শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ বেটুপাত ]
শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ (page 1 crop).jpg

শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ।

 

কবি সুচণ্ডাই ৰচিত—

 

শ্ৰীৰতিৰাম দত্ত
আৰু
শ্ৰীজনাৰাম দাসৰ দ্বাৰা
সংগৃহীত ও প্ৰকাশিত

প্ৰথম তাঙ্গৰণ

১৩৩৫ চন

[ প্ৰথম পৃষ্ঠা ]
শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ (page 3 crop).jpg

শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ।

 

কবি সুচণ্ডাই ৰচিত—

 

শ্ৰীৰতিৰাম দত্ত
আৰু
শ্ৰীজনাৰাম দাসৰ দ্বাৰা
সংগৃহীত ও প্ৰকাশিত

* প্ৰথম তাঙ্গৰণ *


প্ৰিণ্টাৰ—শ্ৰীশশীধৰ দত্ত;
বান্ধৱ প্ৰেছ, নলবাড়ী।

মূল্য ৷৷

[ পাতনি ] জোকাৰিলে নদী বয়।” এই জনশ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰিযে ৰাইজৰ পৰা যথেষ্ট সুহানুভূতি পাম বুলি আশা ৰাখিলোঁ। লগতে হয়াকো উনুকীয়াওঁ যে, মোৰ লিখিত “শঙ্কৰ দেৱৰ সংক্ষিপ্ত জীৱন চৰিত আৰু দামোদৰ দেৱৰ চমু জীৱনী” বুলা কিতাপ দুখনি, মহামান্য স্কুল সমূহৰ ডাইৰেক্টৰ মহোদয়ৰ অনুগ্ৰহত প্ৰাইজ আৰু লাইব্ৰেৰী লিষ্ট ভুক্ত হোৱাত উৎসাহিত হৈ ইযো তেখেতসবৰ অনুগ্ৰহত প্ৰাইজ লিষ্ট ভুক্ত হব বুলি আশা ৰাখিলোঁ। ইতি—
পাপৰিঘাট এম, ই, স্কুল।

মাঘ বিহু, ১৮৭৯ শঁক।
ইং ১৪।১২।২৭

}   ৰতি ৰাম দত্ত।

পাতনি।

 এই পুথিৰ লিখক চপৰাৰ সুচাণ্ড কবি। তেওঁ জাতত সূৰ্য্য বিপ্ৰ। মঙ্গলদৈ ৰজা হাউলা পশ্চিমে চপৰা গাৱঁত কৰি কৰা চুপা বুলি এখনি গাওঁ আছে। এই কৰি কৰা চুপাই কবিৰ জন্ম স্থান [ পাতনি ]

 এই পুথিৰ নায়ক শিয়ালা বৈষ্ণব। তেওঁৰ আচল নাম সম্বৎসৰ। শিয়ালে তাৰ গাতত এবছৰ পালিছিল বুলিয়ে পিতাকে তেওঁৰ সেই নামকে দিছিল; কিন্তু সৰ্ব্বসাধাৰণে শিয়ালা বৈষ্ণৱ বুলিহে জানিছিল। সম্বৎসৰৰ পিতা ধম্মদেব গোস্বামী জাতত ব্ৰাহ্মণ আছিল। এওঁ ভূঞা বংশৰ এজন বৰ ভূঞাঁ আছিল। মঙ্গলদৈৰ বৰ দৌলৰ ওচৰত থকা বৰাবাৰী গাঁৱত এওঁৰ পূৰ্ব্ব বসতি আছিল। মঙ্গলদৈত দৌলৎসব বুলি বহাগত যি উৎসব হয় তাক স্থাপন কৰ্ত্তা তেওঁৱে বুলি লোকে কয়। বৰদৌল এওঁৱে স্থাপন কৰা দৌল। পাথৰি ঘাটৰ পূবে দাহিৰ ওচৰত যি এটা প্ৰকাণ্ড পুখুৰীৰ চিন আজিও আছে, সেইটি এওঁৱে খণ্ডোৱা বুলি এই পুথিত উল্লেখ আছে। এই পুখুৰী খণ্ডা কাৰ্য্য সমাপন হোৱা সময়ত কোচ ৰজা বিশ্ব সিংহই মঙ্গলদৈ অধিকাৰ কৰাত, এওঁ ভূঞাঁ পদবীৰপৰা বঞ্চিত হোৱা বাবে উত্তৰ মুখে গৈ জলজলিৰ উত্তৰ পশ্চিম কোণে চৰণ ধৰাৰ ওচৰত বসতি কৰে গৈ। ইয়াতেই ধৰ্ম্ম দেৱৰ ভৃত্য গৰেইৰ মৃত্যু হয়। গৰেই যিটো গড়ত মৰিছিল সেই গড়ৰ নাম আজিও গৰেইমাৰা নামে জনাযাত। ইয়াতেই মহাপুৰুষ সম্বৎসৰৰ জন্ম হয়, আৰু সতিয়া মাকৰ কুচক্ৰন্তত [ পাতনি ]

পৰি বেজেনীহতে পেলাই দিয়াত শিয়ালীয়ে গাতলৈ নি পালন কৰে। এবছৰ মূৰত পিতেক দেশ পৰ্য্যতন কৰি আহি বৈষ্ণৱক নি পালন কৰে৷

 শিয়ালা বৈষ্ণৱৰ গতি মানসিক আৰু ঐশ্বৰিক কাৰ্য্য ভালেমানৰো কথা উল্লেখ আচে আৰু লগে ২ সেই সময়ৰ ঐতিহাসিক আৰু ভৌগলিক জ্ঞানো ইয়াত যঠেষ্ট পৰিমাণে পোৱা যায়।

 মহাপুৰুষৰ ঐশ্বৰিক কাৰ্য্যৰ বাতৰি পাই, বিজনীৰ ৰজা ৰঘুদেৱে বৈষ্ণৱক নিবলৈ বুলি মানুহ পঠায়। যাওঁতে বাটত মহাপুৰুষে বহুতে অলৌকিক কাৰ্য্য দেখুৱাইছিল। তাৰ ভিতৰত অগাধ দ দৰিকাজানী নৈ নুমি পাৰ হোৱা আৰু ৰজাৰ ৰাজ নগৰৰ ওচৰৰ সত্ৰত, গোসাঁই মণ্ডপৰ ওচৰত পৰি থকা এমুঠি গাজি চাউল সিজাই সেই অন্নেৰে ষোলজন মানুহৰ ক্ষুধা নিবৃত্তি কৰাই প্ৰধান।

 এই দৰিকাজানী নৈ বৰ্ত্তমান নাই। কামৰূপৰ নলবাডীৰ মাজত ঠায়ে ঠায়ে যি এটি মৰা নদীৰ চিন আছে, সেই টিৰে পূৰ্ব্ব নাম দৰিকাজানী আছিল। এই দৰিকাজানীৰ এক সোতা নতুনকৈ বোৱাত তাৰ নাম নোৱা নৈ হয়। এই নোৱা নৈৰ চিন, নলবাৰীৰ ঠায়ে ঠায়ে আছে। ইয়াত যিটি সত্ৰত তেওঁক সিধাপাতি কোনেও নিদিয়াত চাউল প্ৰসা[ পাতনি ]

দকে সিদ্ধ কৰি খোৱা কথা কৈছে। সেই সত্ৰ কোনটি তাৰ গম ধৰা টান। এক হিচাবে বৰ- পেটা বুলি ধৰিব পাৰি; কিন্তু সেই সময়ত মাধৱদেৱ জীবিত। এনে আদৰ্শ সত্ৰাধিকাৰ থাকোতে আলহিক সোধ পোচ নকৰা কথাটো অসম্ভৱ।

 বিজনীৰ ৰজা ৰঘুদেৱ মহাপুৰুষৰ ঐশ্বৰিক শক্তি দেখি, তবধ মানি, হাতী এটাই চাৰিহদে পৰ পৰ হিচাবে এদিনত যিমানখিনি ঠাই ঘূৰিব পাৰে মঙ্গলদৈ এলাকাৰ সিমানখিনি ঠাই, মহাপুৰুষক নিষ্কৰকৈ দিবৰ মনেৰে মহাপুৰুষেৰে সৈতে হাতী আৰু মাহুত পঠায় দিয়ে। মাহুত আহি ৰাতি বৰ নদীৰ পাৰত থাকি পুৱাই হাতীত উঠে, মহাপুৰুষ লগে লগে ঘোঁৰাৰে যায়। বেলা এপৰমান হোৱাত তেওঁলোকে গৈ পাটি দৰং পায় তাত খুটি এটা মাৰে। সেই খুটি বৰ্ত্তমানো আছে বুলি লোকে কয়। তাৰপৰা তেওঁলোকে উত্তৰমুখে গৈ কালে গাৱঁৰ ওচৰত থকা দ্বিগজ নদী পায়। ইয়াতে এটা খুটি মাৰি বেলা দুপৰ হোৱা বাবে মাহুতে হাতীক গা ধুৱায়। গা ধুওৱা চলেৰে বেলা খেদোৱা দেখি, বৈষ্ণৱে মাহুতক শাপি ভষ্ম কৰে। এই মাহুত ( দ্বিপদী) আৰু গজ মৰা দেখিয়ে নদীৰ নাম দ্বিগজ হয়। [ পাতনি ]

 এই ঘটনাৰ কিছুদিনৰ পিচত এজন আলৰ বুঢ়া আহি তেওঁৰ দুখৰ কথা কয়। বুঢ়াৰ হেনো পুতেক সাতোটা আছিল কিন্তু সিহঁত ভিন ভিন হৈ কোনেও বুঢ়াক পালন নকৰা হৈছে। এই ঘটনাত মহাপুৰুষে তেওঁৰ বংশত যাতে এটাৰ বেছি পুত্ৰ সন্তান নহয় তাৰ অৰ্থে হৰি মণ্ডিৰত গৈ প্ৰাৰ্থনা কৰে।

 ইয়াৰ কিছুদিন পিচতে তেওঁলোকৰ কাষেৰে বৈ যোৱা নৈৰে বেপাৰ কৰিবলৈ কিছুমান পশ্চিমীয়া বেপাৰী আহি ঘাটত নাৱ বান্ধে। মহাপুৰুষৰ ঘৈনীয়েক পানী আনিবলৈ ঘাটলৈ গৈছিল। নাৱ ঘাট আগুৰি থকা বাবে, পানী অনা সুবিধা জনক ঘাট বিচাৰি ঘূৰি ফুৰোতে পানী লৈ অহাত তেওঁ পলম হল। মহাপুৰুষে পানী অনাত পলম হোৱা দেখি, কাৰণ সুধি সদাগৰহঁতেই যে ইয়াৰ বাবে দায়ী তাক বুজিব পাৰি সিহঁতক শাপ দিয়ে। তাৰ ফলত হেনো, সাদাগৰ, নাৱ মালবস্তু আৰু যাবতীয় নাৱৰীয়া পানীত দুবি যায় নাৱ বান্ধা লোৰ শিকলি আদি হেনো বহু দিনলৈকে গছত বান্ধা অৱস্থাতে সৰ্ব্বসাধাৰণে দেখা কৈয়ে আছিল। এতিয়া অলপ দিনৰ পৰা

নেদেখা হৈছে। তেতিয়াৰপৰা সেই ঠাইৰ নাম [ পাতনি ]

(৷৶৹)

“দেওমৰণে” হয়। মানুহৰ মুখে প্ৰচলিত আছে যে, মহাপুৰুষৰ বংস লোপ হলেই “দেওমৰণে” মুকুতি লভিব; আৰু এই বাবেই মানুহে কয় যে, তেওঁৰ বংশ এতিয়াও লোপ হোৱা নাই, কৰবাত আছে। কিন্তু এই পুথিত তাৰ কোনো উল্লেখ নাই।

 মহাপুৰুষৰ বস্তিটো বৰ্ত্তমান এখন ঝাৰনীহৈ আছে। শুনিবলৈ পোৱা যায় যে, তাত সুমথিৰা টেঙাৰ গছ, হালধি, আদা, গছআলু, জলকীয়া আদি বিস্তৰ পৰিমাণে আছিল আৰু মানুহে তাক তাত গৈ খাবলৈ পাৰিছিল, কিন্তু কোনোবাই কিবা ঘৰলৈ নিলে হেনো তেজে বতিয়াই মৰে। এই বিলাক কাৰণেই বৰ্তমান সেই ঝাৰনীলৈ কোনো নাযায় আৰু তাত কি আছে কি নাই কবলৈ পাৰা নাযায়।

 বৈষ্ণবৰ বংশাৱলী পুথিত তলত লিখা ধৰণে আছে। এওঁৰ বংশৰ কোনোবা বৰ্ত্তমান সময়ত আছেনে নাই তাৰ সবিশেষ বিবৰণ পোৱা নাযায়। বহুতে কামৰূপৰ বৰভাগ অঞ্চলত এটি বুঢ়ী বুলি কয়; কিন্তু তাৰ সঠিক বাতৰি কোনেও দিব নোৱাৰে। বৈষ্ণৱৰ শেষ পুৰুষ মাধৱদেৱে ভাঠি দৰঙ্গত বিবাহ কৰোৱা বুলি উল্লেখ আছে। এই ভাঠিদৰং বোধকৰো কামৰূপৰ বৰভাগ অঞ্চলত থকা পাটিদৰঙকে বুজাইছে, যেহেতু বৈষ্ণৱৰ বংশৰ বুঢ়ী এজনী বৰ [ পাতনি ] ভগত থকা বুলি মানুহে কোৱা কথাটোও তেতিয়া মিলি যায়। যাহোক কোনোবাই যদি তাৰ কিবা শুংসূত্ৰ পায়, আমাক জনালে ভবিষ্যতে আমি তাক সাদৰেৰে এই কিতাপত ঠাই দিম।

বৈষ্ণৱৰ পুৰুষী নামা ⵓ—

আদি পুৰুষ—   ধম্মদেৱ


সম্বৎসৰ

পৰমানন্দ

কৃষ্ণানন্দ

উমানন্দ

মহাদেৱ

নাৰায়ণদেৱ বা ডেকা গোঁসাই

শুকদেৱ

কামদেৱ

মাধৱদেৱ বা পদ্মনাভ

শিমলীয়া, বেলশৰ।
মাঘৰ বিহু।
ইঃ ১৪।১২।২৭

}   ৰতিৰাম দত্ত।
[ উছৰ্গা ]

উছৰ্গা।

পৰম পূজনীয়া শ্ৰীযুক্তা পূৰ্ণিমাপ্ৰিয়া দেব্যা
   মাতাৰ কৰকমলত।

মৰমৰ আই।

 মই তোমাৰ অতি আদৰৰ কোলাৰ সন্তান। মোৰ কপালৰ গুণত জন্মদাতা পিতা অকালতে স্বৰ্গী হোৱা বাবে মই পিতাৰ আদৰ সাদৰ কেনে তাৰ গম ধৰিবলৈ নোৱাৰিলোঁ; কিন্তু তুমিয়ে মোক সময়ত পিতাৰ আৰু সময়ত মাতাৰ আদৰ দানে, পিতৃ অভাব দুঃখ অনুভৱ কৰিব নোৱাৰাকৈ ৰাখিছা। সেয়েহে আজিও মই ভোজনত দুঃখ কেনে আৰু সংসাৰৰ লেঠা কেনে তাক ভাবিবগীয়া হোৱা নাই। তোমাৰ হাতত দিম এনে কোনো বস্তু অভাজনে আৰ্জ্জিবলৈ পৰা নাই; সেয়েহে আনৰ আৰ্জ্জিত এই পুথিখনি সংগ্ৰহ কৰি আনি তোমাৰ হাতত অৰ্পন কৰিলোঁ। আশা কৰোঁ তুমি ইয়াক সাদৰেৰে গ্ৰহণ কৰি শুভাশীৰ্ব্বাদ দিবা। ইতি-

মাঘৰ বিহু,
শিমলীয়া।
১৮৪৯ শঁক।
তোমাৰ আশীৰ্ব্বাদ ভিখাৰী
শ্ৰীৰতি ৰাম দত্ত।
 
[  ]

শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ।

পদ।

জয় নমো কৃষ্ণ দেৱ প্ৰভু ভগৱন্ত।
কোটীবাৰ প্ৰণামোহো তযু চৰণত॥
তাত পাছে শঙ্কৰৰ চৰণ বন্দোহো।
শিয়ালা বৈষ্ণৱৰ মই কথাক ৰচোহো॥১
নজানো মিনতি মই মহা মূঢ়মতি।
তোমাৰ চৰণে যেন থাকে মোৰ ৰতি॥
পাখা অনুৰূপে পক্ষী উৰিবে পাৰয়।
মোৰ ৰচনাও প্ৰভূ জানা সেহি নয়॥২
এতেকে মোহৰ দোষ ক্ষমিয়োক হৰি।
তযু ভকতৰ গুণ বৰ্ণাইবো যত্ন কৰি॥
শুনা সৰ্বজন কীৰ্ত্তি মহন্ত জনৰ।
যাৰ তেজ ভক্তি ধৰ্ম্ম প্ৰকাশে বিস্তৰ॥৩
কামৰূপ অন্তৰ্গত দৰঙ্গ ৰাজ্যত।
আছিলে বৰ ভূঞাঁ বিপ্ৰৰ মধ্যত॥
বাঢ়য় ভূঞাঁৰ মধ্যে ভূঞাঁ শ্ৰেষ্ঠতৰ।
নানা ধৰ্ম্ম কৰ্ম্ম কাৰ্য্য কৰিছে বিস্তৰ॥৪

[  ]

প্ৰথমে আছিলা ঘৰ ভাটি দৰঙ্গত।
বৰাবাৰী নামে গ্ৰাম প্ৰসিদ্ধ লোকত॥
তাতে এক দেৱ গৃহ বান্ধিলা ডাঙ্গৰ।
পাতিলেক সত্ৰ তাত অতি মনোহৰ॥৫
ভকতসকলে কীৰ্ত্তনীয়া নাম দিলা৷
তিনিও প্ৰসঙ্গে বহি ভক্তি আচৰিল॥
প্ৰভাত মধ্যাহ্ন আৰু সায়হ্ন সন্ধ্যাত।
কীৰ্ত্তন কৰন্ত তাত ই তিনি সন্ধ্যাত॥৬
তাহাৰ ঈশানে এক দৌলক বান্ধিলা।
বৰ দৌল নাম হৈ অদ্যাপিয়ো ৰৈলা॥
দৰঙ্গ মধ্যত যাত মহোৎসব আতি।
অদ্যাপিয়ো আছে যাৰ হেনয় কাৰিতি॥৭
বসন্ত কালত যাৰ দৃশ্য মনোহৰ।
যি দৃশ্যৰ মোহে প্ৰজা আহিলা বিস্তৰ॥
বহাগ মাহৰ যেবে এক দিন গৈলা।
অসংখ্যাত বাদ্য-ভণ্ড উৎসব মিলিলা॥৮
এহিদিনা বিপ্ৰবৰে সভা পাতিলন্ত।
প্ৰাতঃ কালত কৃত্য কৰ্ম্ম কৰিলন্ত॥
যেবে দিবসৰ পাছে এই ঘটি গৈলা।
তাত পৰে বৰ ভূঞাঁ দৌলক আহিলা॥৯
লৰিলা লগত বিপ্ৰ সন্ত মহাজন।
আম ডালি সবে ঘণ্টা লৈলা নাৰীগণ॥

[  ]

আনো যত দ্ৰব্য মানে পালিগণে লৈলা।
ৰং-ধেমালি কৰি সবে আনন্দে লৰিলা॥ ১০
দেউৰী, পূজাৰী আৰু কীৰ্ত্তনীয়াগণ।
ফল ফুল লৈয়া যায় দেখিতে শোভন॥
মহা চন্দ্ৰ তাপ লৈলা চামৰ সহিতে।
আগে পাছে প্ৰজাগণ চলে আনন্দেতে॥ ১১
লৈলেক মগৰ এক দেখিতে সুন্দৰ।
মুখত আছয় মৎস্য অতি মনোহৰ॥
এহিৰূপে দ্ৰব্য লৈলা ভাল ভাল চাই।
কতো বেলি পৰে ভূঁঞাই দৌল পাইলা গই॥১২
দৌলখানি শুক্ল বৰ্ণ কৰিয়া লিপিলা।
গঙ্গাৰ মৃতিকা জল তৈতে মিশ্ৰ দিলা॥
যেন শুক্ল মঠগোট দেখিতে সুন্দৰ।
নাহি তেন ৰূপ দৌল দৰঙ্গ ভিতৰ॥১৩
তান পাছে দৌলত মগৰ তুলি দিলা।
চাৰিও কোণত কলপুলিক পুতিলা॥
ঘট গছা ধূপ দ্বীপ দিল আমডালি।
ঠোক ভৰি কল গছ আছে হালি-জালি॥ ১৪
ফুলসমে বৃক্ষ যত ৰুইলা শাৰী শাৰী।
চাৰিও কাষৰে দ্ৰব্য থৈলা আৰি আৰি॥
সিন্দুৰে মণ্ডিত কৰি মণ্ডপ সাজিলা।
মধ্যে তণ্ডুল গুৰি দিয়া বিচিত্ৰ কৰিলা॥ ১৫

[  ]

