পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৫৩]

নানান্‌ চিন্তাত মানুহ এনেয়ে পাগল, তাতে আকৌ মদ পেটত পৰিলে পাগলামিৰ সীমা নেথাকে। লগে লগে দুৰ্দ্দশাৰো সীমা নাইকিয়া হয়। হতভাগ্য হিন্দুস্থানখন এই মদ, কানি ইত্যাদি নিচাই একেবাৰে সৰ্ব্বনাশ কৰিলে। হে প্ৰভু, মোৰ নিচিনা হতভাগা পাপীবিলাকক উদ্ধাৰ কৰাঁ। দুৰ্কপলীয়া হিন্দুজাতিকো ইয়াতে কওঁ যেন তিৰোতাবিলাকৰ প্ৰতি শ্ৰদ্ধাপৰ হয়। যদি এই পতিত জাতিৰ কেতিয়াবা উদ্ধাৰ হয় তেন্তে সি কেৱল এই ধৰ্ম্মপ্ৰাণা, পতিব্ৰতা, তেজস্বিনী “গৃহলক্ষ্মী” সকলৰ পৰা!