পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৭ ]

 

বিম—ওঁ, কাক তই ইনচাল্ কৰ?

হীৰা—গোলমালটো ভালকৈয়ে লাগিল, আমি ইমানতে পৃষ্ঠ-ভঙ্গ দিওঁ।

(প্ৰস্থান)।

সুবল— তোমাৰ আগতে তোমাৰ ৰক্ষিতা বজাৰৰ বেশ্যাজনীক গালি পাৰিছোঁ insult কি হে? তাইৰ আকৌ insult কি? আকৌ গোলমাল কৰিলে টঙ্গনিয়াম।

হৰি—কি মোৰ আগত মোৰ প্ৰাণপ্ৰিয়তমা lady ক insult! নিকাল চুঁৱৰ।

সুবল—তোমাৰ প্ৰাণপ্ৰিয়তমা lady হে হয়। গুছ দুয়ো ইয়াৰ পৰা, নহলে বেয়া হব।

(হৰিচৰণে হাতৰ লাঠীৰে সুবলক কোবাই বগৰাই দিয়ে)।

হৰি—“So lie, cowards.” বলাঁ প্ৰিয়ে বলাঁ আমি যাওঁ।

(প্ৰস্থান)।

⸺•⸺


পঞ্চম দৃশ্য।

আলিবাট।

(প্ৰভাকৰ)৷

প্ৰভা—কি দুখৰ কথা, কি হথ কথা, মোৰ মৰমৰ বন্ধু সোমেশ্বৰৰ পুতেক হৰিচৰণৰ আজি কি দুৰ্দ্দশা ! লৰা