এহিমতে দ্ৰব্য সব থৈলা স্তৰে স্তৰ।
তুলিলা গোসাই পাছে বিপ্ৰ জয়ধৰ॥
প্ৰদক্ষিণ কৰি স্তুতি কৰিলা বিস্তৰ।
লৈলা সিংহাসন তুলি মাথাৰ উপৰ॥১৬
আগ হুয়া যান্ত ভূঁঞা চামৰ ধুলাই।
সিংহাসনে তুলি নেন্ত ঈশ্বৰ গোসাঁই॥
প্ৰতি থাকে সাতবাৰ ঘূৰিয়া উঠন্ত।
অসংখ্য পালিয়ে তান নাম গুণ গান্ত॥১৭
এহিমতে ঘূৰি গৈয়া উপৰক পাইলা।
হৰি-ধ্বনি কৰি পাছে গোঁসাই নমাইলা॥
কৰিলেক পূজা তৈতে বিবিধ সম্ভাৰে।
নামিলা দৌলৰপৰা ভূঞাঁ তাত পৰে॥১৮
এহিমতে বিপ্ৰবৰে পূজাক পাতিলা৷
তাত পৰে মহা হোম যজ্ঞ আৰম্ভিলা॥
বেদ নিধি বিপ্ৰ সবে বিধি হাতে ধৰি।
কৰাৱন্ত হোম পাঠ মহা ৰঙ্গ কৰি॥ ১৯
পূজা বলি সমাপণে বেলি ভাটি দিলা।
তাত পাছে কীৰ্ত্তনীয়াগণ তুলি দিলা॥
যেবে কীৰ্ত্তনীয়াগণে কীৰ্ত্তন কৰন্ত।
বাঢ়িল উৎসৱ তৈতে কহি নাপাই অন্ত॥ ২০
চাৰিও দিশৰ প্ৰজা একত্ৰিত ভৈলা।
সেহি দৌল ওচৰত সভাপাতি ৰৈলা॥

[  ]

প্ৰজাৰ ঘঞ্চালে মাত নুশুনি থিতৰ।
বাদ্যৰ শবদে তাল মাৰিলা কৰ্ণৰ॥২১
মহা কোলাহল চানি গৈলা দশোদিশ।
দেখিয়া ভূঁঞাৰ মনে মিলিলা হৰিষ॥
এহিমতে সভাখন দিনান্তে আছিলা।
গধূলিকা সভা ভঙ্গি প্ৰজা ঘৰে গৈলা॥ ২২
প্ৰজাগণ চলি যেবে ঘৰাঘৰি গৈলা।
তেবে বৰ ভূঁঞাই আসি গোসাঁই নমাইলা॥
সোৱঁৰি ফুৰাইয়া পাছে শোভা বিসৰ্জ্জিলা।
দান দক্ষিণা কৰি পাছে গৃহে চলি গৈলা॥ ২৩
আত অনন্তৰে শুনিয়োক সৰ্ব্বনৰ।
যি কাৰণে পোৰা সত্ৰ নাম ভৈলা তাৰ॥
তাহাৰ কাৰণ কিছু শুনাহা সম্প্ৰতি।
একদিন ভূঞা বহি আছে সভা পাতি॥ ২৪
সেহি সভাস্থলে এক সন্ন্যাসী আহিলা।
ভূঁঞা দেখিয়া সিটো থিয় দিয়া ৰৈলা॥
ভূঁঞা বোলে কৈৰ তুমি কহিয়ো সত্তৰ।
হাতে কমণ্ডলু দেখো চিহ্ন সন্ন্যাসীৰ॥২৫
কিবা গৰু মানুহৰু মাৰহ কোবাই।
কমণ্ডলু ধৰি ফুৰ লোকক দেখাই।
সন্ন্যাস ধৰ্ম্মৰ তোৰ দেখাও প্ৰত্যয়।
যাতে সন্ন্যাসৰ মই পাওঁ পৰিচয়॥২৬

[  ]

হেনশুনি সন্যাসীৰ ক্ৰোধ উপজিলা।
কান্ধ হন্তে ঝুলীখনি মাটিত ৰাখিলা॥
চেলাক বোলয় জল আনিও সত্বৰ।
মোহোৰ শকতি দেখাও চাওক নিৰন্তৰ॥ ২৭
হেন শুনি চেলা গোটে জল আনি দিলা৷
জল লৈয়া সন্ন্যাসীয়ে মন্ত্ৰক জপিলা॥
মন্ত্ৰ পঢ়ি জলাঞ্জলী চিতা মাৰিলন্ত।
বনে পৰি অগ্নি হৈয়া পুৰিয়া গৈলন্ত॥২৮
দেখি সামৰাজে পাছে বিষ্ময় ভৈলন্ত।
ভূঞাঁ বোলে ইটো একো নহয় অদভুত॥
ইটো সন্যাসীৰ মই পাইলোহো আসয়।
জলক অগনি কৰা আচৰিত নয়॥২৯
এহি বুলি জল খুজি লৈলেক হাতত।
মন্ত্ৰ পঢ়ি মাৰি দিলা হৰিৰ গৃহত॥
দপ দপ্‌ কৰি অগ্নি উঠিল জলিয়া।
দেখে পুৰি যাই গৃহ ভষ্মকৃত হৈয়া॥ ৩০
আৰু একাঞ্জলী জল আনি তাত পাছে।
কিনো কৰে বুলি সামৰাজে চাই আছে॥
মন্ত্ৰ পঢ়ি চিতা মাৰি জলক দিলেক।
সেহি জলে সিটো জুই নুমাই দিলেক॥৩১
দেখিয়া বিষ্ময় ভৈলা প্ৰজা সমুহৰ।
সেই ধৰি পোৰা নাম ভৈলেক সত্ৰৰ॥

[  ]

হেন দেখি সন্ন্যাসীৰ মনে ভয় ভৈলা।
তাৰ পৰা উঠিয়া পশ্চিমক গৈলা॥২
এহিমতে বৰভূঞাঁ আনন্দতে আছে।
আৰু এক কীৰ্ত্তি কথা শুনা তাত পাছে॥
সত্ৰৰ উত্তৰে আছে দাহি নামে গ্ৰাম।
একদিন তথা প্ৰভু কৰিলে গমন॥৩৩
দেখে পক্ষী এক তাত পৰিয়া আচয়।
পিউ পিউ বুলি সিটো আটাস পাৰয়॥
পক্ষী ৰব শুনি ভূঞাঁ সুধিলা লোকত।
কিবা ইটো পক্ষী কিয় আটাস পাৰন্ত॥৩
লোকে বোলে শুনিয়োক কথা অনুপাম।
পিঁপীয়া চৰাই জানা ইয়াৰেসে নাম॥
জলক নাপায়া ইটো আতাস পাৰন্ত।
দেখা চৈত্ৰ মাস কৈতো জল নাহিকন্ত॥৩৫
হেন শুনি বৰভূঞাঁৰ অসন্তোষ ভৈলা।
পক্ষী নাপাই জল কেনে অদভুত ভৈলা॥
ইহাত এটি সৰোবৰ খুণ্ডিবো নিশ্চয়।
এহিবুলি জোখা পাতা কৰিলেক তয়॥ ৩৬
দীৰ্ঘে প্ৰস্থে জৰি পৰাইলেক বিপ্ৰবৰ।
প্ৰজা গোটাই খাণ্ডিবাক দিলা সৰোবৰ॥
চ’ত বহাগত সৰোবৰক খাণ্ডিলা৷
বহাগৰ শেষে সৰোবৰ খাণ্ডা ভৈলা॥৩৭

[  ]

ফুটিলেক নলা জল উঠিলা সত্বৰ।
যেন নীলা মেঘ খণ্ড দেখি লাগে ডৰ॥
পাৰত পৰিয়া জল পক্ষী সবে খায়।
এহিমতে সৰোবৰ খাণ্ডিলা ভূঞাঁই॥৩৮
দৈবজ্ঞক আনি পাছে গণাইলা পুখুৰী।
গণ পৰি থৈলা নাম দীঘি দীগেশ্বৰী॥
প্ৰতিষ্ঠা কৰিতে দিন দিলা আষাৰত।
শীত পক্ষ পূৰ্ণ তিথি হৈব যিদিনত॥৩৯
আত অনন্তৰে শুনা যেন কথা ভৈলা।
সেহি সময়ত এক বিঘিনি মিলিলা॥
বৰনদী পশ্চিমত বঙাল ৰাজ্যত।
আছিলেক ৰজা এক সেহি সময়ত॥৪
অগাধ অৰন্য সিতো আছিল পূৰ্ব্বত।
গিৰি বাৰ ঘৰ আছিলেক সিবনত॥
মেছৰ নামে জাতি সিটো কিৰাট অন্বয়।
তাৰ এক জন মোক্ষ্য সকলে মানয়॥৪১
মেছৰ মধ্যত বৰ হাৰিয়া তাৰ নাম।
তান ঘৰে বীৰ এক লভিলেক জন্ম॥
মহেশৰ বীৰ্য্যে জাত পৰম প্ৰবল।
ভূঞাঁ সকলক মাৰি ফুৰে কৌতুহল॥৫২
পশ্চিম দিশৰ ভূঞাঁ মাৰি নিৰন্তৰ।
মাৰি ঢুকাইলন্ত ভূঞাঁ কামৰূপৰ॥

[  ]

মাৰি ভূঞাঁ সব মানে ৰঙ্গ কৰিলন্ত।
বেহাৰত ৰাজ সিংহাসনে বসিলন্ত॥৪৩
বিপ্ৰ দেখিয়া সিটো ভূঞাঁক নামাৰিলা।
ৰাজ্য অধিকাৰ কৰি অধিপতি ভৈলা॥
বিপ্ৰ যে বদতি শুনিয়োক নৰেশ্বৰ।
ৰাজ্য ভাৰ আমি এৰি দিলোহো সত্বৰ॥৪৪
সেয়েহে নামাৰি তেওঁক এৰিয়া গৈলেক।
বিপ্ৰক দেখি সিটো জনে দৰিলা পাপক॥
এহিসে কাৰণে ৰৈলা পুখুৰী তেনয়।
নভৈলা প্ৰতিষ্ঠা নিয়ম কাৰণ নিশ্চয়॥৪৫
শুনা সৰ্ব্বজন পাছে যেন কথা ভৈলা।
গুছিল বিষয় বাব বিপ্ৰ মাথো ৰৈলা॥
হেন দেখি অসন্তোষ কৰে বিপ্ৰবৰ।
আছিল বিষয় মোৰ অনেক কালৰ॥ ৪৬
ভাৰ্য্যাক বোলন্ত প্ৰিয়ে শুনিয়ো বচন।
উত্তৰক লাগি আমি কৰোহো গমন॥
ইঠাৱত বিঘিনি বৰ বঞ্চিতে নপাৰি।
উত্তৰক চলি যাওঁ ইটো গৃহ চাৰি॥
এহিদৰে ভাৰ্য্যা সমে আলোচ কৰিলা।
ৰাতি অবসানে পাছে উত্তৰে চলিলা॥
ভৃত্যাদি চাকৰ যত লগত গৈলন্ত।
এহিমতে গৈয়া এক অৰণ্য পাইলন্ত॥ ৪

[ ১০ ]

গিৰিৰ সঞ্চাৰ কিছু নাহিকে তাহাত।
অগ্ৰাধ অৰণ্য সিটো দৰঙ্গ মধ্যত॥
দিন মানে আহি সিটো অৰণ্যক পাইলা।
আছে এক গোট গড় উত্তৰে দেখিলা॥৪৯
তাতে এক বৃক্ষ আছে দেখিলন্ত গই।
জিৰাইলা সকলো প্ৰজা সিটো স্থানে ৰই॥
সমস্তকে চাই বিপ্ৰ বুলিলা বচন।
এহি ভাল মাটি গৃহ সাজা এতিক্ষণ॥ ৫০
বৰ বৰ বৃক্ষ লতা আছে অপৰ্য্যন্ত।
আক কাটি গৃহ সব সাজা বুলিলন্ত॥
দেখা প্ৰজাগণ এক নদী পশ্চিমত।
হেনয় আশ্ৰম কৈত নাহি দৰঙত॥৫১
হেন শুনি প্ৰজাগণে গৃহক বান্ধিলা।
এহিমতে ভূঞাঁ তৈতে আনন্দে ৰহিলা॥
এগুটি ভক্তৰ নাম গৰেই আছিলা৷
একদিনা সিটো খৰি লুৰিবাক গৈলা॥৫২
উত্তৰৰ মুখে গৈয়া গঢ়ত উঠিলা।
একগোট সৰ্প সিটো তহিতে দেখিলা॥
সৰ্প গুছি ভৈল পাছে মৎস্য একগোট।
দাদৰি ফুৰয় সিটো কৰিয়া আস্ফোট॥৫৩
হেন দেখি ধৰিবাক লাগি মন কৈলা।
লাহে লাহে গৈয়া তাৰ ওচৰ চাপিলা॥

[ ১১ ]

চেও চাই ফৰ্ম্মুতি মাৰিলা টান কৰি।
ফৰ্ম্মুতি পৰিয়া মৎস্য গোট গৈলা মৰি॥৫৪
মৎস্য যদি মৰিলেক ধৰিবাক গৈলা।
গড় সমন্বিতে সিটো লৰিবে লাগিলা॥
আনো অসংখ্যাত মায়া দেখিলা বিস্তৰ।
হেন দেখি শ্ৰুতিহত তৈলেক তাহাৰ॥৫৫
ঢলি পৰিলেক সিটো ৰাখন্তা কোনো নাই।
মৰিয়া ৰহিলা সিটো সহায় হৰায়॥
এহিমতে সিটো তৈতে মৰিয়া ৰহিলা।
দিন বহি গৈলা সিটো গৃহক নাহিলা॥৫৬
নহা দেখি ভূঞাই পাছে বিচাৰ লৈলন্ত।
বিচাৰিবে লাগি অইন ভৃত্য পঠাইলন্ত॥
পশিলা অৰণ্যে সিটো বিচাৰি বিচাৰি।
দেখিলেক গৈয়া সিটো আছে মৰি পৰি॥৫৭
যিহেতু গৰেই ভৃত্য গড়ত মৰিলা।
সিহেতু গড়ৰ নাম গৰাইমাৰা ভৈলা॥
শুনা সৰ্ব্বজন কথা মহন্ত জনৰ।
ইটো বংশাৱলী কথা বৈষ্ণৱ বিপ্ৰৰ॥৫৮
আমি অধমৰ মুখে প্ৰচাৰ ভৈলন্ত।
ক্ষমিবাহা দোষ মোৰ বৈষ্ণৱ মহন্ত॥
মই অতি মুঢ়মতি অজ্ঞানী পামৰ।
তথাপিতো লেখিলোহো চৰিত্ৰ ভক্তৰ॥ ৫৯

[ ১২ ]

মুৰ্খ জানি নিন্দা নকৰিবা কদাচিত।
যিহেতু নহওঁ মই স্বভাবে পণ্ডিত॥
মুৰ্খক নিন্দিলে পণ্ডিতেসে লাজ পাই।
আপুনিহে লাজ পাইবা মোৰ জ্ঞান চাই॥৬০
কহিছোঁ পূৰ্ব্বতে নোহো ভৃত্যৰ সমান।
নিন্দিলেও নাই মোৰ লাজ অপমান॥
শুনা সৰ্ব্বজন কৰা হৰিত ভকতি।
তেবেসে তৰিব সুখে সংসাৰ দুৰ্গতি॥৬১
মিছা আল জাল মায়া ধন জন যত।
মৰিলে নাযায় লগে জানা স্বৰূপত॥
হৰিৰ ভকতি মাত্ৰ লগৰ সহায়।
ধন জন বিত্ত ঐতে ৰহিবেক চায়॥৬২
পুত্ৰ দাৰা দেখা যত মায়া অদভূত।
মৰি গৈলে কোনো জন নায়ায় লগত॥
তাত পাছে ৰঙ্গে ঢঙ্গে থাকিব গৃহত।
এতেকেহে মিছা মায়া এৰিয়ো মনত॥ ৬৩
একান্ত হৰিৰ নাম লোৱা দৃঢ় কৰি।
অন্তত মুকুতি পাইবা মায়াক সংহাৰি॥
আকে জানি হৰি ভকতিক সাৰ কৰা।
ৰাম ৰাম বুলি সুখে সংসাৰক তৰা॥৬৪

⸻⸻

[ ১৩ ]


দুলড়ী।

শুনা সৰ্ব্বজন  কৰি এক মন
  পাছে যেন কথা ভৈলা।
এহিমতে তৈতে   সিটো বিপ্ৰবৰ
  দৰঙ ৰাজ্যত ৰৈলা॥
কত দিন তৈতে   থাকি ভূঞাঁ দেৱে
  মনে সাৰ কৰিলন্ত।
ভায্যাক সম্বোধি   প্ৰতিজ্ঞা কৰিয়া
  কৈলা তান ইচ্ছা যত॥৬৫
শুনিয়োক প্ৰিয়া   কথা মন দিয়া
  মোৰ মনে যিটো ভৈলা।
কৰিলোঁ বিষয়   ভোগ মানে যত
  এহিমানে সাঙ্গ ভৈলা।
এৰি আন মন   বিষয় ভাবনা
  পশ্চিমক লাগি যাওঁ।
কত পুণ্যে ইটো   নৰতনু পাইলোঁ
  গঙ্গা দৰিশণ হওঁ॥ ৬৬
অসংখ্যাত তীৰ্থ   আছয় পশ্চিমে
  আছে ভক্ত অসংখ্যাত।
সমস্তকে প্ৰাণি   চৰণ বন্দিয়া
  ফিৰি আসো বছৰত।

[ ১৪ ]

বৰিষেক থাকি   গৃহক আসিবো
  চিন্তা নকৰিবা মনে।
অসংখ্যাত পুণ্য   তীৰ্থত স্নানিলে
  মুক্ত ভক্ত দৰিশণে॥৬৭
মনুষ্য হৈবাৰ   এহিমানে সাৰ
  ফল জানা স্বৰূপত।
যাগ যোগ তীৰ্থ   ব্ৰত দান কৰি
  সেৱে হৰি চৰণত।
আতপৰে জানা   আন কৰ্ম্ম নাহি
  মনুষ্যৰ মুখ্য ধৰ্ম্ম।
লৌকিক আচাৰ   কৰবে লগয়
  ইসে তীৰ্থ ধৰ্ম্ম কৰ্ম্ম॥৬৮
আত্মাৰূপা এহি   ঈশ্বৰ হৰিত
  সবাকে অৰ্পণা কৰি।
একবিনে নাই   দুতয় ঈশ্বৰ
  চিন্তা সেহি দেৱ হৰি
শুনা সৰ্ব্বজন   কৰি এক মন
  শুনা সেহি কৃষ্ণ কথা।
হৰি ভজি যিটো   চিত্ত শুদ্ধ কৰে
  তাৰ নাহি অন্যৱথা॥৬৯
আকে অনুমানি   বিনে ৰাম বাণী
  অমূল্য ৰতন নাই।

[ ১৫ ]

ধনী কি দৰিদ্ৰ   যতেক মনুষ্য
  জানিয়া ভজিও ভাই।
হৰি ৰাম হৰি   বোলা দৃঢ় কৰি
  হৈবেক পন্থ মুকল।
মৰিবা মৰিবা   যাতনা ভুঞ্জিবা
  লগতে আছয় কাল॥৭০
হেন জানি সবে   ভকতি আচৰা
  মাধৱক শ্ৰেষ্ঠ ধৰি।
তাহাৰ অলাভ   নাহি কদাচিত
  বশ হৈবে তান হৰি॥
ব্ৰহ্ময়ে প্ৰাৰ্থয়   হেনয় হৰিক
  এৰি কৰা কোন কাম।
খণ্ডোক দুৰ্গতি   মিলোক মুকুতি
  ডাকি বোলা ৰাম ৰাম॥৭১৷

⸻o⸻

পদ।

শুনা আত অনন্তৰে যেন কথা ভৈল।
এহি ৰূপে বিপ্ৰে কথা ভাৰ্য্যাত কহিলা॥

[ ১৬ ]

সুৱতী দুৱতী [১] দুই ঘৰিণী বিপ্ৰৰ।
জ্যেষ্ঠ ভাৰ্য্যা কুণ্ডতৰা অতি প্ৰিয়তৰ॥৭২
কনিষ্ঠ ঘৰিণী চাণ্ড তৰা মহা সতী।
স্বামীৰ সম্ভোগে তেহো ভৈলা গৰ্ভৱতী॥
কুণ্ডতৰা সমে ভূঞাঁ আলোচ কৰিলা।
ধন জন দ্ৰব্য মানে তান হতে দিলা॥ ৭৩
বৰিষেক থাকি মই আসিবো গৃহক।
ৰাখিবা যতনে ধন জন সমস্তক॥
আৰু এক কথা কওঁ শুনিওক মনে।
গৰ্ভবতী নাৰী তাঙ্ক ৰাখিও যতনে॥৭৪।
কৰিবা ৰক্ষন কিবা পুত্ৰ জীউ হয়।
এহি বুলি সমস্তকে অৰ্পিলা নিশ্চয়॥
আত অনন্তৰে যাত্ৰা কৰি বিপ্ৰবৰ।
গঙ্গা স্নানে চলিলেক হৰিষ অন্তৰ॥ ৭৫।
দুৰ্গম অৰণ্য পথ অতিকে দুষ্কৰ।
পথে ঢাং ঢিং [২] আদি আছয় বিস্তৰ॥
কান্ধে ঝুলি পিঠিফালে বোকোণ্ডালী [৩] লৈলা।
সন্ন্যাসীৰ বেশ ধৰি গঙ্গা স্নানে গৈলা॥ ৭৬

[ ১৭ ]

শুনা সৰ্ব্বজন এহিমতে চলি যাই।
কত দিন অন্তে গঙ্গা পাইলেক গই॥
অনেক প্ৰবন্ধে গঙ্গা পাৰ ভৈলা গৈয়া।
অসংখ্যাত ঢাং ঢিং পৰ্ব্বত এৰায়া॥৭৭।
কত দিনে পাইলা গৈয়া গঙ্গাৰ কাষৰ।
তীৰে তীৰে আছে দেখে ব্ৰাহ্মণ বিস্তৰ॥
তাৰ এক ব্ৰাহ্মণৰ গৃহত ৰহিলা।
তান সমে মিত্ৰ কৰি পীৰিতি কৰিলা॥৭৮।
তাত অনন্তৰে পাছে গঙ্গা স্নান কৈলা।
কতো দিন ৰঙ্গে ধঙ্গে তথাত ৰহিলা॥
পিতৃ সকলৰ প্ৰেত কাৰ্য্য কৰিলন্ত।
গঙ্গা স্নান কৰি পিণ্ড দিলন্ত গয়াত॥৭৯।
এহিৰূপে ভ্ৰমন্তে ভৈলন্ত বাৰ মাস।
গৃহক আসিলা ফিৰি মনত উল্লাস॥
এহিমানে তান কথা শেষ কৰি থওঁ।
গৃহে যেন ভৈলা তাৰ কথা কিছুকওঁ॥৮০।
যেবে বিপ্ৰবৰ গঙ্গা স্নানিবাক গৈলা।
সেই মাসে গৃহে ঐতে পুত্ৰ খানি ভৈলা॥
শুনা সৰ্ব্বজন কথা বিপৰীত বৰ।
দেখিবেক চাৰি কৰ্ণে শুনি লাগে ডৰ॥৮১।
মানুষৰ ইতো কৰ্ম্ম নুহি কদাচিত।
বিপৰীত কৰ্ম্ম শুনি লাগে ভয় ভীত॥

