হৰি—মই দিমেই—এশবাৰ দিম। যাৰ গান শুনি মোৰ “হৃদয়ৰ তলি ফুটি, হুমুনীয়া এটি উঠি, লাহে লাহে হামিত মিলায়” তাক যথাসৰ্ব্বস্ব দিম। পিতাৰ কিয়, চৌধ-পুৰুষৰ আঙ্গঠীও দিম।
দিবা—মাফ কৰিব ডাঙৰীয়া, চৌধ-পুৰুষৰ উপৰি চৌধ পুৰুষো আপোনাৰ বদান্যতা-গুণত উদ্ধাৰ পাব যেন হে দেখিছোঁ।
(এটা জমাদাৰ ও এটা কনিষ্টবলৰ প্ৰবেশ)।
জগন্নাথ—Hallo ভায়া লাল-পাগ্ড়ী, আও, আও, বৈঠ। এক ঢোক মাল খাওনা।
কনিষ্টবল—চোপ্ ৰাও। মাতোৱালা হ'কে একদম মেজাজ বিগড় গেয়া হায়, চুপ্ ।
জগন্নাথ—ঔ আই, এইটোৰ দেখোঁ মিজাজ দেখিয়েই ভয় লাগে!
জমাদাৰ—হৰিচৰণ বাবু কোন?
হৰি—মই। কেলেই?
জমাদাৰ—তোমাৰ নামেৰে এখন গ্ৰেপ্তাৰী পৰনা আছে— তোমাক গ্ৰেপ্তাৰ কৰিবলৈ আহিছেোঁ ৷
হৰি—কেলেই, অপৰাধ বা কি?
জমা—সুবল নামেৰে এটা মানুহৰ মূৰৰ খোলা ভঙ্গা বাবে।
হৰি—আতি যাও। হামলোক মৌজমে হায়।
কনিষ্টবল—আৰে এচা বুৰবক্ আদ্মিতো হাম কভি দেখা হয় নেই। হুজুৰ, ইস্কো পাক্ড়েগা?