পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২০ ]

 

প্ৰভা—কি? ঘৰত দেখোন অতি ধুনীয়া, অতি সচ্চৰিত্ৰা বোৱাৰী আছে?

হৰি—আছে হয়; কিন্তু মূৰ্খ, illiterate, incapable of emotion; ভালপোৱা কাক বোলে নেজানে। কিবা কেন্‌কেনাই থাকে মাথোন।

প্ৰভা— (স্বগতঃ) ইয়াৰ মগজু একেবাৰে বিকৃত হৈ গৈছে। (প্ৰকাশ্যে) বাৰু এতিয়া যাওঁ, এইদৰে বাটে ২ মদ খাই মতলীয়া হৈ নুফুৰিবি। এই ৰকমে নো বাপেৰ-ককাৰৰ নাম নুমাব খুজিছনে?

(প্ৰস্থান)।

হৰি—old fool, tom fool, কি বুজিবা তুমি প্ৰেম কি বস্তু। বাহিৰেও বুঢ়া, ভিতৰেও শুকান, জেওৰা-খৰি যেন ৰসহীন। এক পেগ্ whisky থাই চালাহেঁতেন তেহে। (যাবলৈ ওলায়)।

দিবাকৰ—হেৰি বাবু, হেৰি বাবু, অপোনাৰ প্ৰেমৰ খুন্দাত মই ভাগ্যেহে এই খিনিপৰ কোনোমতে থিয় দি আছোঁ । পিছে প্ৰণয়ৰ প্ৰতিদানটি নো কেনি বিচাৰি যায়? শুঁৰীখানাত নে কত?

হৰি—কি আপদ,-শুড়ীখানত নো প্ৰণয়ৰ প্ৰতিদান পায়নে? তাত প্ৰণয় বাঢ়েহে বুজিছা? তাৰ পাচত প্ৰতিদান। প্ৰতিদান পাৰুলৰ ঘৰত। (স্বগতঃ )