[ ১৮ ]

চাণ্ডতবা সতী যেবে গৰ্ভৱতী ভৈলা।
তাহান গৰ্ভত এক সাধু বাসা লৈলা॥ ৮২।
মহা তেজী বলী সিটো ভকত কৃষ্ণৰ।
যাৰ যশ কীৰ্ত্তি ৰৈলা যুগ যুগান্তৰ॥
শুনা সৰ্ব্বজন পাছে যেন কথা ভৈলা।
মাঘ মাসা যেবে শুভ দিন আসি পাইলা॥
দিন অবসানে পাছে ৰাত্ৰি আসি ভৈলা।
চাৱালৰ জন্ম ক্ষণ আসিয়া মিলিলা॥
চাণ্ডতাৰা বোলে বাই শুনিওঁ বচন।
আজি দেখোঁ গাৱ খানিৰ নাপাওঁ উমন॥৮৪॥
সজাগে থাকিবা আনা নাৰী ভাল চাই।
লৰিলেক গাৱ মোৰ শুনিয়োক বাই॥
নাহি পৰা কোনো দিন হেনয় পালাত।
ভয় লাগি আছে বাই কহিলো তোমাত॥৮৫৷
হেন শুনি কুণ্ডতৰা সুৱতী বিপ্ৰৰ।
আপোনাৰ মনে মনে গুনিলা বিস্তৰ॥
যদি পুত্ৰ হৱে তেবে অকাৰ্য্য মিলিবো।
পুত্ৰৱতী ভৈলে তাইক দেখিবে পাৰিবো॥৮৬৷
পুত্ৰ হৈলে ফল ধৰে নাৰী সকলৰ।
এতেকে সুৱতী হৈব তাইযে বিপ্ৰৰ॥
এহি বুলি মনে সাৰ কৰিলন্ত গুনি।
আনিলেক বৃদ্ধা চাই নাৰী পাঁচজনী॥৮৭৷

[ ১৯ ]

ঔষধিকো জানে আৰু কথা নাভাঙ্গয়।
হেন পাঁচজনী বুঢ়ী আনিলা মতায়॥
কুণ্ডতৰা বোলে শুনিয়োক বুঢ়ীগণ।
কথা কহোঁ অভ্যন্তৰে চলা এতিক্ষণ॥৮৮৷
ভিতৰক গৈলা যদি বুঢ়ী পাঁচজনী।
পাছে পাছে কুণ্ডতৰা চলিলা আপুনি॥
অভ্যন্তৰে যাই পশিলেক যেতিক্ষণ।
বুঢ়ী সকলক চাই বুলি বচন॥ ৮৯৷
মোৰ কথা মন দিয়া শুনিবি তহঁতে।
পুত্ৰ হয়ে যদি এইৰ পেলাবি বনতে॥
আৰু কথা শুনা যদি জীউখানী হয়।
নেপেলাবি বনে তাক কহিলোঁ নিশ্চয়॥ ৯০৷
নকৰিবে একো অল্প দিবস থাকিবে।
দশ বাৰ বৰিষত পৰ ঘৰে যাইবে॥
এহিবুলি গোপ্য কৰি কথা কহিলা।
পাঁচৰো অঞ্চলে পাঞ্চকুৰি টকা দিলা॥১১।
বুঢ়ীবোলে আৰু এক কথা কহো আই।
মাকে যদি ছাৱা দেখে কেমন উপায়॥
কেমনে পেলাইবো নিয়া বনৰ ভিতৰে।
মাকে যদি সোধে দিবো কেমন উত্তৰে॥৯২।
কুণ্ডতৰা বোলে শুনা কথা কহো মই।
চক্ষুত কাপোৰ তাইৰ বান্ধিবে লাগায়॥

[ ২০ ]

চাহিবে নালাগে তই ডৰাই (ক) মৰিবি৷
চক্ষুত কাপোৰ বান্ধো নিসাৰি(খ) থাকিবি॥৯৩৷
অতিকে আজলি তাই একোকে নাজানে৷
বুলিবে কাপোৰ বান্ধা আতৰাও যেনে॥
পুত্ৰ যদি জন্মে তেবে জ্বলাবি বনত।
তাৰ পাছে যি কৰিবি শুনা কথা যত॥ ৯৯।
যেবে সুস্থ হৈবে তাই গাৱক এৰাই।
কি ভৈল মোহোৰ বুলি সুধিবেক তাই॥
শেষ ভাগে পৰা ফুল চৰুত ভৰাইবি।
এয়েসে জন্মিল বুলি তাইক দেখাইবি॥ ৯৫।
এহি কথা আলচ কৰিলা ভিতৰত।
পাঞ্চজনা বুঢ়ী বাজে কেওঁ নহিকন্ত॥
এহি থিৰ কৰি বাজ ওলাইলা তেখন।
চলি গৈলা চাণ্ড তৰা আছে যেহিস্থান॥৯৬
কুণ্ডতৰা যাই বসিলেক ওচৰত।
চাণ্ডতৰাৰ আগে গই কথা কহিলন্ত॥
কহিয়ো গাৱৰ তোৰ ধাৰণা সকল।
আনি আছোঁ পাঞ্চবুঢ়ী কাৰ্য্যত কুশল॥ ৯৭।
হেনশুনি বুঢ়াইত সুধিবে লাগিলা।
কহিয়োক আই তযু গাৱ কেনে ভৈলা॥


(ক) ভয় খোৱা

(খ) অজৰ অচৰ হৈ, সাৰি শব্দ নকৰাকৈ।

[ ২১ ]

কুণ্ডতৰা বোলে বুঢ়ীহঁত সোধ ভাল কৰি।
পৰিআছে দেখা কেনে গাৱে নাহি সাৰি॥৯৷
অল্পবুদ্ধি আমাসাৰ জানা বুঢ়ীহঁত৷
অনেক ঠাইত ফুৰি আছা স্বৰূপত॥
মোত কোনো কথা শুধিবাক নালাগয়।
নতুন মানুহ মই দেখা পোৱা নাই॥ ৯৯৷
মোৰ কথা কহোঁ শুনা বুঢ়ী পাঞ্চ জনী।
অপযশ লাগিবেক সবে আছোঁ জানি॥
স্বামীৰ দুৱতী তাই জানা নিৰন্তৰ।
আকে জানি মই তাইৰ নাচাপোঁ ওচৰ॥১০০৷
স্বভাৱ ধাৰনা একো নপাওঁ নিশ্চয়।
আকে জানি দূৰে মই থাকিবে লাগয়॥
কিবা মৰা কিবা জীয়া গৰ্ভৰ ভিতৰ।
কোনে জানিবেক আই কথা ভিতৰৰ॥১০১।
লোক অপবাদৰ লাগয় মোৰ ভয়।
আকে জানি ছাৱালক দেখিও তোৰায়॥
হেন শুনি বুটীগণে হাসিলা বিস্তৰ।
সতিনীৰ পুত্ৰ ভৈলে হয় আপোনাৰ॥ ১০২।
মৰিলে কৰিবে কাৰ্য্য দিবে পিণ্ড জল।
পিতৃ মাতৃৰ প্ৰেত কাৰ্য্য কৰিবে সকল॥
এৰাইবে নোৱাৰে তাক জানোহো নিশ্চয়।
আকে জানি দয়া তাঙ্ক কৰিবে লাগয়॥২০৩৷

[ ২২ ]

শুনি কুণ্ডতৰা বোলে হৰি হৰি আই।
উপকাৰী জনে জানা অপযশ পাই॥
এতিয়াৰ মানুহ চিত্ত যেন মত।
উপকাৰ কৰিলেও নাহিকে মনত॥১০৪।
তাহাতে বোলাহা মোৰ চিত্ত আছা পাই।
আনে নুবুজিবে গালি পাৰিবে নিশ্চয়॥
বুলিবেক স্বামী তাইৰ ঘৰত নাছিলা।
কিবা মৰা কিবা জীৱা ছাৱাল জন্মিলা॥১০৫৷
দুৱতীৰ পুত্ৰ হৈবে দেখি তাইৰ মনে।
মাৰিলেক কিবা কৰি জানিবেক কোনে॥
এতিয়াৰ মনুষ্যে কহিবোহো আক।
মোৰ চিত্ত কেনে কোনে দেখিবেক তাক॥১০৬৷
পুত্ৰতো অধিক তাক কৰিবোহো স্নেহ।
তাত হন্তে পাইবো পাছে পৰম সন্তোহ॥
আমাৰ মনত আই হেন মনে লয়।
সতিনীৰ পুত্ৰ নোহে মেহোৰ তনয়॥১০৭৷
এহি কথা থাকোক শুনিয়ো বৃদ্ধা নাৰী।
যাতে নডৰাই তাক কৰা যত্ন কৰি॥
দুখ যেন নাপাৱয় ৰাখা ভাল মতে।
কেমন উপায় তাৰ কহিয়ো আমাতে॥১০৮
নাৰী সবে বোলে শুনিয়োক মোৰ আই।
নডৰিবাৰ কিছুমান আছয় উপায়॥

[ ২৩ ]

বুঢ়ী বেলে চাণ্ডতৰা শুনিয়োক তই।
প্ৰসৱ বেদনা কথা কহিয়োক আই॥১০৯৷
চাণ্ডতৰা বোলে শুনিয়োক বুটীগণ।
ছাৱাল জনমা বিষ পৰিলা এখন॥
বৃদ্ধা ভৈলি তোৰা ধৰ্ম্ম কৰ্ম্মক জানাস।
আমি শিশু মতি বুলি নকৰা বিশ্বাস॥১১০৷
নাৰীৰ পিয়ান জানা পুৰুষৰ ৰণ।
পাপ পুন্য ধৰ্ম্ম কৰ্ম্ম জানাস সঘন॥
এহি কথা কহি মৌন ভৈলা বৰ নাৰী।
প্ৰসৱ বেদনা বিষ সহিতে নাপাৰি॥১১১।
দোঙ্গা দঙ্গি মোৰা মুৰি [৪] কৰি বাগৰয়।
হেন দেখি বুঢ়ী কুণ্ডতৰাক বোলয়॥
শুনিয়োক কুণ্ডতৰা আমাৰ বচন।
বস্ত্ৰ দিয়া ঢাকো চকু নেদেখা যেমন॥ ১১২।
হেন শুনি কুণ্ডতৰাই বুলিলা বুঢ়ীক।
যিটো ভাল হয় কৰা মোতে সোধা কিক॥
পূৰ্বতে কহিছোঁ মই নাজানো উপায়।
যিতো ভাল বুজা কৰা মই থাকো চায়॥১১৩
আৰু এক কথা কহোঁ শুনিয়া কাৰণ।
তাইত শুধি দুৰ্যশক এৰায়ো এখন॥


[ ২৪ ]

বান্ধিবে নেদয় কিবা শোধা ভাল কৰি।
নডৰিব যদি তাই কহা শীঘ্ৰ কৰি॥১১৪।
বুঢ়ী বোলে চাণ্ডতাৰা শুনিয়ো বচন।
চক্ষুত কাপোৰ বান্ধোঁ নেদেখা কাৰণ॥
নডৰি থাকাহা যদি নাবান্ধোঁ নিশ্চয়।
কহিয়ো সত্বৰে বিলম্বিত কাৰ্য্য নাই॥ ১১৫
চাণ্ডতৰা বোলে শুনিয়োক বুঢ়ীগণ।
কৰিয়ো উপায় ভাল মত হয় যেন॥
হেন শুনি একজনী বুঢ়ী উঠি গৈলা।
আনিযা দুহতি বস্ত্ৰ চক্ষুত বান্ধিলা॥১১৬'।
মেৰাই মেৰাই বান্ধে ঘূৰি সাত বাৰ৷
যাতে নেদেখয় মাকে ছাৱাক (ক) তাহাৰ॥
এহিমতে বস্ত্ৰ বান্ধি আছিলেক চাই।
বৈষ্ণবীৰ ভাও ধৰি আছে চাণ্ড চাই॥১১৭।
আত অনন্তৰে শুনা যেন কথা ভৈলা।
তিনি গোটা হামি আসি গাৱ কাম্পি গৈলা॥
একধাৰি চকু লোৱা মাটিত পৰিলা।
বিস্ময় মানিয়া তাৰা চাহিয়া আছিলা॥১১৮৷
আৰু এক বিমঙ্গল ভৈলা বিপৰীত।
অসংখ্য শৃগাল আইলা গৃহ চতুৰ্ভিত॥


(ক) সন্তানক। [ ২৫ ]

বেৰীয়া আৰাৱ কৰে বিপৰীত বৰ।
কুকুৰৰ ভুকু তাতে দেখি লাগে ডৰ॥১১৯॥
ডোভাগ চাৰিয়া যেবে চাৰি দণ্ড গৈলা।
সেহি সময়ত ছাৱালৰ জন্ম ভৈলা॥
যেতিক্ষণে ছাৱা জন্মি পৰিলা মাটিত।
এক বুঢ়ী থাম্প দিয়া ধৰিলা মুখত॥১২০॥
আৰু এক বুঢ়ী গৈয়া ছাৱালক চাইলা।
দেখে জীউ নুহি সিটো পুত্ৰ উপজিলা॥
কহিলেক গোপ্য কৰি কুণ্ডৰ আগত।
নুহিকন্ত জীউ আই পুত্ৰ উপগত॥১২১॥
হেন শুনি কুণ্ডতৰা আথেবেথে কৰি।
দুই গোটা খালি চৰু আনি দিলা লৰি॥
ভৰায়োক শীঘ্ৰ কৰি অৰে বুঢ়ী তই।
চকুৰ ঠাৱৰে কহে মাকে নুশুনয় ॥১২২॥
চকুৰ ঠাৱৰ বুজি এক গোটা বুঢ়ী।
চৰুত ছাৱাল ভৰাই লৈলা গোপ্য কৰি॥
মায়েকক ধৰি থাকিলেক দুইজনী।
ছাৱালক লৈয়া লৰিলেক তিনিজনী॥ ১২৩॥
অন্ধকাৰ ৰাত্ৰি দিশ বিদিশ নপাই।
উত্তৰক মুখে ছাৱালক লৈয়া যায়॥
হৰি হৰি কিনো ভৈলা নিৰ্দ্দয় চৰিত।
হেন ছাৱালক নিয়া পেলায় বনত॥১২৪॥

[ ২৬ ]

সুকোমল ছাৱা গুটি পৰম সুন্দৰ।
যেন পদ্মফুল গুটি চৰুৰ ভিতৰ॥
চাৰু চক্ষু মুখ পদ্ম দেখন্তে তৃপিতি।
কোনে নাকান্দিবে তাৰ দেখিয়া বিপত্তি॥১২৫
কুন কুনি শুনি মাত্ৰ চৰুৰ ভিতৰ।
এক জোপা ফুল আছে পাইলা তাতপৰ॥
দেখে অন্ধকাৰ ঝাহ্নি [৫] বিপৰীত বৰ।
চৰুগুটি থৈয়া নিয়া তাহাৰ ভিতৰ॥১২৬॥
নামত কেতকী ফুল চোপা বিপৰীত।
কতো দূৰ জুৰি আছে লতায়ে সহিত॥
ভিতৰ কৰিয়া তৈতে চৰুগুটি থৈলা।
তৈৰপৰা তিৰি বুঢ়ী উলটি আসিলা॥১২৭
দেখা সভাসদ কিনো কাৰ্য্য অদভুত।
যিহেতু বৈষ্ণৱ তান কথা আচৰিত॥
তাতেসে ৰহিলা প্ৰাণ হৰিৰ কৃপাত।
ৰহিবে লাগয় কীৰ্ত্তি ইটো জগতত॥১২৮।
মহা তেজ বীৰ্য্য লৈয়া পৃথিবীক আইলা।
ঈশ্বৰৰ প্ৰিয় যাতো তাতে নমৰিলা॥
যেহেন পুতনা দিলা বিষ স্তন পাণ।
পুতনাক বধ হৰি ৰাখিলা পৰাণ॥১২৯॥


[ ২৭ ]

ঈশ্বৰক হিংসা কৰে যিটো দুষ্টজনে।
মৰিবে আপুনি তাক নজানয় মনে॥
জানিবাহা এই দুষ্টা নাৰীসকলৰ।
আগে ভাল দেখে পাছে হৈবে অথন্তৰ॥ ১৩০
শিশুক ৰাখিলা হৰি ভকতিৰ বলে।
বঞ্চিলা বৰিষ গৰ্ত্তে মহা কুতুহলে॥
সৰ্প ও শৃগাল সমে ডাঙৰ ভৈলন্ত।
দেখা কেনে ভকতিৰ বল অপৰ্য্যন্ত॥ ১৩১।
আকে জানি সৰ্ব্বলোক মনথিৰ কৰা।
পৰকাল বিত্ত হৰি নাম ডাটি [৬] ধৰা॥
ইহজন্মে ৰক্ষা কৰি থাকিবেক হৰি।
কৃষ্ণৰ চৰণে যিটো ভক্তি থাকে কৰি॥১৩২।
শুনা সৰ্ব্বজন দোষ নধৰিবা মোৰ।
কিবা অৰ্থ ভৈলা কিবা নভৈলা ইহাৰ॥
আমি শিশু অল্পমতি শাস্ত্ৰ জ্ঞান নাই।
আকে জানি দোষ মোৰ ক্ষমিতে জুৱাই॥১৩৩৷
স্বভাৱতে ইতো কথা তাহানি কালৰ।
কিছু মুঠ কথা আছিলেক মহন্তৰ॥
কবিয়েসে এনে কাৰ্য্য কৰিবে লাগয়।
কথাৰূপে মুঠ জান আছিলা নিশ্চয়॥১৩৪


[ ২৮ ]

মহা মহা কবিসবে কবি কৃত্য কৈলা।
তাক দেখি অধমৰ মনে ইচ্ছা ভৈলা॥
হস্তিৰ লাদক দেখি শশা মাৰ্গ ফাৰে।
সেহিমত পটন্তৰ জানিবাহা মোৰে॥ ১৩৫॥
সিংহৰ কৰ্ম্মক বাঞ্চো শৃগাল যে হুই।
স্বভাৱতে ইটো কাৰ্য্য মোহোৰ নহই॥
স্থিতি হৈলা বাগেশ্বৰী মোহোৰ কণ্ঠত।
পৰমাত্মা ৰূপে তুমি আছা স্বৰূপত॥১০৬॥
তোমাৰ কৃপাত ইটো মহন্তৰ কৃত্য।
যাৰ কৰ্ম্ম শুনি লোক হয় সচকিত॥
আকে জানি সৰ্ব্বলোকে ক্ষমিয়োক দোষ।
কৃষ্ণ কথা গুনি কৰা চিত্তক সন্তোষ॥
মাধৱৰ নাম ধৰি তৰা যতলোক।
নকৰা বিশ্বাস কেৱে অইন দেৱত॥
মুখে নাম হৃদিৰূপ হস্তে কৰা কাম।
এৰা সংসাৰৰ তাপ বোলা ৰাম ৰাম॥১৩৮

দুলড়ী।

আত অনন্তৰে    শুনা সৰ্ব্ব নৰে
  পাছে যেন কথা ভৈলা।

[ ২৯ ]

যেবে বুঢ়ীগণে    ছাৱালক থই
  মাকৰ গৃহে পশিলা॥
কুণ্ডতৰাই পাছে    যি কাৰ্য্য কৰিলা
  শুনিয়োক আতপৰ।
যেবে ফুল আইলা   চৰুত ভৰাইলা
  থৈলা যত্ন কৰি বৰ॥১৩৯
যেবে বুঢ়ীগণ   ওভতি আসিলা
  সবে এক লগ ভৈলা।
তাত পাছে সবে   কোৱা কুই কৰে
  কিনু অদভুত ভৈলা॥
নুহি জল স্থল   বিপৰীত বৰ
  আতি ভৈলা অদভুত।
সি ভৈলা সি ভৈলা    চকুৰ কাপোৰ
  গুচায়োক ই বেলাত॥১৪০
হেন শুনি এক    বুঢ়ী উঠি গৈলা
  বস্ত্ৰক খুলিবে মনে।
সাতো যে তৰপ    চক্ষুৰ কাপোৰ
  গুচাইলা বুঢ়ী তেখনে॥
শুনিয়োক আই    বিধাতা বিমুখ
  হৈয়া তোহোক বঞ্চিলা॥
নুহি পুত্ৰ জীউ    অদভুত বৰ
  কিবা সোপা উপজিলা॥১৪১

[ ৩০ ]

এহিবুলি জানি    চৰুক দেখাইলা
  পত্ৰখানি গুচুৱাই।
এহিসে জন্মিলা   তোহোৰ গৰ্ভত
  দেখিয়োক এবে আই॥
হেন শুনি চাণ্ডই   বুঢ়ীক বোলই
  মোৰ যিবা কৰ্ম্ম গতি।
তোমাসাত কোনো    দোষ নাহিকয়
  শুনিয়ো বুঢ়ী সম্প্ৰতি॥১৪২
ঈশ্বৰৰ ইচ্ছা    নোহে জানা মিছা
  ভুঞ্জয় কৰ্ম্মৰ ফল।
যাৰ যিবা হৈব    বিধাতাৰ লিখনে
  এতেকে দোষো কপাল॥
শুনা সৰ্ব্বজন    কেদিন জীৱন
  কহিতে মিলে মৰণ।
নিৰন্তৰে সবে    ৰাম ৰাম ৰাম
  ঘুষিয়োক অনুক্ষণ॥১৪৩


