পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৪৯ ]

 

যিবিলাক ঠাট্টা সজভাবেৰে কৰিছিলা, মই বুজিব নোৱাৰিছিলোঁ; এতিয়া বঢ়িয়াকৈ বুজিছোঁ। মোৰ অতীত জীবন এটি দুঃস্বপ্ন, এটি ঘোৰ বিভীষিকা। টকা-কড়ি গ’ল হয় কিন্তু জীৱনত বেচ, শিক্ষা হ'ল। আৰু সেই শিক্ষাৰ ফলত আজি নতুন জনম লাভ কৰিলোঁ। তুমি যে মোৰ প্ৰকৃত হিতাকাঙ্ক্ষী মই এতিয়াহে বুজিছোঁ।

প্ৰভা—নাই আৰু আগৰ হৰিচৰণ নাই। এতিয়া ইয়াৰ সম্পূৰ্ণ পৰিবৰ্ত্তন হৈ গৈছে। লাজ খাকিলে আৰু তেনে কৰিব নেপায়।

দিবা—শুনি বৰ সন্তোষ পালোঁ। ডাঙৰ মানুহৰ ল'ৰা, এনেখন বলিয়ালি তোমাৰ শোভা নাপায়। টকা- কড়িৰ বাবে একো দুখ কৰিব নালাগে। যিখিনি সম্পত্তি আছে এতিয়াও ভালকৈ চলালে-কৰালে আকৌ টকা হ'ব।

(গোলাপী ও হৰিচৰণৰ মাকৰ প্ৰবেশ।

হৰিচৰণে মাকক প্ৰণাম কৰে)।

হ' মা'—(কান্দি কান্দি) হৰি, দুখুনী বুঢ়ী মাৰৰ মনত যেন এনে দুখ আগলৈ আৰু নিদিয়। মোক মৰিবৰ দিনত সুখেৰে মৰিবলৈ দে। দুবেলা ঈশ্বৰৰ নাম লৈ তহঁ তকে আশীৰ্ব্বাদ কৰি থাকোঁ—এনে স্থলত যে এনে-