে চাহিয়ে” হৈ আছোঁ। (কনিষ্টবলক দেখি উচাপ খাই উঠি) ঔ আই! এইটো কি! ( খঙেৰে) ভাগ, ইয়াৰ পৰা, নহ'লে লগাই দেঙ্গা মৈদাৰ ঘা।

কনিষ্টবল—চুপ্। এইচা বদমাচী আউৰত হাম কভি নাহি দেখা। (আঙ্গুলি জোকাৰি) ফেৰ এচা বাত কহেগা ত তোম্‌কোভি পাকড়্ লে যায়েগা।

বিমলা—নাথ, মোৰ আগতে ই কটা কুকুৰে মোক ইন্‌চেল কৰিলে—“তুমি চাই থাকিলা। 'অসহ্য, অসহ্য; কিহে মোৰ হৃদয়ৰ জুই নুমুৱাব। হায় বসুমতী, ফাট্ দিয়া পতালে লুকাওঁ।