ছবি।

এহিমানে কথা যত  গৃহৰ সসাঙ্গ[৭] ভৈলা
  শুনা ছাৱালৰ পাছ কথা।


[ ৩১ ]

যেবে ছাৱালক সেহি   বনৰ ভিতৰে খৈয়া
  ৰঙ্গে বুঢ়ীগণ আইলা এথা॥
তাত অনন্তৰে শুনা   যেন কথা ভৈলা সিটো
  মহা ঘোৰ অগাধ বনত।
বিপদ বাৰণ হৰি   শিশুৰ সহায় হৈয়া
  ৰাখিলেক ঘোৰ অৰণ্যত॥১৪৪
তিনিগোটা ছাৱা সমে   একজনী শৃগালিনী
  আছে সেহি ঝাহিৰ ভিতৰে।
আৰু এক সৰ্প বৰ   দেখি যাক লাগে ডৰ
  কালান্তক কম সমসৰে॥
মেঘ যে দৱাৰ নামে   থাকে সিটো সেহি স্থানে
  ঘোৰ বন ঝাহিৰ মধ্যত।
আহাৰ বিচাৰি আহি   সি নিশাত শৃগালিনী
  দেখে চৰু সৰ্পৰ কাষত॥১৪৫
হেনদেখি পাছে তাই   চৰু ওভেটাই চাই
  দেখে শিশু আতিকে সুন্দৰ।
জ্বলা অগ্নি খানি সম   চৰু মধ্যে জ্বলি আছে
  দেখি তাইৰ দয়া ভৈল বৰ॥
নুহিকে মানুষ বুলি   জানিলেক শৃগালিনী
  দেখি ৰূপ আতি মনোহৰ।
এহি গুণি পাছে তাই   মুখে কামুৰীয়া লই
  পশিলেক গৰ্ত্তৰ ভিতৰ॥১৪৬

[ ৩২ ]

অপোন ছৱাৰ সঙ্গে   থৈলে নিয়া মহা ৰঙ্গে
  ৰাখিলেক মহা স্নেহ কৰি।
অসংখ্যাত তুতি নতি   কৰিলা বিনয় আতি
  ছাৱালৰ চৰণত পৰি॥
নুহিকে মানুষ তুমি   জানিয়া আছোহোঁ আমি
  ক্ষমিয়োক মোৰ দোষ যত।
বন পশু বুলি জানি   ক্ষমি মোৰ দোষ খানি
  থাকা এহি ছাৱাল সহিত॥১৪৭
তুতি নতি কৰি তাই   স্তন দিলা মুখে যাই
  আতি গুৰুতৰ স্নেহ কৰি।
আপোনাৰ ছাৱালত   কৰি দহ গুণে স্নেহ
  কৰে মোহ হৈয়া বনেশ্বৰী॥
অনেক ঠাইৰপৰা   বিচাৰি আনয় তাই
  মহামহা দিব্য ভোগ্য যত।
গৃহস্থৰ ঘৰ খাণ্ডি   যেন চোৰে দিয়ে সিন্ধি
  এহিমতে আনে দ্ৰব্য যত॥ ১৪৮
চৰু সমে ভাত অন্ন   ঘৃত দধি পৰমান্ন
  আনে অতিশয় যত্ন কৰি।
এহিমতে ছাৱালক   পোহে মহা যত্ন কৰি
  সিটো ঘোৰ বনে বনেশ্বৰী॥
শুনা সৰ্ব্বজন পাছে   সেহিমতে গৰ্ত্তে আছে
  ক্ৰমে ভৈলা অৰ্দ্ধেক বৎসৰ।

[ ৩৩ ]

আণ্ঠ কাঢি কাঢ়ি পাছে  শৃগালৰ ছাৱা সমে
  আছে ৰঙ্গে ছাৱাল সুন্দৰ॥১৪৯
একদিনা প্ৰভাতত   সুৰ্য্যোদয সময়ত
  আসি বাজ ভৈলেক গৰ্ত্তৰ।
লগত শৃগাল চাৱা   সমে আনন্দিত হুৱা
  আছে ৰঙ্গ কৰিয়া বিস্তৰ।
শৃগালৰ ছাৱা গুলি   কতো তাৰ গলে ধৰি
  কামোৰ ভেজাযে (ট) লাস কৰি।
গাৱ ওঁভোটাই পাছে   শিশু গোটাই ৰঙ্গে হাসে
  শৃগাল ছাৱাৰ কান্ধে চৰি॥১৫০
এহিমতে সবে তাত   থাপা থাপি খোটা খোট
  আছে ৰঙ্গে ৰদক পুহায়।
সেহিকাল সৰ্প গোটে   ঝাহি হন্তে চাহি থাকে
  দেখি সিটো মনুষ্যৰ কায॥
তিনিটি শৃগাল ছাৱা   এটি মনুষ্যৰ কাযা
  দেখি সৰ্পে বিস্ময় ভৈলন্ত।
গাৱ মুৰি দিয়া পাছে   নুমিয়া ঝাহিৰ হন্তে
  ছাৱাৰ কাষক আসিলন্ত॥ ১৫১
ছাৱাক দেখিয়া সৰ্পৰ   দয়া উপজিলা আতি
  ৰদ পাইলে থাকে ছায়া কৰি।
একতিল নেৰে সিটো   গৰ্ত্তৰ ওলাইলে শিশু
  থাকে ৰাখি সেহি দিনা ধৰি॥

[ ৩৪ ]

শুনিয়োক বুদ্ধ যত  দেখা কথা বিপৰীত
  শৃগাল সৰ্পৰ দয়া বৰ।
এতেকে কেমনে নৰে   মানুষ বুলিবে পাৰে
  যাৰ কীৰ্ত্তি ৰৈলা যুগান্তৰ॥১৫২
শৃগালিনী সৰ্পগোট   সিহঁতে যে ভাগ্যৱন্ত
  যাৰ মহা দাস যত ভৈলা।
সি সি পিতৃ-মাতৃ তান   পূৰ্ব্ব জন্মে আছিলন্ত
  সি কাৰণে গোৰ্ত্তে কোল পাইলা॥
শুনিয়োক জ্ঞানী যত   দেখা কেনে বিপৰীত
  বৈষ্ণৱৰ তেজ শক্তি বৰ।
পশিলা শৃগাল সৰ্পে   আতিশয় দয়াতৰে
  আহিলেক গৰ্ত্তে সম্বৎসৰ[৮]॥ ১৫৩
এতেকে জানিবা সবে   কৃষ্ণক যিজনে সেবে
  তাৰ কদাচিতো মৃত্যু নাই।
শৃগালে খাইলেহৈ যদি  সেহি শিশু কালে তাঙ্ক
  ৰাখিবেক কাহাৰ উপায়॥
যদি সৰ্পে দংশে তাক   তথাপি নাহিকে ৰক্ষা
  দেখা ইতো কেনে বিপৰীত।
যিহেতু হৰিৰ প্ৰিয়   মহন্ত ভকত বৰ
  সিহেতু ৰাখিলা সঙ্কতত॥ ১৫৪


[ ৩৫ ]

শুনিয়োক সৰ্ব্বজন   মিছা যত ধন জন
  মিছা জানা ভাৰ্য্যা পুত্ৰ যত।
সবে মাথো মায়া জৰি   অন্তে ৰৈবো ঐতে পৰি
  পাপ পুণ্য যাইবেক লগত॥
আকে জানি সৰ্ব্বলোক   হৰি পদে ভজিয়োক
  এৰা যত ভাষ ভূষ কাম।
গুচোক দুৰ্গতি সবে   মিলোক মুকুতি এবে
  ডাকি সবে বোলা ৰাম ৰাম॥১৫৫

পদ

শুনা সৰ্ব্বজন পাছে কথা আতপৰ।
এহিমতে ৰৈলা সন্ত গৰ্ত্তৰ ভিতৰ॥
আত অনন্তৰে পাছে যেন কথা ভৈলা।
বৰিষেক অন্তে ভূঞাই গৃহ আসি পাইলা॥১৫৬
দুই চাৰি দিনমানে জিৰাই থাকিলা।
তাত পাছে ৰঙ্গ ৰস কৰিয়া ফুৰিলা॥
শুনা আত অনন্তৰে কথা যেন মত।
কথা সুধিবাক লৈলা সুৱতি ভাৰ্য্যাত॥১৫৭
গৰ্ভবতী নাৰী তাইক দেখি গৈলো মই।
কিবা পুত্ৰ জীউ ভৈলা কহিয়োক তই॥

[ ৩৬ ]

হেন শুনি কুণ্ডতৰাই বুলিলা বচন।
নুহি পুত্ৰ নুহি জীউ ভৈলা কিবাখন॥১৫৮
নুহি জল মাংস কিবা সোপা উপজিলা।
সোধা বুঢ়ী পাঞ্চজনী লগত আছিলা॥
হেনদেখি অসন্তোষ মোহোৰ মনত।
বুঢ়ীৰ হতুৱাই তাক পেলাইলো বনত॥ ১৫৯
সুৱতী ভাৰ্য্যাৰ কথা সত্য মানি মনে।
আন কাতো নুসুধিলা ৰৈলা মনেমনে॥
শুনা আতপৰ পাছে কথা যেন মত।
একদিন বাৰভূঞা পশিলা বনত॥ ১৮০
শৌচ কৰিবাক মনে লটা হাতে লই।
কতো বেলি সেহি ফুল তল পাইলা গই॥
হঠাতে দেখিলে গৈয়া শিশু এক গোট।
শৃগালৰ ছাৱা সমে ওমলি আছন্ত॥ ১৬১
মানুষক দেখা পাই উলটিয়া গৈলা৷
আঠু কাঢ়ি গৈয়া সেহি গত্তত পশিলা॥
বিপৰীত দেখি আসিলেক মনে গুণি।
কিবা দেব মায়া ইয়াৰ নাজানো কাহিনী॥১৬২
গুণিয়া গাণ্ঠিয়া [৯] তাত কতো বেলি ৰৈলা।
তাত পাছে পানী লই গৃহক আসিলা॥


[ ৩৭ ]

মনে মনে ভাবিচিন্তি আসিলা গৃহক।
নকহিলা ইটো কথা কাহাৰো আগত॥১৬৩
উগুল থুগুল মনে গুণিবে লাগিলা।
দুই চাৰি দিন পৰে পুনঃ তৈকে গৈলা॥
সিদিনাৰ কথা আৰু অতি অদভুত।
শৃগালী আছিলা বসি গাতৰ মুখত॥ ১৬৪
দেখি ভূঞাঁ শৃগালীৰ কাষ [১০] চাপি গৈলা।
আগ বাঢ়ি গৈয়া তাই সেৱা এক কৈলা॥
কাষৰক আসে আৰু উলটিয়া যাই।
বিস্ময় মানিয়া ভূঞাঁই আছে তাইক চাই॥ ১৬৫
ভূঞাঁই ভাবে ইটো কথা কিনো বিপৰ্য্যয়।
আচোক পলাই যাইবে খেদিয়া আসয়॥
কাণ্ড [১১] দেখি তৈৰপৰা উলটি আসিলা।
পণ্ঠত আসন্তে ভূঞাঁই বিস্তৰ গুণিলা॥১৬৬
গৃহত নাছিলোঁ গইছিলো গঙ্গা স্নানে।
ভাণ্ডিলা [১২] সুৱতী তাইক জানিলোহো মনে॥
এহিবুলি গুণি গাণ্ঠি গৃহত পশিলা।
নিৰ্জ্জন স্থানত গৈয়া চাণ্ডাত সুধিলা॥১৬৭


[ ৩৮ ]

তোৰ গৰ্ভ দেখি মই গৈলো গঙ্গা স্নানে।
কিবা পুত্ৰ জীউ ভৈলা কহিয়ো এখনে॥
চাণ্ডতৰা বোলে প্ৰভু নজানোহো তাক।
কিব পুত্ৰ জীউ ভৈলা বাই জানে তাক॥ ১৬৮
ভূঞাঁ বোলে তই আছিলিহি কোন স্থানে।
তোহোৰ গৰ্ভৰ কথা আনে জানে কেনে॥
চাণ্ডতৰা বোলে প্ৰভু কিছু হেতু ভৈলা।
চক্ষুত কপোৰ মোৰ তানিয়া বান্ধিলা॥১৬৯
ডৰাইবি বুলিয়া বাই বুঢ়ী সমম্বিতে।
সাত যে তৰপ বস্ত্ৰ বান্ধিলা চক্ষুতে॥
এহিহেতু কৈবে নৰো [১৩] প্ৰকৃত কাৰণ।
এক গোট চৰু ভৰি থৈলা ফুল খন॥ ১৭০
তাহাঙ্ক দেখাইলা মোক তোৰ এহি ভৈলা।
এহিমতে কথা চাণ্ডা ভূঞাঁত কহিলা॥
হেনশুনি ভূঞাঁই পুনু চাণ্ডাত পুচন্ত।
কোন কোন বুঢ়ী তোৰ আছিলে লগত॥ ১৭১
হেনশুনি চাণ্ডতৰাই কহিবে লাগিলা।
যেহি যেহি বুঢ়ী তান লগত আছিলা॥
গাওঁমেৰি, মুখভেৰি, যশোদা, মাস্তানী।
তেলেনী সহিতে এই বুঢ়ী পাঞ্চজনী॥ ১৭২


[ ৩৯ ]

এহি পাঞ্চ বুঢ়ী মোৰ লগত আছিলা।
এহি সব কণা চাণ্ডাই ভূঞাঁত কহিলা॥
ভূঞাঁই বোলে কিছু কথা কহোঁ আবে মই।
যি কথা শুধিলো কৈতো নকহিবি তই॥১৭৩
এহি বুলি চলি গৈলা কুণ্ডৰ ভুবন।
দেখে কুণ্ড শুতি আছে হৈয়া নিমগন॥
স্বামীৰ যে মাত শুনি তেনে জাগিলা।
আসনক দিয়া আতি সমাদৰ কৈলা॥ ১৭৪
ভূঞাঁ বোলে প্ৰিয়া যদি বেথা আছে মোত।
নভাণ্ডিবি কথা এটি শোধো আবে তোত॥
তোহোক বিশ্বাস মই কৰোঁ নিৰন্তৰ৷
নাভান্দিবি সত্য কথা কহিবি সত্বৰ॥ ১৭৫
গৰ্ভ দেখি তাইৰ গৈছিলো গঙ্গা স্নানে।
কিবা পুত্ৰ জীউ ভৈলা কহিয়ো এখনে॥
মোত যদি বেথা আছে নভান্দিবি তই।
তোৰ সমান মোৰ কোন দয়াৰ আছয়॥১৭৬
তেনে যদি শত নাৰী হোৱে পুত্ৰৱতী।
তথাপি তোহোৰ সমান নহয় সুৱতী॥
আৰু এক কথা মই কহো তোত আবে।
সব কথা মোত কহি আছে বুঢ়ী সবে॥ ১৭৭
এহিৰূপে ভূঞাঁই চাণ্ডি কথাক ধৰিলা।
হেনশুনি কুণ্ডতৰাৰ উশাহ হৰিলা॥

[ ৪০ ]

কুণ্ড বোলে পূৰ্ব্বে সত্য কহিছো বচন।
আগে যি কহিছোঁ সেয়ে প্ৰকৃত কাৰণ॥ ১৭৮
পুত্ৰ নুহি জীউ নুহি ফুল বাজ ভৈলা।
হেনদেখি বুঢ়ীহঁতে বনত পেলাইলা॥
হেনশুনি ভূঞাঁ আৰু নাথাকিলা ৰই।
ঘৰৰ বাহিৰ হল দুৱাৰ বান্ধি থই॥ ১৭৯
কথাৰ প্ৰমান চাওঁ থাক ভিতৰত।
বুঢ়ীহঁতে কহে কিবা সোধো স্বৰূপত॥
এহিবুলি তৈৰ হন্তে চলিয়া গৈলেক।
বুঢ়ী পাঞ্চজনীক গই মাতি আনিলেক॥ ১৮০
ভুঞাঁ বোলে সত্য কৰি কহিবি তহঁতে।
কুণ্ডতৰাই কহি আছে মোহোৰ আগতে॥
কুণ্ডে বোলে মোৰ মনে অসন্তোষ ভৈলা।
হেনদেখি বুঢ়ী মোক সন্দেশ কৰিলা॥ ২৮১,
নকৰিবা অসন্তোষ শুনিয়োক আই।
তুমি আমি বিনে আত কোনো লোক নাই॥
এইৰ যদি পুত্ৰ হোৱে বনত পেলাইবো।
এহিসে জন্মিল বুলি ফুলক দেখাইবো॥ ১৮২
নকহিবা কাতো তুমি ইতো কথা যত।
এহি বুলি ছয়ো তৈতে খাইলিহি শপত॥
সত্য খাই ছয়ো তৈতে এহি যুক্তি কৈলি।
আজলিক ভাণ্ডি পাছে ফুলক দেখাইলি॥ ১৮৩

[ ৪১ ]

এহি সব কথা কুণ্ডে মোহোত কহিলা।
কিবা সঁচা কিবা মিছা কহিবে বুলিলা॥
বুঢ়ী ভৈলি সত্য কথা কহিবি নিশ্চয়।
সত্য যদি কহ একো নকৰোহো মই॥ ১৮৪
বুঢ়ীহঁতে বোলে প্ৰভু শুনিয়ো বচন।
তোমাৰেসে দাসী আমি জানা সৰ্ব্বক্ষণ।
এতিয়া আমাৰ গাত দিলা দাইখানি॥
থৈয়া আছোঁ পৰিমান এহি কথা জানি॥ ১৮৫
ভূঞাঁ বোলে কহ কিনো পৰিমান থৈলি।
ছাৱালৰো কথা কহ কেমনে পেললি॥
বুঢ়ীহতে বোলে কথা ইমানতে থঁও।
ঘৰৰপৰা আহি আগে প্ৰমাণ দেখাওঁ॥ ১৮৬
এহি বুলি পাচোঁ বুঢ়ী ঘৰাঘৰি গৈলা।
পাঞ্চ কুৰি টকা আনি ভূঞাঁক দেখাইলা॥
এহি টকা আমাসাৰ বান্ধি আঞ্চলত।
কৈলা পুত্ৰ উপজিলি পেলাবি বনত॥ ১৮৭
জীউখানি হয় যদি নামাৰি ৰাখিবি।
এহি কথা কেতিয়াও কতো নকহিবি॥
এতেকেতে আমাসাৰ কোনো দোষ নাই।
নাপালোঁ বচন যদি ৰাজ্যে নেদে ঠাই॥ ১৮৮
তান পাছে যেতিক্ষণে পুত্ৰ উপজিলা।
এহি তিনি বুঢ়ী নিয়া বনত পেলাইলা॥

[ ৪২ ]

আমি দুইজনী বুঢ়ী আছিলোঁ লগত।
মাকক ৰাখিলোঁ গম নাপাই যি মত॥ ১৮৯
ফুলক যতন কৰি থৈলোঁ চৰু ভৰি।
এহি সব কথা ভাঙি কৈলা পাঞ্চ বুঢ়ী॥
হেনশুনি ভূঞাঁ পাছে নিঢালে (দ) পৰিলা।
কতো বেলি পৰে পাছে চেতন লভিলা॥ ১৯০
কহা কোন বনে নিয়া পেলালি ছাৱাক।
ব্ৰহ্ম বধ কৈলি ডৰ নাহিকে মোহোক॥
হেনশুনি বুঢ়ীগণে কম্পি কম্পি কলে।
পেলাইলোঁ উত্তৰে নিয়া কেতেকীৰ তলে॥ ১৯১
হেনশুনি ভূঞাঁই পাছে আদেশ কৰিলা।
বুঢ়াহঁত সমে কুণ্ডক বন্দী কৰি থৈলা॥
শুনা সৰ্ব্বজন পাছ কথা যেন ভৈলা।
আত অনন্তৰে সেহি ঝাহি মাজে গৈলা॥ ১৯২
যেবে ঝাহি পাইলা গই ভূঞাঁ বিপ্ৰবৰ।
ঝাহি কাটি গৰ্ত্ত বিচাৰিলা তাত পৰ॥
গৰ্ত্ত যেবে পাইলা গই শুনা যেনে ভৈলা।
লাসে লাসে অল্পে অল্পে খাণ্ডিবে লাগিলা॥ ১৯৩
কতো বেলি পৰে ভূঞাই দেখা পাইল পাছে।
দেখে শিশু শৃগালী সহিতে তৈতে আছে॥

(দ) অচেতন হৈ ঢলি পৰিল।

[ ৪৩ ]

মানুষক দেখি শিশুৰ ৰেবুৱা লাগিলা।
শৃগালীৰ পেটৰ সন্ধিত (খ) লুকাইলা॥ ১৯০
দেখিয়া ভূঞাৰ মনে আনন্দ মিলিলা।
চোপে বাহে সমস্তকে গৃহক আনিলা॥
যিটো মহা কাল সৰ্প তহিতে আছিলা।
শিশুক আনিবে দেখি খেদিয়া আসিলা॥ ১৯৫
বেগ ধৰি আসি সিটো তান লগ লৈলা।
দেখি ভূঞাঁই সমষ্টক গৃহক আনিলা।
যেবে বিপ্ৰবৰে শিশু লই গৃহে আইলা।
ক্ৰন্দনৰ উৰ্ম্মি (ন) গৃহময় উথলিলা॥১৯৬
মাতৃয়ে বোলয় মোৰ শিশুখানি ভৈলা।
দয়াৰ খাইটি(প)হতে বনত পেলাইলা॥
যাতো মোৰ ভাগ্যে পুত্ৰ আছিলা পূৰ্ব্বত।
সিকাৰণে নমৰিয়া ৰহিলা গৰ্ত্তত॥ ১৯৭
মোৰ আই শৃগালী তই কমনে ৰাখিলি।
কাৰ স্তন ভাত দিয়া শিশুক পালিলি॥
মোহোৰ পুতাই তোৰ তোলোনীয়া ভৈলা।
খাইবাৰ বস্তুক তই নখাই ৰাখিলা॥ ১৯৮


