পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৫০ ]

 

কুৱা হয় মোৰ দুৰ্ভাগ্যৰ ফল। মই আগেয়ে একো জনা নাছিলোঁ, এতিয়া সকলো কথা শুনিছোঁ।

(বোৱাৰীয়েকৰ হাতত ধৰি হৰিৰ হাতত লগাই দি)

এনে এটি দেৱকন্যা ঘৰত থাকোঁতে তই কেলেই এনেকৈ ফুৰ। এইটি হিন্দুৰ ঘৰৰ বোৱাৰী; এইটি সীতা, সাবিত্ৰীব আদৰ্শ লৈ ডাঙৰ হোৱা ছোৱালী, এইটি এটি মহাৰত্ন। বাপেক-মাকে এবাৰ তোক সঁপি দিছিল, আজি আকৌ মই তোক হাতে-হাতে সপিলোঁ। নিশ্চয় জানিবি এইটিক যদি তই অনাদৰ কৰ, তোৰ কোনো কালে কল্যাণ মাই। সংসাৰৰ ক'ত—কোন দেশত এনে ৰত্ন ওপজে ক’ব পাৰনে? হতভাগ্য হিন্দুৰ দেশত যদি এতিয়াও কিবা ভাল, কিৱা পৱিত্ৰ, কিবা সুন্দৰ আছে তেন্তে হিন্দু ধৰ্ম্মনিষ্ঠা “ গৃহলক্ষী ”!

হৰি—আই, আপোনাৰ পবিত্ৰ চৰণত ধৰি শপত খাইছোঁ, মই আজিৰ পৰা সকলো কু-অভ্যাস এৰিলোঁ। আপোনাৰ আজ্ঞা শিৰোধাৰ্য্য। যদি মই আপোনাৰ বাক্য কেই- আষাৰ পালন নকৰো মোৰ অনন্ত নৰকত বাস হ'ব।

হ' মা'—বিপদৰ বন্ধু তোৰ পিতৃতুল্য সেইজনক প্ৰণাম কৰি ক্ষমা খোজ। মোৰ আগতে তেখেতক তই বহুত কু-বচন বুলিছ।