পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩৮ ]

এতিয়া যদি এহেজাৰ ৰূপ দি সম্প্ৰতি তোমালোকে মোক উদ্ধাৰ নকৰাহঁক, তেন্তে মোৰ আৰু নিস্তাৰ নাই। তোমালোকৰ বিপদত মই সহায় কৰিছিলোঁ, এতিয়া মোৰ বিপদত সহায় কৰাহঁক।

জগ—বন্ধু, তোমাৰ কথাষাৰ শুনি বৰ বেজাৰ পালোঁ। টকানো মই ক’ত পাম? এহেজাৰহে নালাগে এটকাও নাই। তুমি কি কোৱাঁ, ভাই ধনেশ্বৰ?

ধনেশ্বৰ—অৱশ্যে, অৱশ্যে, মোৰো সেই কথা।

হৰি—মোৰ অতবোৰ টকা তোমালাকে নিছা, এতিয়া বিপদত এহেজাৰকে দি সহায় কৰাহঁক।

জগ—ভাই হৰিচৰণ! তোমাৰ অৱস্থা দেখি মোৰ বুকুত শোকে খুন্দিয়া-খুন্দি কৰিব লাগিছে। তোমাৰ দুখত মোৰ প্ৰাণৰ মাজে দি এটা ধুমুহা বৈ গৈছে; কি কৰিম ভাই? “বিপদি ধৈৰ্যম্,” বিপদত ধৈৰ্য্য ধৰাঁ। ফাটকত থাকোঁতেও যেন অলপো অধীৰ নোহোৱাঁ। মই এতিয়া আহোঁ হে, বৰ জৰুৰী কাম আছে। My wishes be with you. Good luck! (প্ৰস্থান)।

ধনে—(কান্দি কান্দি) মোৰ নো হৰি ভায়াৰ কপালত এইহে আছিল। 'অসাৰ সংসাৰ, বল কেবা কাৰ, দাৰা, সুত, বাপ, মা।' ভাই হৰি, সংসাৰ অসাৰ বুলি জানি মন ডাঠ কৰি থাকিবা। যোৱাঁ এতিয়া। Good morning. (ভিতৰলৈ সোমাই যায়)।