(ধ) পেটৰ ফালে চাৰি ঠেঙৰ মাজত।
(ন) ৰোল।
(৭) দয়া খোৱা অৰ্থাৎ কাঠ চিতিয়া হৃদয়ৰ তিৰোতা

[ ৪৪ ]

কোনোবা জন্মৰ তোৰ আছিলা পুতাই।
সেয়েহে শিশুক গৰ্ত্তে ৰাখিলি জীয়াই॥
এহি বুলি তান মুখে স্তন দিলা গই।
নাখাই স্তন কান্দে শিশু শৃগালীক চাই॥ ১৯৯
আচোৰা আচোৰি কৰি এৰাইলা হাতৰে।
শৃগালীৰ বুকু মতে সোমাইলেক ডৰে॥
দেখিয়া শৃগালী নিয়া মাজ বৰি লৈল।
আপোনৰ ছাৱাক সে কাম কৰি থৈলা॥ ২০০
হেনদেখি সবলোকে [১৪] বিস্ময় ভৈলন্ত।
শৃগালীক মাৱ বুলি জানিয়া আছন্ত॥
ইহাৰ উপাই কিছু আছয় জানিবা।
কিছুদিন শৃগালীক লাগয় ৰাখিবা॥ ২০১
ইহাক কৰিলে শিশু ৰাখিবে পাৰিবি।
কিছু কিছু আনি কিছু শৃগালীক দিবি॥
উপজিয়ে গৈলা সিটো শৃগালীৰ গৰ্ত্তে।
বৰিষেক ভৈলা শৃগালীৰ স্তন ভাতে॥ ২০২
এহ গোটা মোৰ মাৱ বুলি জানিছে।
বৎসৰ ভৰিয়া তান স্তন পান কৰিছে॥
আৰু একজনী কহে মাতৃক বুজাই।
নাকান্দিবা আই শুনা কথা কহো মই॥ ২০৩

[ ৪৫ ]

যমৰ হস্তীক লোকে ৰাখয় গৃহত।
দুই চাৰি দিনে সিটো পোষণ মানন্ত॥
এতেকেতে আই নকৰিবা অসন্তোষ।
দুই এক মাসে তোৰ শিশু লৈবে পোষ॥ ২০8
চাণ্ডতৰা বোলে মোৰ অসন্তোষ এই।
জানো ৰাতি শিশু লৈয়া শৃগালী পলাই॥
মৰিবাৰ পুত্ৰ, মোৰ গৃহক আসিলা।
যেন সন্দি পনি মুনি মৰা পুত্ৰ পাইলা॥ ২০৫
যেন শিশু গণে দেখি স্বৰ্গৰ চন্দ্ৰক।
মাৱক বোলয় ধৰি আনি দেহ মোক॥
স্বৰ্গৰ চন্দ্ৰক শিশু জানিবা নাপাই।
মই কিন্তু হেন চন্দ্ৰক গৃহে পাইলোঁ আই॥ ২০৬
এতেকতে চিত্তে মোৰ সহিব কেমনে।
ৰাজত শিশুক এৰি থাকিব কেমনে॥
আৰু একজনী বোলে হৰি হৰি আই।
হৰা নিধি পাইলা যেবে কোনো ভয় নাই॥ ২০৭
তোৰ কথা শুনি মোৰ আমনি লাগয়।
মৰা পুত্ৰ পাইলি তবু চিন্তা নুগুচয়॥
শৃগালীৰ কাষৰত বসিয়া থাকিবি।
দিনৰ বেলিকা সুখে নিদ্ৰাক কৰিবি॥২০৮
হেন গুনি ভূঞাঁদেৱে গহিনে মাতয়।
নকৰিবি চিন্তা এক আছয় উপায়॥

[ ৪৬ ]

এহি গোট গৃহ বেঢ়ি ভিতৰত থৈবো।
বাজত অনেক পালী পহৰীয়া থৈবো।২০৯
ইদৰে ৰাখিলে গৃহে কিছু শঙ্কা নাই।
নাখাই তুলিলা গৰ্ত্তে শৃগালীয়ে পাই॥
মোক দেখি ওলাই আসি সেৱাক কৰিলা।
ওচৰক আসি পুনু উলটিয়া গৈলা॥২১০
বোলে তোৰ পুত্ৰ আছে মোহোৰ গৰ্ত্তত।
এহি বুলি বাৰ্ত্তা কহি গৈলা স্বৰূপত॥
বাৰ্ত্তা নকহিলে কিয় ওচৰে আসিব।
ওচৰত সেৱা কৰি গৰ্ত্তত পসিব॥২১১
এতেকে শৃগালী শিশু বনক নেনয়।
ইহাক সংশয় কৰিবাক নলাগয়॥
সি কথা থাকোক এটি কথা কহো মই।
শৃগালীক লাগি তুমি ভাত ৰন্ধা গই॥২১২
হেন শুনি চাণ্ড ভাত ৰান্ধিবাক গৈলা।
শৃগালীৰ গৃহ বিপ্ৰে বেৰিবকে দিলা॥
গৃহ বেঢ়ি শৃগালীক ভিতৰক নিলা।
তাত পাছে চাণ্ড তৰা ভাত আনি দিলা॥২১৩
সৰ্পক দিলেক আনি বেং মৎস্য ধৰি।
শৃগালীক ভাত চাণ্ডে দিয়ে আগ কৰি॥
চাৰিফালে চাহি লোক আছে অগণন।
হেনদেখি শৃগালীয়ে নাখাইলেক অন্ন॥ ২১৪

[ ৪৭ ]

ভূঞাঁ বোলে সৰ্ব্বলোক শুনিও বচন।
অন্তৰিয়া একতিল বোৱা সৰ্ব্বজন॥
যেবে সময্যাৰ লোক অন্তৰিয়া গৈলা।
ভাৰ্য্যা স্বামী দুয়োজনে চাহিয়া আছিলা॥ ২১৫
হেন দেখি শৃগালীয়ে ছাৱা সমন্বিতে।
খাইবেক লাগিলা ভাত অতি আনন্দিতে॥
শৃগালীৰ ছাৱা সমে শিশু ভাত খাই।
হেন দেখি চাণ্ডতৰাই কান্দন্ত ৱিনাই॥২১৬
হৰি হৰি বাপু তোৰ হেনসে বিপত্তি।
বৰিষ বঞ্চিলি কাল বিকাল সহিতি॥
এহি বুলি চাণ্ড শোক বিস্তৰ কান্দিলা।
চারা সমে শৃগালীয়ে ভাত পানী খাইলা॥২১৭
শুনা সৰ্ব্বজন পাছ কথা আত পৰ।
অস্তাগত আসি পাছে ভৈলা দিবাকৰ॥
সিটো ৰাত্ৰি ভূঞাঁ চাণ্ড সেহি গৃহে ৰৈলা।
রাজত সমস্ত ভৃত্য পহৰীয়া কৈলা॥২১৮
শুনা ইটো কথা আতি অদভুত বৰ।
সৰ্প গোটো ৰৈলা সেহি গৃহৰ ভিতৰ॥
শৃগালীয়ো ৰৈলা তৈতে ছাৱা সমন্বিতে।
ভূঞাঁয়ো ৰহিলা চাণ্ড তৰায়ে সহিতে॥২১৯
কেনে অদভুত দেখা বিপৰীত আতি।
ঘোৰ অন্ধকাৰে সৰ্প শৃগালী সহিতি॥

[ ৪৮ ]

সহিলেক ভাৰ্য্যা স্বামী শিশুৰ লগত।
নাখাইলেক সৰ্পে ইটো কথা অদভূত॥২২০
এহিমতে ভূঞাঁ চাণ্ডা কতো বেলি ৰৈলা৷
মাজ নিশা ভূঞাঁ চাণ্ড তৰাক মাতিলা॥
কিছু কথা কওঁ মই চাণ্ডা পাত কাণ।
লাসে কৰি উঠি গৈয়া শিশু গুটিক আন॥২২১
কিছু কিছু আনি সজ কৰিয়ো শিশুক।
নকৰিলে সজ কোনে ৰাখিবেক তাক॥
হেনশুনি চাণ্ড তৰা উঠিয়া যে গৈলা।
অন্ধকাৰ ৰাত্ৰি শিশুক বিচাৰিবে লৈলা॥২২২
বিচাৰন্তে সৰ্পৰ যে গাতে দিলা ভৰি।
উঠিলেক সৰ্পগোট কেৰ মেৰ কৰি॥
হেন দেখি চাণ্ডতৰা মনত ডৰিলা।
লাসে কৰি গাৰ পৰা ভৰি অন্তৰালা॥২২৩
সৰ্পক ডৰায়া গৈয়া শৃগালীক পাই।
দেখে চাণ্ডা আপোনাৰ শিশু গুটি গই॥
তিনিটি শৃগালী ছাৱা অন্তৰাই থৈলা।
তাত পাছে আপোনাৰ শিগু গুটি পাইলা॥২২৪
শৃগালীয়ে নিজ ছাৱা ৰাখি কাষৰত।
মনুষ্য শিশুক ৰাখে বুকৰ মাজত॥
হেন দেখি চাণ্ড তৰাৰ মৰম লাগিলা।
লাসেকৰি আনি শিশুক কোলে তুলি লৈলা॥২২৫

[ ৪৯ ]

কোলে তুলি লৈয়া চুমা দিলন্ত মুখত।
মইসে তোমাৰ মাৱে জানা স্বৰূপত॥
নুহিকা শৃগালী মাৱে জানা মোৰ বাপ।
বাপ নুহি আসি আছে যিটো কাল সাপ॥২২৬
আহাচেদিহঁতে মহা যন্ত্ৰনা পাতিলা।
অসন্মতে বস্ত্ৰ মোৰ চক্ষুত বান্ধিলা॥
ডৰাবি বুলিয়া বুদ্ধি পাতিলা বিস্তৰ।
সি কাৰণে তোক পেলাই বনৰ ভিতৰ॥২২৭
বনে পাই শৃগালীয়ে গৰ্ত্তক নিলন্ত।
গুণি চোৱা কোন খানি দোষ ভৈলা মোত॥
মোত আসি কৈলা তোক বনত পেলাই।
বোলে চাণ্ডা তোৰ গৰ্ভে পুত্ৰ জীউ নাই॥২২৮
অৱশেষ ফুল তাক চৰুত ভৰাইলা।
এহি তোৰ ভৈল বুলি তাকেসে দেখাইলা॥
মই বোলো মোৰ গৰ্ত্ত বঞ্চিলা গোসাই।
চক্ষু যদি নাবান্ধয় দেখোঁ সমুদাই॥২২৯
এতেকতে বাপ মোত দোষ কোন খানি।
তুমি সন্ত ভুত ভৱিষ্যত আছা জানি॥
এহিমতে চাণ্ড কথা সমষ্ট কহিলা।
শুনি শিশুই তিনি গোট নিশ্বাস তেজিলা॥২৩০
পুত্ৰ মুখে চাণ্ড তৰাই স্তনক দিলন্ত।
খাৱ স্তন বাপ মোত দোষ নাহিকন্ত॥

[ ৫০ ]

মাৱৰ কাৰুণ্যে পুত্ৰে এৰিলেক কোপ।
বচন ৰাখিয়া খাইলা স্তন এক হোপ॥২৩১
আৰু স্তন নাখাই দেখি স্বামীৰ কোলে দিলা।
দুহান্তৰ মধ্যে নিয়া শিশুক ৰাখিলা॥
বাপেকে বোলয় পুনু স্তন মুখে দিয়ো।
খাক বা নাখাক কিছু অভ্যাস কৰিয়ো॥২৩২
এহিমতে স্তন দিয়া দুয়ো নিদ্ৰা গৈলা।
ধৰিয়া আছিলা মানে শিশুও আছিলা॥
যেবে বাপ মাৱ নিদ্ৰা গৈলা দুয়োজন।
লাসে কৰি শিশু উঠি গৈলেক তেখন॥২৩৩
শৃগালীৰ লগে যাই শুতিয়া ৰহিলা।
তাত অনন্তৰে নিশা অবসান ভৈলা॥
মাকে বোলে উপায় নাহি ইহাৰ লগত।
শুই আছে শিশু দেখা শৃগালী লগত॥২৩৪
এহিমতে কিছু কিছু অভ্যাস কৰিলা।
এহিদৰে শিশু গোটে কিছু ঘৰ লৈলা।৷
এহিমতে শিশু পাছে ৰহিলা গৃহত।
বাপেকে কৰিলা কৰ্ম্ম প্ৰায়শ্চিত্ত যত॥২৩৫
এহিমতে শিশু, যদি গৃহত ৰহিলা।
ক্ৰমে ক্ৰমে ছয় মাস উপগত ভৈলা॥
তাত অনন্তৰে সৰ্প বনত পশিলা।
শিশুক ৰখিয়া ছয় মাসেক আছিলা॥২৩৬

[ ৫১ ]

শৃগালী বৰিষ এক আছিল গৃহত।
শিশুক সাদৰি তাই পশিলা বনত॥
আত অনন্তৰে শুনা যেন কথা ভৈলা৷
তাত পৰে শিশুক যে যাত কৰ্ম্ম কৈলা॥২৩৭
বৰিষ আছিলা দেখি গৰ্ভৰ ভিতৰ।
সি কাৰণে তাৰ নাম ভৈলা সম্বৎসৰ॥
যি পাঞ্চ বুঢ়ীক ভুঞাঁই বন্দী কৰিছিলা।
কুণ্ডসমে সমষ্টকে ঢকাই [১৫] খেদিলা॥ ২৩৮
শুনা সৰ্ব্বজন আৰু কথা একবৰ।
সৰ্প ও শৃগালী গৈলা ওলাই গৃহৰ॥
সি দিনাৰ হন্তে সৰ্পে আৰ বংশক নখাই।
শৃগালেয়ো একো দ্ৰব্য হানি নকৰয়॥২৩৯
কেতেকী কঠাল ফল আৰু যে কুন্দাৰ।
সেহি দিনা হন্তে জানা নাখাই আসম্বাৰ॥
ইটো পৰিমান জানা অদ্যাপিয়ো ৰৈলা।
যত মহন্তৰ বংশাৱলী চলি গৈলা॥ ২৪০
অদ্যাপিয়ো একো দ্ৰব্য নাখালে [১৬] নিশ্চয়।
মৰিবাৰো বাৰ্ত্তা পাইলে অশুচ খাটয়॥

[ ৫২ ]

গৰ্ত্তত বৰিষ ৰৈলা তথাপি নখাইলা।
সি কাৰণে তান ইটো পদখানি ভৈলা॥২৪৩
কাল ও বিকালে যাক ৰাখে যত্ন কৰি।
ইহাঙ্ক মানুষ আবে বুলি কেন কৰি॥
সি কাৰণে পদখানি ভৈলেক প্ৰচাৰ।
নুহিকা মনুষ্য দেৱ অংশে অৱতাৰ॥২৪॥
আৰু বিপৰীত কাৰ্য্য কৰিলা ৰাজ্যত৷
অদ্যপিও আছে যাৰ কীৰ্ত্তি অসংখ্যাত॥
পূৰ্ব্বাপৰ ইটো কথা চলিয়া আছয়।
আৰা সবে শৃগালক নামাৰে নিশ্চয়॥২৪১
ভিজাই বুৰাই চৰু হাণ্ডীক পেলাই।
এহিমত ৰূপে সিটো অশুচ খেদই॥
আনে যদি মাৰে তাকো ৰাখয় যতনে।
সৰ্পক নামাৰে আৰু জানা সৰ্ব্বজনে॥ ২৪২
শুনা সৰ্ব্বজনে পদ মহন্ত সন্তৰ।
কেনে অদভুত দেখিলাহা নিৰন্তৰ॥
আকে জানি মোৰ দোষ ক্ষমিয়ে যুৱাই৷
কৰিলো কবিতা আমি কিছু কথা পাই॥২৪৫
নাহি শাস্ত্ৰ জ্ঞান মোৰ মুৰুখ স্বভাৱ।
মাত্ৰ আশা কৰিলেহোঁ মাধবৰ পাৱ॥
তাতে কিছু কৃপা কৈলা বাক দেৱী আই।
তান গুণে ভিক্ষা মাগি ফুৰো গীত গাই॥ ২৪৬

[ ৫৩ ]

এহিসে দৰঙ্গ ৰাজ্য গৃহখানি ভৈলা।
গণিতা বিপ্ৰত হৰি জনম দিলা।
নাহিকয় শাস্ত্ৰ জ্ঞান গণনা পঢ়ন।
স্বভাৱতো শিশু দোষ ক্ষমা সৰ্ব্বজন॥ ২৪৭
শুদ্ৰ নাৰায়ণ ৰজা দৰঙৰ পতি।
আন ৰাজ্যে ভিক্ষা মাগি ফুৰোহোঁ সম্প্ৰতি॥
দৰঙ্গ মধ্যত আছে চপৰা নামে গ্ৰাম।
দক্ষিণত য'জ আলি আছয় উত্তম॥২৪৮
তৈতে থাকি ই কবিতা ৰচিলোহো মই।
চাউল মাগিবৰ ইটো প্ৰধান উপাই॥
যেহেন গুৰিখা সৱে গীতক গাহন্ত।
তাত কোনো সাধু লোকে দোষ নধৰন্ত॥২৪৯
বোলন্ত স্বভাৱে ইটো গুৰিখা নিশ্চয়।
যেহি আসে মূখে তাৰ তাহাকে গাৱয়।
আকে জানি মোৰ দোষ ক্ষমা সৰ্ব্বজন।
তৰিবাৰ হেতু সবে ভজা নাৰায়ণ॥
মিছা মায়াময় ইটো অসাৰ সংসাৰ।
হৰিক ভজিলে জানা পায় তাৰ পাৰ॥
পাছ কৰি পোৱা ধন জন আন কাম।
পাতেক চাৰোক বোলা ডাকি ৰাম ৰাম॥২১

⸻০⸻

[ ৫৪ ]


চবি।

শুনিয়োক সৰ্ব্বনৰ আৰু কথা মহন্তৰ
 শিয়ালা বৈষ্ণব কথা চয়।
এহিমতে তৈতে যেবে  মহা ৰঙ্গে বসে আছে
 বৰিষ ভৈলেক পাঞ্চ ছয়॥
নিযম সংযম মতে যাত কৰ্ম্ম কৰিলন্ত
 তাত পাছে যজ্ঞ সূত্ৰ দিলা।
শুনা সৰ্ব্বজন পাছে  এহিমতে সন্ত আছে
 আমি পাছে অথন্তৰ ভৈলা॥
আপোমাৰ পিতৃ যিটো  আছিলেক ভূঞ মহাঁ
 নামে ধৰ্ম্ম দেৱ বিপ্ৰবৰ।
কতোদিন থাকি পঞ্ছে   গৈলা স্বৰ্গলোকে চলি
 ৰৈলা পুত্ৰ দৰঙ্গ ভিতৰ॥
যেবে পিতৃ স্বৰ্গে গৈলা দেখি প্ৰভু সম্বৎসৰ
 মাৱে সমে শোক কৰি ৰৈলা।
বিধিমতে প্ৰেত কাৰ্য্য  কৰি সব সমাপন
 দানে মানে বিপ্ৰক তুষিলা॥ ২৫৩
এহিমতে প্ৰেতকাৰ্য্য  সমাপন কৰি বিপ্ৰ
 ৰহিলেক তৈতে মায়ে সমে।
শুনা আত অনন্তৰে পাছে যেন কথা ভৈলা
 এক ৰাজা আছয় পশ্চিমে॥

[ ৫৫ ]

বিশ্বসিংহ নাতি সিটো  মহা যশৱন্ত ৰজা
 যাৰ কীৰ্ত্তি দশোদিশে গৈলা।
পৰম সুন্দৰ ৰজা  বল বীৰ্য্য পৰাক্ৰমে
 নাম যাৰ ৰঘুদেৱ ভৈলা॥ ২৫৪
ইটো মহা বিপ্ৰবৰ  নামত যে সম্বৎসৰ
 তান কীৰ্ত্তি ঘোষয় ৰাজ্যত।
শুনিলেক মহাৰজা  তাহান জন্মৰ কথা
 অনেক যে প্ৰজাৰ মুখত॥
জন্মিলে মাত্ৰকে নিয়া  বনত পেলাইলা তাঙ্ক
 সিটো বনে পাইলেক শৃগালী।
শৃগালীয়ে শিশু পাই  গৰ্ত্তে নিলা সুমুৱাই
 ৰৈলা গৰ্ত্তে কৰি মহা কেলি॥ ২৫৫
বৰিষেক আছিলেক  গৰ্ত্তৰ ভিতৰ সিটো
 ৰাখিলা শৃগালী পতি কৰি।
আৰু এক সৰ্পৰাজে  আছিলেক তাঙ্ক ৰখি
 ইটো নুহি মানুষৰ সৰি॥
হেন শুনি মহাৰজা বিস্ময় মানিয়া মনে
 নিবে তাঙ্ক দুত পাঞ্চি দিলা।
দুতে আসি ৰাজ আজ্ঞা  কহিলা তাহান আগে
 মহাৰাজে নিবে পঠাই দিলা॥২৫৬
তাত পাছে বিপ্ৰবৰ সন্ত মহা সম্বৎসৰ
 ৰজাৰ নগৰে লৰিলন্ত।

[ ৫৬ ]

দুই তিনি দিনে যাই গ্ৰাম গ্ৰাম দেশ হাবি এৰাই
 ৰই ৰই গৈলা মহাসন্ত॥
শুনিয়োক সৰ্ব্বজন মিছা মায়াজালে পৰি
 কেনে কৰা অসাস্বত কাম৷ গসাগুই কাম।
সাস্বত কৃষ্ণৰ নাম   তাঙ্ক ডাটী ধৰা সবে
 নিৰন্তৰে বোলা ৰাম ৰাম॥ ২৫৭

⸺৹⸺

পদ৷

পাছে যেন কথা ভৈলা শুনা সৰ্ব্বজন।
সম্বৎসৰ বৈষ্ণৱৰ কথা বিতোপন॥
দূত সমে যাত্ৰা কৰি ৰহিল গ্ৰামত।
পিচ দিনা ৰৈলা বৰ নদীৰ তিৰত॥ ২৫৮
লগত বাৰটি ভক্ত টেকেলা দুজন।
এহিষে পোনৰ জন কৰিলা গমন॥
কামৰূপে ৰৈযা বাই প্ৰত্যেক নিশাত।
ভয়ঙ্কৰ এক নদী পাইলেক বাটত॥২৫৯
নামত দৰিকা জানি নদী খৰতৰ।
অগাধ অথানি জল দেখি লাগে ডৰ॥

[ ৫৭ ]

নাও নৌকা নাহি দুয়ো পাৰে পাৰে হাবি বৰ।
ওচৰত গাও নাহি হাবি ভয়ঙ্কৰ॥২৬০
কিমতে হৈবেক পাৰ গুণয় মনত।
ভৈলেক আবেলি বেলা (ম) সূৰ্য্য অস্তাগত॥
হেন সময়ত এক ভৈলা বিপৰ্য্যয়।
আচোক দেখিবে শুনিলেক লাগে ভয়॥২৬১
ভয়ঙ্কৰ দুটা বাঘ্ৰে খেদিয়া আসিলা।
মনুষ্যক দেখি আতি গৰ্জ্জন কৰিলা॥
আছে সৰ্বজনে চাই ব্যাঘ্ৰৰ মুখক।
ব্যাঘ্ৰেও আচয় চাই সিটো মনুষ্যক॥ ২৬২
সেহিবেলা যিটো ভৈলা শুনা সৰ্ব্বজন।
ব্যাঘ্ৰ মনুষ্যৰ আবে শুনিও কাৰণ॥
আগবাঢ়ি সবৎসৰে হাতে মালা ধৰি।
ব্যাঘ্ৰৰ মাথাত দিলা আশীৰ্ব্বাদ কৰি॥২৬৩
শুনা বাপু বন ৰজা মোহোৰ বচন।
মোহোৰ কাহিনি কওঁ ওনা দিয়া মন॥
ৰজাৰ নগৰ যাও নেই দণ্ডী কৰি।
মোৰ কথা শুনি বাপু সুমৰিবি হৰি॥২৬৪
আৰচিয়া হিংসা কৰি সতিয়া যে আই।
দেখিব নোৱাৰি মোক বনত পেলাই॥


(ম) দিন আৰু ৰাতিৰ সন্ধি সময়। গধুলী। [ ৫৮ ]

জনমিবা মাত্ৰে মোক চৰুত ভৰাই।
কেতেকী ফুলৰ তলে নিশাতে পেলাই॥২৬৫
শৃগালীৰ গৰ্ত্তে তৈতে ফুলৰ তলত।
কামুৰি গৰ্ত্তক নিয়া গৈলা ভিতৰত॥
একই বৎসৰ সিটো গৰ্ত্তত আছিলোঁ।
আচোক মাতৃক মনুষ্যক নেদেখিলোঁ॥২৬৬
শৃগালীৰ স্তন পানে বৎসৰ আছিলোঁ।
বৎস্বৰৰ অন্তৰে মাতৃক লগ পাইলোঁ॥
গৰ্ত্তৰ যে হন্তে পিতৃ আনিল খাণ্ডিয়া।
ঢোল কালি বজাইয়া আনন্দ কৰিয়া॥২৬৭
এই কথা বেহাৰৰ ৰজা শুনিলন্ত।
চাওঁ কেনে বিপ্ৰ সিটো অহিক (খ) আসন্ত॥
এতেকে চলিয়া যাওঁ নেই দূতে ধৰি।
কহিলোহো প্ৰয়োজন বুজা ভাল কৰি॥২৬৮
নাপাতা জঞ্জাল এবে তুমি বন ৰজা।
নাই কোৱা মিছা আক জানে সব প্ৰজা॥
হেন শুনি বন ৰাজে মনত গুণিলা।
মনুষ্য ৰূপত ইটো ঈশ্বৰ আসিলা॥২৬৯
মাংসলোভী শৃগালীও নাখাইলে যাহাক।
ইহাঙ্ক হিংসিলে পাপে পাইবে আমাক॥


(খ) ইয়ালৈ। [ ৫৯ ]

অপবিত্ৰ পশু সিটো শৃগালী অজ্ঞান।
তাই ভক্ষ নকৰিলা কথা বিতোপন॥২৭০
ইগোট মনুষ্য নুহি ঈশ্বৰ সাক্ষাত।
হেন কথা দুয়ো ব্যাঘ্ৰে ভাবয় মনত॥
কতোবেলি মান দুয়ো গুণিয়া আছিলা।
তল মুখে দুয়ো মাথা মাটিত থাপিলা॥২৭১
নমস্কাৰ কৈলা দুয়ো হাত যোৰ কৰি।
বনে ঝাপ দিয়া দুয়ো বাট দিলা এৰি॥
আত অনন্তৰে শুনা কথা যেন মত।
আছে পাৰ হব নৰি (ৰ) নদীৰ পাৰত॥২৭২
নাও নৌকা নাই কেনে যাও পাৰ হৈ।
এতেকে পাৰত বহি আছে সবে ৰৈ॥
খাগৰি কাতিয়া আনি জলক জুখিলা।
বহুত অথানি জল সকলে দেখিলা॥২৭৩
কেনে পাৰ হম বুলি সবে গুণি চাই।
নাও নৌকা নাহি একো নাহিকে উপাই॥
গুণি গাষ্ঠি চাই সবে নামিলা জলত।
সবে নামি আসিয়োক মোহোৰ পাছত॥২৭৪
হেন শুনি সকলোৱে জলত নামিলা।
অগাধ অথানি (ল) জল আঠু সম হৈলা॥


(ৰ) নোৱাৰি।

(ল) পুখুৰী বা নৈ আদিত মাটিত ভৰি দি ঠিয় হৈ হাত ওপৰলৈ মেলি দিলে যদি হাত পানীৰ ওপৰ হৈ ওলাই নাথাকে তেনেহলে তাক অথানি বোলে।

[ ৬০ ]

বিপৰীত কথা ইটো মহন্ত সন্তৰ।
অতি অদভুত ইটো কথা মনোহৰ॥২৭৫
আত অনন্তৰে শুনা কথা যেন মত।
ৰৈ ৰৈ যাই আছে মহন্তে বাটত॥
কত দিনে পাইলা ৰাজ নগৰ ওচৰ।
তথাত দেখিলা এক হৰিৰ মন্দিৰ॥২৭৬
হৰিৰ মন্দিৰ সিটো অতিকে ডাঙ্গৰ।
তাহাত ৰহিলা গই সাধু সম্বৎসৰ॥
তাতো এক অদভুত কৰ্ম্মক কৰিলা।
নাহি সিধা পাতি সবে তহিতে দেখিলা॥২৭৭
চাৰি ছয় দণ্ডমানে গেৰিয়াই চাই।
আচোক সিধাক দিব মাতক নেদয়॥
নাহি অল্প পাণ কাৰো ভোখতে বিকল।
আচোক যে চাউল চৰু নাহি অগ্নি জল॥২৭৮
কিমতে থাকিব তাত তৃণ ডালি নাই।
আচোক দিবেক মাত দেখিতে পলাই॥
তাত পাছে সম্বৎসৰ দেৱ মহা সন্ত।
কিমতে ভুঞ্জাব ভক্তক বুলিয়া গুণন্ত॥২৭৯
কতো বেলিমান মান সন্তে গুণিয়া আছিলা।
গোসাইৰ মন্দিৰৰ ভিতৰ পশিলা॥
পৰিছে গোসাইৰ আগে কিছু গাজি চাউল।
থুপুৰাই সন্তবৰে আনিলা সকল॥২৮০

[ ৬১ ]

গাজি চাউল পালা প্ৰভুই একমুঠিমান।
তাকে ভেটুৱাত থৈলা কৰিয়া সম্মান॥।
সেহি ভেটুৱাৰ অন্ন সমষ্টকে দিলা।
এক মুঠি চাউলে সব ভক্তকে জুৰিলা॥২৮১
তথাপিতো নুঢুকালা ভেটুৱাত ৰৈলা।
এহি বৈষ্ণবক কোন পুৰুষে স্ৰজিলা॥
অদ্ভুত মহিমা ইটো মহন্ত সন্তৰ।
শুনা আত অনন্তৰে কথা একবৰ॥২৮২
একদিন ভক্ত সমে পশ্চিমক গৈলা।
ঘোৰ এক অৰণ্যৰ মধ্যত ৰহিলা॥
দুই দিবসৰ পন্থ হাবি ভয়ঙ্কৰ।
বাঘ যে ভালুক, হাতী আছয় বিস্তৰ॥২৮৩
সেহি অৰণ্যৰ মধ্যে বৃক্ষৰ তলত।
ৰৈবা মহা সন্ত পাছে গুনিয়া মনত॥
অন্ন পানী নাহি সবে লঘোনে ৰহিলা।
দোভাগ নিশাত আসি কথা এক ভৈলা॥২৮৪
লাগিলা অগনি বনে চতুৰ্দ্দিশ চানি।
অন্ধকাৰ ৰাত্ৰি দিশ বিদিশ নজানি॥
কৈক যাইবো কৈত ৰৈবো উপাই নাপাই।
মুৰ্দ্ধাস্ফোট ভৈলা সবে শ্ৰুতি বুদ্ধি নাই॥২৮৫
ভৈলেক বিকল সবে শ্ৰুতি নাহি গাত।
সম্বৎসৰ দেৱো চঙ্কিলেক সিবেলাত॥

[ ৬২ ]

কতোবেলি সঙ্কোটিয়া আছিলেক সন্তে।
পাইলেক উপাই পাছে গুণন্তে গুণন্তে॥২৮৬
অবিচাৰ মন্ত্ৰে থুথুৱালা মুখ মেলি।
প্ৰচণ্ড অগ্নিক সেহি সেপে নিলা ঠেলি॥
মুখে থুথুৱাই মাৰিলন্ত চিতা বাণ।
যেন বৃষ্টি জলে নুমাইলা অগ্নিখান॥২৮৭
অদ্ভুত মহিমা দেখাইলেক নিৰন্তৰ।
বনাগ্নিক পিল। যেন জগত ঈশ্বৰ।
ইয়ো এক মহিমাক দেখাইলেক বাপ।
পৰে যেন কথা ভৈলা শুনা সবে তাক॥২৮৮
এহিবোৰ মহা সন্ধি বাটে পাই আছে।
কতো গাম্য পথে যাই কতো হাবি মাজে॥
গই গই কতো দিনে পাইলা এক গ্ৰাম।
নাহি সাধু সন্ত সিটো টেণ্টনৰ গ্ৰাম॥২৮৯
বিস্তৰ টেণ্টন সিটো গ্ৰামত আছয়।
সিহঁতৰ কথা শুনি লাগে মহা ভয়॥
গধূলি ৰহিলা এক গৃহস্থৰ ঘৰে।
বাসা ঘৰ দিয়া তৈতে ৰাখি সাদৰে॥২৯০
সমাদৰ কৈলা যিটো নাহি তাৰ ঠাই।
নিশা ভাগে যেন কৈলা শুনা সমুদাই।
বেশ লুকাই মায়া পাতি কৰি টেণ্টনালি।
চাৰি জনে চদ্ম ভাৱে ভৈলেক ছোৱালী॥২৯১

[ ৬৩ ]

মনোহৰ বেশে পিন্ধি বস্ত্ৰ অলংকাৰ।
ভৈলেক যুৱতী বেশ অতি চমৎকাৰ॥
দোভাগ নিশাত গৈলা মহন্তৰ ঠাই।
নমস্কাৰ কৰি কথা কহন্ত বুজাই॥২৯২
মাৰিবাক মনৰ স্বামী সবে খেদি আইলা।
এডাল বনক দুই ফাল কৰি চাইলা॥
থানক নাপায়া আইলোঁ তোমাৰ কাষৰে।
এহিবুলি বসিলেক মহন্ত ওচৰে॥২৯৩
কুছি মুছি বসিলেক তাহান কাষত।
কোনে স্ত্ৰী নুবুলিব দেখিয়া বেশক॥
হেন সময়ত বিচাৰিয়া দুষ্ট জনে।
সুধিলা তাহাঙ্ক সবে আসিয়া তেখনে॥২৯৪
চাৰিজনী ছোৱালীয়ে একমতি হুয়া।
ৰাত্ৰি ভাগে কোন দিশে গৈলেক পলায়া॥
তুমি সৰ্ব্বজান জানি কহিলোঁ তোমাত।
কোন দিশে গৈলা গুনি কহিয়ো আমাত॥২৯৫
প্ৰাণ দান, দিয়া প্ৰভু পশিলোঁ শৰণ।
আপুনি সৰ্বজ্ঞ প্ৰভু সোধো সি কাৰণ॥
ধন সোন অলঙ্কাৰ টোপলি বান্ধিলা।
মুৰে দাঙ্গ দিয়া কোন দিশক চলিলা॥২৯৬
কহিয়োক প্ৰভু তুমি জানিছা সকল।
এহিদৰে টেণ্টন হঁতে কৰে তাঙ্ক বল॥

[ ৬৪ ]

হেন বেলা যেন কথা শুনা সৰ্ব্বজন।
অগ্নি আনি পহৰ কৰিলা তেতিক্ষণ॥২৯৭
তোমাৰাৰ চৈধ্য জন মানুষ আছিলা।
আৰু চাৰিজন দেখোঁ ইহাত বাঢ়িলা॥
স্ত্ৰী বেশে চাৰি জন আছয় কাষত।
হেৰ স্ত্ৰী সব দেখোঁ তোৰাৰ মাজত॥২৯৮
ডকা দিয়া [১৭] স্ত্ৰী সব নেই কেনে কৰি।
ধৰ ধৰ কৰি সবে কৰে লৰা লৰি॥
অনেক প্ৰজায়ে আসি বেঢ়িয়া ধৰিলা।
মাৰ ধৰ বুলি সবে ঘঞ্চাল লগাইলা॥২৯৯
সন্তবৰে দেখি সিহঁতৰ টেণ্টনালি।
শুন অৰে দুষ্ট সব বৰ লাই পাইলি॥
অতিথিক হিংস তোৰ ৰহিলোঁ গাৱঁত।
কেনে দুষ্ট ডকা দিয়া ভৈলোঁ স্বৰূপত॥৩০০
আপুনিয়ে আসি তোমাসাৰ স্ত্ৰীগণ।
স্বামীগণে মাৰে বুলি পশিছে শৰণ॥
নানান কাকুতি কৰি বসিছে কাষত।
কেনে দোষ আমাসাত দেহ অবাবত॥৩০১
এহি বুলি দিব্য মায়া ধৰি সম্বৎসৰ।
সিহঁতৰ ভিতৰত লগাইলা কন্দল॥

[ ৬৫ ]

আপোনাক আপুনিয়ে মাৰা মাৰি কৈলা।
ভকতৰ গাৱে কেহো হাতকে নিদিলা॥ ৩০২
কতোবেলি মানে সবে যুজিয়া আছিলা।
নাৰী বেশে যাৰা যাৰা তৈকে আসিছিলা॥
সবাকো ধৰিয়া লৈয়া মাৰিবাক লৈলা॥
নিজে নিজে ইটে সিটে কন্দল লগাইলা॥৩০৩
মহন্ত জনৰ নোম লাৰিবে নাৰিলা।
পৰক হিংসিবে গৈয়া নিজে কষ্ট পাইলা॥
কিল ভুকু কুবা-কুবি কৰিলা বিস্তৰ।
ৰঙ্গে ঢাই আছিলেক সন্ত সম্বৎসৰ॥৩০৪
নাৰীবেশে যিটো চাৰি জন আসিছিলা।
সিহঁতক কিল ভুকু বিস্তৰ মাৰিলা॥
ভক্ত বাৰ জন আৰু টেকেলা যে দুই।
ৰঙ্গে চাই আছে সবে তবধক হুই॥৩০৫
আপোনাৰ ভিতৰত লগাইল কন্দল।
দেখা মহন্তৰ কেনে মহিমাৰ বল॥
মৰে মাৰা-মাৰি কৰি আপোন মাজত।
দেখা বৈষ্ণবৰ মায়া কেনে অদভুত॥৩০৬
সামান্যৰ কথা ইটো বুলিবাক নাৰি।
নুহিকা মনুষ্য ইটো সাক্ষাততে হৰি॥
ইদৰে যাহন্তে দুৰ্গম বন এৰাইলন্ত।
এক পক্ষ পন্থ বাট জনা স্বৰূপত॥ ৩০৭

[ ৬৬ ]

অনন্তৰে গৈয়া ৰাজ নগৰ পাইলন্ত।
বাসা ঘৰ দিয়া মন্ত্ৰী যত্নে ৰাখিলন্ত॥
ৰাজ অন্তঃপুৰ বাজে ৰহিলা গোসাই।
সম্বৎসৰ অহা বাৰ্ত্তা ৰজাই পোৱা নাই॥৩০৮
যেন মতে ৰজা বাত্তা পাইলেক সন্তৰ।
তাৰ কথা কহোঁ আবে শুনা সৰ্ব্বনৰ॥
শুনা সৰ্ব্বজন পছে কথা অনন্তৰ।
বৈষ্ণবৰ বাৰ্ত্তা পাছে পাইলা নৰেশ্বৰ॥ ৩০৯
আতপৰে শুনা পাছে যেন কথা কৈলা।
এক দিনা ৰজা মহোৎসবক পাতিলা।
ৰাজা বোলে শুনা পাত্ৰ মন্ত্ৰী নিৰন্তৰ॥
আনিয়োক এহিস্থানে সেহি বিপ্ৰবৰ॥৩১০
হেন শুনি এক মন্ত্ৰী লবৰীয়া গৈলা।
মহা মহন্তক যাই লবৰি আনিলা॥
আতি মনোহৰ ৰূপ দেখি নৰেশ্বৰ।
নুহিকা মনুষ্য বুলি গুনিলা বিস্তৰ॥৩১১
যেতিক্ষণে উপস্থিত ভৈলা মহা সন্ত।
নিশবদে প্ৰজা সব ভৈলন্ত মোহিত॥
দেখি হেন মহাৰজা মন্ত্ৰীক বুলিলা।
সোধা মন্ত্ৰী কেনমতে শৃগালী তুলিলা॥ ৩১২
হে শুনি মন্ত্ৰী পাছে বিপ্ৰক মাতিলা॥
কহা প্ৰভু গৰ্ত্তে কেনে বৰিষ বঞ্চিলা॥

[ ৬৭ ]

হেন শুনি বিপ্ৰ কথা কহিলা সমস্ত।
বাপেকৰ পৰা কথা কহিয়া নিলন্ত॥৩১৩
যেন মতে বোধ দিয়া গঙ্গা স্নানে গৈলা।
ঐতে বৰ মাতৃ যিটো আলোচ কৰিলা॥
বুঢ়ীহঁতে বিবাদৰে বনত পেলাই।
তাত পাছে তুলিলেক শৃগালিনী পাই॥৩১৪
যেন মতে সৰ্প গোটে ৰখিয়া আছিলা।
বাপেকে খাণ্ডিয়া যেনে গৃহক আনিলা॥
ছয় মাস বৰিষত দুয়োজন গৈলা।
এহি মতে সন্তে কথা ৰজাত কহিলা॥ ৩১৫
হেন শুনি মহা ৰজা হাসিলা বিস্তৰ।
মনে গুনি বোলে ইটো অদভুত বৰ॥
শুনি প্ৰজা গণে বোলে অদভূত বৰ।
নুহিকা মনুষ্য ইটো সাক্ষাত ঈশ্বৰ॥৩১৬
এহিবুলি প্ৰজাগণে কোৱা কুই কৰে।
তাত পাছে এক কথা সোধে নৰেশ্বৰে॥
শুনিয়োক বিপ্ৰবৰ মোহোৰ বচন।
শৃগালীয়ে দয়া কৰি কৰিলা ৰক্ষণ॥ ৩১৭
সৰ্পেও নাখাইলা অতি অদভুত বাক।
এক পৰিমাণ আত দেখাও আমাক॥
বিপ্ৰ যে বদতি শুনিয়োক নৰেশ্বৰ।
পৰীক্ষা দেখাইতে নৰো জানা নৰবৰ॥৩৯৮

[ ৬৮ ]

বালক কালত মোক দয়া কৰি আতি।
শৃগালী পুষিলা মোক সৰ্পই সহিতি॥
সেহি কথা ধৰা তুমি এতিয়া আমাত।
তথাপিতো এক বাক্য কহিবো তোমাত॥৩১৯
এহি মহোৎসব ঘৰ আতি ভয়ঙ্কৰ।
আৰ এক পুলি [১৮] বেৰি দিয়া নৰেশ্বৰ॥
হেন শুনি মহা ৰজা আদেশ কৰিলা।
শুক্ল বস্ত্ৰ আনি এক খোটালী বেঢ়িলা॥৩২০
সেহি বস্ত্ৰ ভিতৰক গৈলা বিপ্ৰবৰ।
এক গোটা পচা সিৰি মজ যে কাঠৰ॥
তাহাৰ গুৰিত বিপ্ৰে পূজাক পাতিলা।
সাতদিন মহাসন্ত তহিতে আছিলা॥ ৩২১
সাত দিন বহি যদি গৈলা তাতপৰ।
পচা সিৰি জীল ঠালি মেলি নিৰন্তৰ॥
গৃহ ফুটি বাজ ভৈলা ঠালি যত যত।
হেনদেখি মন্ত্ৰী লৰি কহিলা ৰজাত॥ ৩২২
হাক দিয়া পশিছিল মহা বিপ্ৰবৰ।
দিন পূৰ্ণ নভৈলে নাচাইবি কোনো নৰ॥
তাতেসে বিপ্ৰক মন্ত্ৰী গুচাই নাচালা।
লৰ দিয়া যাই পাছে ৰজাত জনালা॥৩২৩


[ ৬৯ ]

শুনিয়োক মহাৰজা মহিমা বিপ্ৰৰ।
শুনন্তে লাগয় ডৰ আতি ভয়ঙ্কৰ॥
আজি সাত দিন ভৈলা পশিবে বিপ্ৰৰ।
নতু বাজ ওলাই ৰৈলা বস্ত্ৰৰ ভিতৰ॥৩২৪
কৰ্ম্ম শুনি লাগে ডৰ আতি বিপৰীত।
পচা বৃক্ষ ঠালি মেলি ওলাইলা বাজত॥
মেৰ ঘৰ ফুৰ্টি ঠালি ওলাই নিৰন্তৰ।
যেন বুঢ়া গছ ডালি দেখিতে সুন্দৰ॥৩২৫
হেনশুনি মহাৰজা বিস্ময় মানিলা।
মন্ত্ৰীক সম্বোধি পাছে বচন বুলিলা॥
শুনা মন্ত্ৰী মোহোৰ বচন মন দিয়া।
ইটো বিপৰীত বিপ্ৰে দেখাইলেক মায়া॥৩২৬
নুহিকা মনুষ্য বিপ্ৰ জানিবা নিশ্চয়।
ভালমতে ৰাখা আঙ্ক কহিলো নিশ্চয়॥
আৰু এক কথা কহোঁ শুনা মন্ত্ৰী বৰ।
কাহানি বস্ত্ৰৰ বাজ হৈবে বিপ্ৰবৰ॥৩২৭
হেনশুনি মন্ত্ৰী কথা কহিবে লাগিলা।
সাত দিন বাধা কৰি ভিতৰ পশিলা॥
হেনশুনি বচন বুলিলা নৰেশ্বৰ।
তেন্তে আজি দিন বিপ্ৰ থাকোক ভিতৰ॥ ৩২৮
আপুনি ওলাব কালি দেখিবো সমষ্ট।
এহিবুলি ৰজা কথা কহিলা মন্ত্ৰীত॥

[ ৭০ ]

শুনা সৰ্ব্বজন পাছ কথা আত পৰ।
অনন্তৰে অষ্টাগত ভৈলা দিবাকৰ॥৩২৯
অষ্টাগত হুয়া নিশা নিবৰ্ত্তিয়া গৈলা।
তাত পাছে বিপ্ৰসবৰ সমাধি ভাঙ্গিলা॥
বস্ত্ৰ গুচাই বাজ ভৈলা সন্ত সম্বৎসৰ।
হেনদেখি বিস্ময় মিলিলা সমূহৰ॥ ৩৩০
বিপ্ৰে বোলে শুনা আবে কথা কহোঁ মই।
ৰজাত কহিয়ো মন্ত্ৰী আসোক ওলাই॥
হেনশুনি মন্ত্ৰী গই ৰজাত কহিলা।
আপোনাক বিপ্ৰবৰে নিবাক পথালা॥
দেখোঁ পচা সিৰি ডালে ঠানিক মেলিলা।
গৃহ ফুটি বাজ হৈয়া গছ হুয়া ৰৈলা॥
হেন দেখি মহাৰাজ বিস্ময় ভৈলন্ত।
বৈষ্ণবক মহা ৰত্ন সুবৰ্ণ দিলন্ত॥ ৩৩২
দানে মানে ভোজনে বিপ্ৰ বৰক তুষিলা।
দৰঙ্গ মধ্যত এক সত্ৰ পাতি দিলা॥
আৰু মাহুতক মাতি আনিল তেখনে।
শুনিয়ো মাহুত তই মোহাৰ বচনে॥৩৩৩
দৰঙ্গক চলি যাহ হস্তী সমন্বিতে।
বৈষ্ণবক মাটি দিবি ফুৰিয়া দিনান্তে॥
ৱৰনদী পাৰহৈ হস্তীত উঠিবি৷
গধূলি প্ৰৰ্য্যন্ত ফুৰি সীমা পাতি দিবি॥ ৩০৪

[ ৭১ ]

এক দিশে যাবি পথ এক প্ৰহৰৰ।
এহিমতে দিবি মাটি এক দিবসৰ॥
চাৰিহদে খুটি মাৰি দিবি সীমা কৰি।
পশিলেক অভ্যন্তৰে এহি আজ্ঞা কৰি॥৩৩৫
হেনশুনি মাহুতেও তেখনে লৰিলা।
বৰনদী পাৰ হৈয়া দৰঙ্গ পশিলা॥
এহিমতে সিটো ৰাত্ৰি ৰহিলা তথাতে।
তথাতে ৰহিলা সাধু মাহুত সহিতে॥ ৩৩৬
হস্তী স্কন্ধে উঠি অগ্ৰে মাহুত চলিলা॥
পাছত মহন্ত বিপ্ৰে ঘোঁড়াত যে গৈলা॥
পবন সদৃশ বেগে দুয়ো চলি যাই।
কতো বেলি মুৰে পাটি দৰং পাইলা গই॥৩৩৭
তাতে একগোটা খুটা মাৰিলা শিলৰ।
অদ্যাপিয়ো আছে সিটো দৰঙ্গ ভিতৰ॥
তাই খুটা মাৰি দুয়োজন চলি গৈলা।
পন্থত মাহুত গোটে অনেক গুণিলা॥ ৩৩৮
দিনান্ত ফুৰিয়া মাটি দিলে ব্ৰাহ্মণক।
দিবে পাৰোঁ ইটো থান দৰঙ্গ ৰাজ্যক॥
পাছত মোহোক ৰজা নুবুলিবে ভাল।
মিলিলেক আসি জানা তাৰ যমকাল॥৩৩৯
বুলিবেক ৰজা মোক কেনে দূত তই।
দিনান্তৰ পন্থ ৰাজ্য দিবে দিলো মই॥

[ ৭২ ]

কাৰ্য্য দেখি কবুল কৰিলোঁ ব্ৰাহ্মণক।
তই কেনে দিলি মোৰ সমষ্ট ৰাজ্যক॥৩৪০
কথা বুজা দুত তই আছিলি মোহোৰ।
আৰু যদি আহে হেন গুণি বিপ্ৰবৰ॥
তাঙ্কো অতখানি ৰাজ্য দিবে দিম মই।
দিনান্ত ফুৰিয়া তাঙ্ক দিবি গই তই॥ ৩৪১
এহিমতে ৰাজ্য দিয়া সসাঙ্গ কৰিবি।
কৰিবে ৰাজত্ব মোক কোন খিনি দিবি॥
মহিমা দেখিয়া কবুল কৰিলোহোঁ মই।
ইবোৰ কথাক বুজিবাক লাগে তই॥ ৩৪২
এহিবুলি মোত যদি ধৰে দাই খানি।
কিবা ৰাখে কিবা মাৰে নিশ্চয় নজানি॥
এহিমতে গুণি সিটো মনে সাৰ কৈলা।
ধিৰে ধিৰে হস্তীগোট চলাইবে লাগিলা॥ ৩৪৩
বৈষ্ণবে বোলয় শুনা মাহুত দুৰ্জ্জন।
ঢিলা দেখোঁ কৰিলিহি হস্তীৰ গমন॥
মাহুতে বোলয় প্ৰভু মোত দোষ নাই।
পৰ্ব্বত আকাৰ হস্তী চলান নযাই॥৩৪৪
আপোন গমনে সিটো চলে ধিৰে ধিৰে।
নচলিলে কোনে তাক চলাইবাক পাৰে॥
হেন শুনি বৈষ্ণৱে বোলয় মাহুতক।
কিয় হেন কদৰ্থনা [১৯] কৰা ব্ৰাহ্মণক॥৩৪৫


[ ৭৩ ]

আগে দেখোঁ চলিলেক বেগ খৰতৰ।
এতিয়া কেনেবা ছিল বেগ গজেন্দ্ৰৰ॥
মাহুতে বোলয় প্ৰভু কদৰ্থ নকৰোঁ৷
পৰ্ব্বত সমান হস্তী চলাইতে নাপাৰোঁ॥৩৪৬,
প্ৰভাতে চলিলা সিটো বেগ আতি ধৰি।
এতিয়া লাগিল ভোখ চলাইতে নাপাৰি॥
নকৰো কদৰ্থ জানিবাহা প্ৰভু তুমি।
প্ৰাণ পৰিশ্ৰমে হস্তী চলাইবোহো আমি॥ ৩৪৭
এহি বুলি হস্তী মুণ্ডে আকুহিক দিলা।
কিছু কিছু কৰি বেগ ঢিলায়া যে নিলা॥
দেখা প্ৰভু কোনো খানি মোত দোষ নাই।
চাৰি খোজ বেগে গৈয়া আকৌ ঢিলাই॥ ৩৪৮
অঙ্কুশৰ খোচ পাই গৈলা বেগ ধৰি।
মোক দাই দিয়া বোলো বিচাৰ নকৰি॥
এহি বুলি হস্তী গোট সুথিৰে চলাইলা।
হেন দেখি মহন্তৰ মনে কোপ ভৈলা॥৩৪৯
মনত বোলন্ত মই তোৰ চিত্ত পাইলোঁ।
তোহোৰ টেন্টালি মই সকল বুজিলোঁ॥
এহি বুলি মহন্তেও চলে ধিৰে ধিৰে।
এক নদী পাইলা গই তাত অনন্তৰে॥৩৫০
মাহুতে বোলয় প্ৰভু শুনিয়ো বচন।
ইহাত হস্তীৰ গাৱ ধুৱাও এখন॥

[ ৭৪ ]

জলক খুৱাই আতে কিছু স্বস্ত কৰি।
তেবেসে হস্তীক প্ৰভু চলাইবাক পাৰি॥ ৩৫১
কিছুপৰ থাকিওক তিৰত জিৰাই।
এহি বুলি সিটো জলে নামিলেক যাই॥
জলত নামিয়া সিটো চলনা পাতিলা।
হস্তীক ধুৱাও বুলি বেলিক খেদালা॥৩৫২
গাৱক ধুৱাৱে সিটো মিছাতে পখালে।
ধৰি আছে জানা তাক ধৰি যমকালে॥
নিৰখীয়া টেৰ কৰি আছে সন্তসবে।
ক্ৰোধত কাম্পয় দেহা ৰহিতে নাপাৰে॥৩৫৩
দুৰ্জ্জন টেণ্টন অৰে মাহুত ৰজাৰ।
নতু আটা পোৱা তই মোহৰ হাতৰ॥
ৰজাই দেই মাটি মোক তোহোৰ টেণ্টালি।
দুৰ্জ্জন হোৱই শান্ত কিছু সেকা পালি॥ ৩৫৪
এহি বুলি ক্ৰোধ কৰি তান দিগে চাইলা।
ভষ্মহওঁ পাপী বুলি ক্ৰোধে শাপ দিলা॥
হস্তীয়ো মৰোক তোৰ বুলিলোহো বাক।
নদীয়ো চিঙ্গোক মাটি নলাগে আমাক॥ ৩৫৫
নদী নহলেতো গাৱ ধুৱাইতে নাপাই।
তাতেসে নদীক শাপ দিলেক গোঁসাই॥
নলাগয় ৰাজ্যে মাটি খুজি খাম মই।
অত কদৰ্থনা পাপী কৰিলিহি তই॥৩৫৬

[ ৭৫ ]

অতবোৰে ৰাজ্য খাই আছয় ৰাজ্যত৷
এগোটা ব্ৰাহ্মণৰ চাউল নহৈব দেশত॥
এহি বুলি ক্ৰোধ কৰি শাপ সাধু দিলা।
তেতিক্ষণে হস্তী সমে মাহুত মৰিলা॥৩৫৭
নদীৰ সোঁত চিঙ্গিলেক জানা নিৰন্তৰ।
অদ্যপিয়ো আছে সিটো দৰঙ্গ ভিতৰ॥
নামত দ্বিগজ নদী প্ৰসিদ্ধ যে ভৈলা।
অদ্যাপিয়ো খণ্ড খণ্ড হৈয়া সিটো ৰৈলা॥ ৩৫৮
হস্তী সমে মাহুতক শপিয়া মাৰিলা।
তাত পাছে ধিৰে ধিৰে গৃহে চলি গৈলা॥
বোলয় জনাও আক ৰজাৰ নগৰে৷
কদৰ্থনা কৰিলেক দিয়া দুষ্ট সৰে॥৩৫৯
এহি বুলি গুণি গান্থি গৃহক আসিলা।
সিটো গৰেই মাৰা গ্ৰামে সত্ৰ পাতি ৰৈলা॥
সেহি দিন ধৰি ভৈলা বৈষ্ণৱ ডাঙৰ।
ৰৈলেক মহন্ত বিপ্ৰ দৰঙ্গ ভিতৰ॥ ৩৬০
কতো দিন অন্তৰত বিবাহ কৰাইলা।
মাৱে-পোৱে ভাৰ্য্যা সমে তিনি প্ৰাণী ৰৈলা॥
একদিন ইশ্বৰৰ সেৱাক লৰিলা॥
গৃহ নতু পান্তে এক ব্ৰাহ্মণ আসিলা॥ ৩৬১
সিটো ব্ৰাহ্মণৰ সাত পুত্ৰ আছিলন্ত।
সৰ্ব্বদায় মহা ঘোৰ কন্দল কৰন্ত॥

[ ৭৬ ]

সাত পোৱে ভিন্ন ঘৰে ভোজন কৰয়।
পিতৃ-মাতৃক কোনো জনে নোপোসয়॥৩৬২
এহি দুঃখ সিটো বিপ্ৰে সাধুত কহিলা৷
কাতৰ শুনিয়া সাধু থমকি ৰহিলা॥
সুধিবে লাগিলা বিপ্ৰৰ কথা যত যত।
কিহেতু তোমাৰ পুত্ৰে অন্নক নেদন্ত॥৩৬৩
শুনিয়োক বৃদ্ধ বিপ্ৰ মোহৰ বচন।
কলি কালে বহু পুত্ৰ হোৱে যিটোজন।
তাহান সমান পাপী নাহি স্বৰূপত।
এহি কথা কহিলন্ত বিপ্ৰৰ আগত॥৩৬৪
ব্ৰাহ্মণে বোলয় প্ৰভু বিধাতা লিখিলা।
গুণি চোৱা মোত দোষ কোন খানি ভৈলা॥
বৈষ্ণব বদতি ইয়াৰ উপায় আছয়।
হৰিৰ ভকতি আৰু খণ্ডাবে পাৰয়॥৩৬৫
এহি বুলি তাত পাছে হৰি গৃহে গৈলা।
ঈশ্বৰৰ প্ৰাৰ্থী বিপ্ৰে বৰ এক লৈলা॥
হে প্ৰভু পূৰ্ণব্ৰহ্ম দেৱৰ দেৱতা।
হৰি হৰ কাল ব্ৰহ্মা তুমিসে স্ৰজন্তা॥৩৬৬
এগুটি মাগোহো বৰ তযু চৰণত।
মোৰ যত বংশাৱলী ছলে সংসাৰত॥
এগুটি হৈবেক পুত্ৰ বেছি নলাগয়।
কলি কালে বহু পুত্ৰি নৰকী হোৱয়॥৩৬৭

[ ৭৭ ]

এই বুলি বৰ লৈলা হৰি চৰণত।
অদ্যাপিয়ো সিটো বৰ আছে স্বৰূপত॥
এহিমতে মহাসন্ত সত্ৰত ৰহিলা।
শুনা আৰু এক বৰ কীৰিতি ৰাখিলা॥ ৩৬৮
একদিন লৰিলেক ঈশ্বৰ সেৱাক।
ভাৰ্য্যাক পথাইলা সন্ত জল আনিবাক॥
স্বামীৰ বচন শুনি ৰম্ভাসতী আই।
কাশে কুম্ভ লৈয়া জল অনিবাক যায়॥ ৩৬৯
পশ্চিমত নদী আছে গৃহ আশ্ৰমত।
জল আনিবাক গৈলা স্বামীৰ বাক্যত॥
কতোবেলি পাইলা গই নদীৰ কাষৰ।
দেখে ঘাটে নৌকা ৰাখি আছে সদাগৰ॥ ৩৭০
মহা ধনেশ্বৰ সাউদ বঙাল দেশৰ।
অসংখ্যাত ধন আছে নৌকাৰ ভিতৰ॥
নৌকাৰ উৰে পিৰা খনক পাৰিছে।
তাত,বহি মজা মাৰি ধোঁৱাক হুপিছে॥ ৩৭১
ৰজতল ঠগি বটা লৈয়া ওচৰত।
ইদৰে আয়াম কৰি আছয় ঘাটত॥
মহা ভয়ঙ্কৰ নৌকা দেখি লাগে দৰ।
এইমতে নৌকা আছে একই মোচৰ॥ ৩৭২
হেন দেখি ৰম্ভাসতী মনত গুণিলা।
কৈৰ সাউদ গোট নৌকা বাটত ৰাখিলা॥

[ ৭৮ ]

কোনো দিশৰ ইটো সাউদ অতিবৰ।
একই মোহৰ দেখোঁ নৌকা ভয়ঙ্কৰ॥৩৪৩
এহি বুলি ৰম্ভাসতী ভঠিয়াই গৈলা।
একোমতে নামিবাৰ চলকে নাপাইলা॥
বিপৰীত গৰা একো উপায় নভৈলা।
উলটিয়া আসি সতী ঘাটে থিয় দিলা॥৩৪৭
দেখে বসি আছে সিটো নৌকাৰ মধ্যত।
জল আনিবাৰ আই উপায় নাখান্ত॥
এহিমতে ফুৰন্তে সময় বহি গৈলা।
তাত পাছে ৰম্ভা দেবী গৃহক চলিলা॥৩৭৫
পানীয়ো নলৈলোঁ দেখি পাৰিবেক গালি।
সময় বৈগৈলা কিয় অত বেলি কৈলি॥
এহি ভাবি ভয় মনে চলিলেক আই।
ত্ৰাস মনে ৰম্ভাসতী বেগ দিয়া যাই॥৩৭৬
শুনা সৰ্ব্বজন গৃহে ভৈলা যেন মত।
পানী নাপাই বিপ্ৰবৰ আছয় ক্ৰোধত॥
হেন সময়ত দেবী আগতে ঠেকিলা।
দেখিয়া ভাৰ্য্যাক বিপ্ৰে গৰ্জ্জিবাক লৈলা॥৩৭৭
হাউৰে নিলাজী দুষ্টা ভৈলি কেনমত।
গৈলেক সময় বহি কি কাৰ্য্যে জলত॥
এত বেলি কিয় ভৈল কহিয়োক তই।
নকহিলে শাপি ভস্ম কৰিবহো মই ॥

[ ৭৯ ]

হেন শুনি ৰম্ভাৱতী কহিবে লাগিলা।
ঘাটুৱেৰ দোষে মোৰ এত বেলি ভৈলা॥
আসি আছে কৈৰ এক মহা সদাগৰ।
ঘাট জুৰি নৌকাখন আছে নিৰন্তৰ॥৩৭৯
একই মোচৰ জুৰি নৌকাক ৰাখিলা।
ঘাটত আয়াম কৰি বসিয়া ৰহিলা॥
সিকাৰণে পানী আনিবাক চল নাই।
এহি সব কথা কৈলা স্বামীক ৰম্ভাই॥৩৮০
হেন শুনি মহন্তৰ ক্ৰোধ উপজিলা।
ভাৰ্য্যাক নাশাপি সাউদক শাপ দিলা॥
মোৰ ঘাটে নৌকা ৰাখে সিটো দুষ্টবৰ।
নৌকা সমে তল যাউক দুষ্ট সদাগৰ॥
চিঙ্গোক নদী যাতে নাও আনিতে নাপাৰে।
এহি বুলি শাপ দিলা ক্ৰোধে বিপ্ৰবৰে॥
যদি শাপ দিলা বিপ্ৰে নযাৱ তল গৈলা।
নদীয়ো তেখনে জানা মাজতে চিঙ্গিলা॥
দেৱ যে মন্নাই নামে দৰঙ্গ মধ্যত৷
অদ্যাপিয়ো দেৱান হৈয়া আছে স্বৰূপত॥
শুনা সৰ্ব্বজন কথা আত অনন্তৰ৷
এহিৰূপে ৰৈলা বিপ্ৰ দৰঙ্গ ভিতৰ॥৩৮৩
তাত অনন্তৰে শুনা যেন কথা ভৈলা৷
কত দিন পৰে এক পুত্ৰ উপজিলা॥

[ ৮০ ]

যেবে পুত্ৰ উপজিলা হৰিষ বিপ্ৰৰ৷
পৰম সুন্দৰৰূপ ভৈলাহা পুত্ৰৰ॥৩৮৪
দৈবজ্ঞ আনিয়া বিপ্ৰে গণণা কৰিলা।
গণিয়া পৰমানন্দ নামক ৰাখিলা॥
মহা তেজ ৰূপৱন্ত ভৈলা শিশুগুটি।
যেন ওলাইলেক কৰ পদ্ম ফুল ফুটি॥৩৮৫
এহিমত দশ বৰ্ষ ভৈলে পুতেকৰ।
এনে সময়ত এক ভৈলা অথন্তৰ॥
শুভ তিথি শুভ বাৰ শুভ যে মাসত।
ভৈলেক নৰীয়া সন্তৰ সেই সময়ত॥৩৮৬
নৰীয়া পৰিল সন্ত আপোন ইচ্ছাই।
অন্তে স্বৰ্গ পথে চহি গৈলন্ত গোসাই॥
হেন দেখি পুতেকৰ শোক উপজিলা।
বাপেকৰ প্ৰেততাৰ্য্য সমাপন কৈলা॥৩৮৭
কৰ্ম্মক্ৰিয়া কৰি পাছে কতো দিন আছে।
তাত অনন্তৰে বিহা কৰিলেক পাছে॥
বিহা কৰাই কতো দিন মহা সুখেছিলা।
কৃষ্ণানন্দ নামে তাৰ পূত্ৰ এক ভৈলা॥৩৮৮
কৰ্ম্ম কাণ্ড কৰি যাজ্ঞসূত্ৰক দিলন্ত।
এতহন্তে পিতৃ তান স্বৰ্গে চলিলন্ত॥
দেখিয়া পুত্ৰৰ মহা অসন্তোষ ভৈলা।
বাপেকক লাগি শোকে বিলাপ কৰিলা॥৩৮৯

[ ৮১ ]

হৰি হৰি পিতৃমোক কিকই বঞ্চিলা৷
এনে শিশু সময়ত অনাথ কৰিলা॥
এহিমতে শোক কৰি ৰহিলা গৃহত।
মাৱে পোৱে দুয়োজন কৰ্ম্ম কৰিলন্ত॥ ৩৯০
তাত পাছে অনুক্ৰমে বিবাহ কৰিলা।
কতো দিন পৰে এক পুত্ৰ উপজিলা॥
নামে উমানন্দ দেৱ পৰম সুন্দৰ।
গণি পৰি থৈলা নাম অতি মনোহৰ॥৩৯১
কতো দিন পৰে তাঙ্ক যজ্ঞসুত্ৰ দিলা।
এহি অনুক্ৰমে দশ বৰিষ যে ভৈলা॥
ভৈলক পণ্ডিত মহা শাস্ত্ৰত সুজন।
ভৈলা কণ্ঠগত জানা গীতা শাস্ত্ৰখান॥৩৯২
এহি অনুক্ৰমে যেবে গৃহত ৰহিলা।
কতো দিন পৰে তান পিতৃ স্বৰ্গে গৈলা॥
হেন দেখি তাহান পুতেক উমানন্দে।
কৰিলা পিতৃৰ কৰ্ম্ম ক্ৰিয়াক আনন্দে॥ ৩৯৩
কতো দিন পৰ পাছে কৰিলা বিবাহ।
শুক্লপক্ষ আসি যেবে ভৈলা পূৰ্ণমাস॥
কৰিয়া বিবাহ সুখে ৰহিলা গৃহত।
এক পুত্ৰ উপজিলা তাহান বীৰ্য্যত॥৩৯৪
মহা তেজ শক্তি যেন উৰ্দ্ধ পুৰষৰ।
সেহিমত তেজ বল ভৈলেক পুত্ৰৰ॥

[ ৮২ ]

নামে মহাদেৱ সাধু ভকত কৃষ্ণৰ।
উমানন্দ পিতৃ যাৰ দয়াৰ সাগৰ॥৩৯৫
শয়নে ভোজনে স্নানে তিলেক নেৰন্ত।
যৈকে চলে তৈকে লাগি তাহাক নিয়ন্ত॥
এহি অনুক্ৰমে জানা কতো দিন গৈলা।
তাত পাছে তান পিতৃ যজ্ঞসূত্ৰ দিলা॥ ৩৯৬
যজ্ঞসূত্ৰ দিয়া পিতৃ পৰলোকে গৈলা।
হেন দেখি পুত্ৰে প্ৰেত কাৰ্য্যক কৰিলা॥
কৰ্ম্ম ক্ৰিয়া কৰি কৰি সন্ত কতোদিন আছে।
তাত অনন্তৰে বিহা কৰিলেক পাছে॥৩৯৭
বিহা কৰাই সাধু তৈত মহা ৰঙ্গে ৰৈলা।
শুনা আত অনন্তৰে যেন কথা ভৈলা॥
ইটো যে দৰং ৰাজ্য স্বৰ্গী যে ৰজাৰ।
সৰ্গী ৰজাই দিলা ধৰ্ম্ম ৰজাক ৰাজ্যভাৰ॥৩৯৮
পূৰ্ব্বে আছিলেক বঙালৰ অধিকাৰী।
অসমে লৈলেক ৰাজ্য বঙালক মাৰি॥
তাতেসে যৱনে আহি বেহাৰ ৰাজ্যত৷
কতো দিন ধৰি ৰাখি খেদিয়া দিলন্ত॥ ৩৯৯
এহিসে কাৰণে তাৰা উঠিয়া আসিলা।
দুই ভাৱে ৰণ কৰি দৰঙ্গক পাইলা॥
ভাঠি দৰঙ্গত কোঠ দিয় যে ৰহিলা।
তাৰপৰা ৰণ কৰি গাৱত ফুৰিলা॥৪০০

[ ৮৩ ]

দুই গোটা বঙালে সত্তৰে খেদি আইলা৷
হেন দেখি সন্তে মহা আলোচ কৰিলা॥
মাৱে পোৱে ভাৰ্য্যা সমে প্ৰাণী তিনিজন।
গাৱত আছয় আৰু সাধু ভক্তগণ॥৪০১
বঙালৰ নাম শুনি সমষ্ট ভাঙিলা।
মহন্তৰ তিনি প্ৰাণী সত্ৰ মধ্যে ৰৈলা॥
মাকে বোলে বাপু আমি কেমনে পলাবো।
পুতেকে বোলয় আই গোপালে ৰাখিবো॥ ৪০২
নকৰিবা শঙ্কা হৰি আছয় সবাত।
পশু যে পতঙ্গ আৰু তোমাত আমাত॥
হৰিসে কেৱল ৰক্ষা সমষ্ট জীৱৰ।
এহি বুলি তিনি প্ৰাণী আছে অভ্যন্তৰ॥৪০৩
কতো বেলি তৈৰ হন্তে ওলাই আসিলা।
হৰিৰ গৃহত গই নাম লৈবে লৈলা॥
শুনা সৰ্ব্বজন পাছ কথা যেন মত।
পশিলা যবন আসি সেহি যে গৃহত॥৪৩৪
দেখে নাম ধৰি আছে হৰি গুণ গাই।
দেখিয়া যবনে ৰঙ্গ কৰি খেদি যাই॥
কেমনে টেণ্টন ইটো দেখিবো ব্ৰাহ্মণ৷
আমাক দেখিয়া বাবাই ধৰে নাম গুণ॥ ৪০৫
অসমৰ লগে আগে যুদ্ধক আসিলা।
এতয়া আমাক দেখি বৰ ভক্ত ভৈলা॥

[ ৮৪ ]

কেমনে টেন্টন ইটো বেটা যে দুৰ্জ্জন৷
এহি বুলি ক্ৰোধে দুয়ো চোবায়ে দশন॥
হৰিৰ সেৱাত আছিলেক চকুমুদি।
দেখে দুই মৰনে ক্ৰোধত যাই খেদি॥
হেন দেখি মহাসন্তে থিয় দিয়া ৰৈলা।
দেখিয়া যৱনে হস্তে ঘাৱ মাৰি দিলা॥৪০৭
দোহাতি ঘাৱত জানা হস্ত নেছেদিলা।
ছাল মাত্ৰ ভেদি অল্প শুক্ল তেজ বৈলা॥
হেন দেখি যৱনৰ হৃদি কম্পমান।
বেবুৱা লাগিলা দুইৰো হৰাইলা চেতন॥৪০৮
নুহিকা মনুষ্য বুলি গুণিলা বিস্তৰ।
কতো বেলি জ্ঞান কিছু ভৈলা যৱনৰ॥
যেবে শ্ৰুতি পাইলেক যৱন মহাবলী।
সন্তৰ চৰণে দুয়ো পৰিলেক ঢলি॥৪০৯
নজানি কৰিলোঁ দোষ ক্ষমা কৰা বাপ।
আমাসাক লাগি প্ৰভু এৰিয়োক কোপ॥
জানিলো বৈষ্ণৱ তুমি মহন্ত ডাঙ্গৰ।
স্বভাৱে ৰাক্ষস আমি যৱন দুৰ্ব্বাৰ॥৪১০
সন্তৰ দ্ৰোহক কৈলো আপোনাৰ কাল।
একান্ত মহন্ত তুমি ভকত প্ৰবল॥
এহিবুলি দুয়োজনে টকা দুই কৰি।
আগত সন্তৰ থৈয়া আছিলক পৰি॥৪১১

[ ৮৫ ]

যেন দেখি সন্তৰ যে মন শান্ত ভৈলা।
বঙালক প্ৰতি কিছু দয়া উপজিলা॥
শুনৰে দুৰ্জ্জন যায়ো ভালেসে সাৰিলি।
ক্ষমিলোঁ যতেক মোৰ দ্ৰোহ আচৰিলি॥৪১২
এহি বুলি সন্তে যাই পশিলা গৃহত।
হেন দেখি যৱনৰ ৰঙ্গ যে মনত॥
প্ৰণামী ওলাই গৈলা দুষ্ট দুয়োজন।
ৰৈলা সন্ত সত্ৰত কৌতুক কৰি মন॥৭১৩
মাতৃত কহিলা এহি কথা যত যত।
শুনিয়া মাতৃৰ অতি আনন্দ মনত॥
মাকে বোলে বাপু তোৰ দিন খানি ভাল।
মনুষ্যৰ পক্ষে জানা যৱন যম কাল॥৪১৪
নাকাটিলা যাতো তোৰ ঈশ্বৰ সহাই।
নুহিকা তেজস্বী তোৰ ধৰ্ম্ম একো নাই॥
ইতো কলি কালে ধৰ্ম্ম তেজ কৈতো নাই।
দয়াত ৰখিলা তোক কৃষ্ণ কৃপা মই॥৮১৫
তিৰীৰ যে তিৰী বুদ্ধি তাহাকে বুজিল।
আৰু কহে বাপু তোৰ দিন খানি ভাল॥
আপুনি হৰিৰ ভক্ত মহন্ত একান্ত।
দিন ভালে তাঙ্ক কেনমতে ৰাখিৱন্ত॥৪১৬
অগ্নিৰ আগত কেচা পকা নাহি কয়।
সেহোমতে ৰণে তাল মণ্ড নাচাৰয়॥

[ ৮৬ ]

অসংখ্য প্ৰজায়ে যুদ্ধ কৰে সমৰত।
কাৰো ভাল দিন কাৰো মণ্ড যে হোৱন্ত॥ ৪১৭
যাৰ ভাল দিন জানা তাহাকো কাটয়।
যাৰ মণ্ড দিন সিটো পলায়া সাৰয়॥
শুনা সৰ্ব্বজন কথা মহন্ত জনৰ।
এহিমতে ৰৈলা সন্ত সত্ৰৰ ভিতৰ॥৪১৮
আত অনন্তৰে এক পুত্ৰ উপজিলা।
দৈবজ্ঞক আনি গণি পঢ়িয়া চাহিলা॥
গণি পঢ়ি নাম থৈলা নাৰায়ণ দেৱ।
হৈবেক পণ্ডিত সিটো পৰম বৈষ্ণৱ॥ ৪১৯
নাম থৈয়া দৈবজ্ঞ যে ঘৰে চলি গৈলা।
আত অনন্তৰে কিছু দিন বহি গৈলা॥
আজি কালি কৰি সাত বৰিৰ ভৈলন্ত।
হেন দেখি পিতৃ যজ্ঞ সূত্ৰক দিলন্ত॥ ৪২০
অতি পৰে পিতৃ দেৱ নৰীয়া পৰিলা।
কতো দিন পৰি থাকি নিজ থানে গৈলা॥
কৰিলেক পুত্ৰে পাছে ক্ৰিয়া কাণ্ড যত।
তাত পাছে ৰৈলা সন্ত সেহি যে সত্ৰত॥ ৪২১
কিছুদিন থাকি পঢ়িবাক মন কৈলা।
পশ্চিমক লাগি সন্ত পঢ়িবাক গৈলা॥
পঢ়িলন্ত নানা শাস্ত্ৰ বোধ জন্মিলন্ত।
অইন দেৱৰ পূজাক মিছা মানিলন্ত॥ ৪২২

[ ৮৭ ]

হৰি ময় দেখে সন্ত ইতো ত্ৰিজগত।
আকে জানি সাৰ কৰি হৰিক লৈলন্ত॥
হৰিসে কেৱলে সঁচা সবে মায়াময়।
এহিমতে শাস্ত্ৰ পঢ়ি গুচালা সংশয়॥৪২৩
তাহ পাছে ঐকান্তিক ভক্তি আচৰিলা।
ভকতিৰ বলে হৰি তান বৈশ্য ভৈলা॥
মহাতেজ ধৰ্ম্ম ভাৰ বাঢ়িল বিস্তৰ।
ভকতি নেৰয় দেখি বশ যে ঈশ্বৰ॥৪২৪
এহিমতে কতো দিন পশ্চিমত ৰৈলা।
তাত পাছে আপোনাৰ গৃহক আসিলা॥
গৃহ আসি পাইলা যেবে মহা সন্তবৰ।
বুদ্ধ ভাবে ৰৈলা সেহি সত্ৰৰ ভিতৰ॥৪২৫
শুনা আত অনন্তৰে যেন কথা ভৈলা।
এক অবতৰি সন্ত তহিকে আসিলা॥
ভূঞাৰ গৃহক আইলা অংশৰূপে হৰি।
যাৰ নাম যশ ৰৈলা ইটো ৰাজ্য ভৰি॥৪২৬
নামত অৰ্জ্জুন দেৱ জগত প্ৰখ্যাত।
যাৰ দিব্য কীৰিতি প্ৰকাশে ই ৰাজ্যত॥
কতো দিন থাকি কিছু ডাঙৰ যে ভৈলা৷
তেজ শক্তি দেখাই পাছে ৰাজ্যত ফুৰিলা॥৪২৭
শুনা সৰ্ব্বজন কথা ভৈলা যেন মত।
এৰা আসি সন্ত সমে লগ যে ভৈলন্ত॥

[ ৮৮ ]

নাৰায়ণ দেৱ নামে উমানন্দ নাতি।
দুয়ো জনে কৰিলন্ত মহন্ত পিৰীতি॥৪২৮
একে লগে থাকে দুয়ো একেলগে খাই।
যৈতে ৰাতি তৈতে কাতি এৰান নাযাই॥
অৰণ্যত থাকে নিশা গায়ে নাহি তত্ব।
শৰীৰৰো বস্ত্ৰৰ যে উমান নাপান্ত॥৪২৯
খনো পিন্ধে খনো তৰে খনো যে খসাই।
এহিমতে অৰণ্যত নিশাক খেদাই॥
হস্তী বাঘ ভালুক যে মহিষ সহিতে।
একেলগে শুই থাকে শুদা মৃটিকাতে॥৪৩০
এহিমতে দুয়ো যেবে বনত ৰহিলা।
এক যে বৰিষ জুৰি অৰণ্যে আছিলা॥
বনফুল আহাৰ শয়ন ধৰণীত।
গাৱত বস্ত্ৰৰ জানা সঞ্চ নাহিকন্ত॥৪৩১
পিতৃসকলৰ মহা কৰ্ম্ম যত যত।
বনতে কৰয় দুয়ো মহা আনন্দত॥
অসংখ্যাত ফল মূল আনয় বিচাৰি।
বাঘ ভালুক আদিক মাতয় জ্ঞাতি কৰি॥৪৩২
হস্তী যে মহিষগণ আসে নিৰন্তৰ।
এহি সব জ্ঞাতি জানা বনৰ ভিতৰ॥
এহি মত ৰঙ্গ কৰি কৰে কৰ্ম্ম যত।
বঞ্চিলা বৰিষ জানা অগাধ বনত॥৪৩৩

[ ৮৯ ]

কতো দিন থাকি দুয়ো যান্ত ভঠিয়াই।
সবে প্ৰজাগণে ঐত আছে বাট চাই॥
দেখে দুই জন সন্ত নাহিকে ৰাজ্যত।
হেন দেখি প্ৰজাগণে বিচাৰ কৰন্ত॥ ৪৩৪
খনো আসি ৰাজ্যে তাৰা ভ্ৰমিয়া ফুৰয়।
আগত থাকয় যদি তবু নেদেখয়॥
এহিমতে কতকাল অদৃশ্যে ৰহিলা।
তাত পৰে দেখাৰ দিবাৰ মনক কৰিলা॥ ৪৩৫
এক দিনা চৈত্ৰ মাসে অতিকে ৰদত।
পজা এক আছে আহু ধানৰ মাজত॥
একজনী বুঢ়ী তৈতে ধানক ৰখয়।
সন্ধ্যা সময়ত বুঢ়ী গৃহক আসয়॥ ৪৩৬
শূন্য সময়ত আসি দুয়ো মহাসন্ত।
সেহি পজা মধ্যে দুয়ো জিৰায়া আছন্ত॥
কতোবেলী থাকি তৈতে শয়ন কৰিলা।
ৰাতি পুৱা গৈ বুঢ়ী হাঠাতে দেখিলা॥ ৪৩৭
বুঢ়ী বোলে দেখোঁ ইটো আমাৰ গোঁসাই।
হৰাইবাৰ প্ৰভু দেখোঁ আছে নিদ্ৰা যাই॥
গায়ে বস্ত্ৰ নাহিকয় নিদ্ৰা গৈয়া ৰৈলা।
হেন দেখি বুঢ়ী ভিৰি গৃহে লৰ দিলা॥৪৩৮
গৃহে গৈয়া দহাতিয়া বস্ত্ৰক আনিলা।
লবৰিয় আহি তান গাৱে পেলাই দিলা॥

[ ৯০ ]

যেতিক্ষণে বস্ত্ৰ খানি গাৱত পৰিলা।
নিদ্ৰাৰ উঠিয়া দুয়ো চেতন লভিলা॥৪৩৯
হেন দেখি বৃদ্ধা নাৰী কৰে নানা তুতি।
কেনে ভ্ৰমি ফুৰা দুয়ো পৱনৰ গতি॥
আমাক অনাথ কৰি লুকা দিয়া ফুৰা।
কৰোহো কত প্ৰভু ইটো ৰূপ এৰা॥৪৪০
লোক পলনক হেতু সন্তৰূপ ধৰি।
মনুষ্যৰ ৰূপে দুয়ো আছা অৱতৰি॥
তোৰা যদি হেনৰূপে ফুৰিবা বনত।
ইটো প্ৰজাগণ প্ৰভু অনাথ হৈবন্ত॥৪৪১
লোক তৰাইবাৰ হেতু হৈছা অৱতাৰ।
তোৰা বিনে অকাৰণ জনম প্ৰজাৰ॥
এহি বুলি বুঢ়ী তুতি কৰিবাক লৈলা৷
হেন দেখি দুয়োজনে বুঢ়ীক মাতিলা॥৪৪২
কৈক বাম কহ বুঢ়ী গৃহ কৈতে পাই।
গৃহ নাহি দেখিয়েসে আছো ইটো ঠাই॥
নজাও পুৰনী গৃহে কহিলো তোমাত।
দুয়োকো দুটি পজা সাজি দিয়াহা ইহাত॥ ৪৪৩
আহাবুলি সিটো বুঢ়ী আগ বাঢ়ি গৈলা।
তাইৰ পাছে দুয়োজন মহন্ত লৰিলা॥
কতো বেলি পাইলা নদী গেৰুৱা ডাঙৰ।
পশ্চিমত কুলিশ নদী অতি ভয়ঙ্কৰ॥ ৪৪৪

[ ৯১ ]

তাহাৰ কাষত এক গৃহক সাজিলা৷
পূব পাৰে অৰ্জ্জুন দেৱ সত্ৰ পাতি ৰৈলা॥
তাহাৰ পশ্চিম দুয়ো নদীৰ মাজত।
ৰৈলা সত্ৰ পাতি নাৰায়ণ দেৱ তৈত ॥৪৪৫
অপৰ যে নাম প্ৰভু ডেকাযে গোসাঁই।
এহিমতে ৰৈলা দুয়ো ধৰ্ম্ম প্ৰবৰ্ত্তাই॥
বৰ ৰণ থলি সৰু ৰণ থলি ভৈলা।
এহি দুই নাম দুই সত্ৰৰ ৰাখিলা॥৪৪৬
এহিমতে দুয়োজন ৰৈলেক তথাই।
তাত পাছে বিহা কৰে ডেকাযে গোসাই॥
যেবে বিহা কৰাইলেক মহা সন্তবৰ।
কতো দিন পৰে ভৈলা পুত্ৰ মনোহৰ॥৪৪৭
নামে শুকদেৱ ভৈলা পুৰুষ সুন্দৰ।
গণি পঢ়ি যাত কৰ্ম্ম কৈলা নিৰন্তৰ॥
যজ্ঞ সূত্ৰ নতু দেন্তে পিতৃ স্বৰ্গে গৈলা।
হেন দেখি তান মাতৃ কৰ্ম্ম ক্ৰিয়া কৈলা॥৪৪৮
এহিমতে কতো দিন ৰহিলা তহিত।
কৰিলা বিবাহ পাছে কৰি আনন্দিত॥
শুনা সব জন পাছে যেন কথা ভৈলা।
সিটো সত্ৰ এৰি পাছে বাব্য কোণে গৈলা॥৪৪৯
সি বাব্য কোণত আসি গৃহক বান্ধিলা।
তাতো সত্ৰ সভাখনি বহলে পাতিলা॥
দেখে জল নাহি কাষে দূৰে আছে নদী।
আনিবাক লাগে জল দূৰ হন্তে খেদি॥৪৫০

[ ৯২ ]

আনিবাক লাগে নদী আমাৰ কাষৰে।
এহি বুলি মনত গুনিলা সন্তষৰে॥
শুনা সৰ্ব্বজন পাছে যেন কথা ভৈলা।
আষাৰ মাসত নদী গোট ভৰি গৈলা॥৪৫১
প্ৰভাততে সন্তবৰে উঠি একেশ্বৰে।
দক্ষিণক লাগি গৈলা নদীৰ কাষৰে॥
এক ধাৰী শুক্লামলা নৈবদ্য আনিলা।
তাঙ্ক দিয়া তুতি বাণী বুলিবে লাগিলা॥৪৫২
মোৰ কাষে যাইবা তুমি এক সোত বই।
জল কষ্ট মোৰ তুমি মাৰিবে লাগয়॥
কাষতে আছয় হৰি গৃহ মনোহৰ।
তাহাৰ দক্ষিনে যাইবা নহৈবা আতৰ॥৪৫৩
এহিবুলি মহাসন্ত গৃহক আসিলা।
শয়ন কৰিয়া পাছে সিটো নিশা ৰৈলা॥
তাত অনন্তৰে নিশা ভৈলা অবসান।
জাগিলা সকল ভক্ত নিদ্ৰাৰ তেখন॥৪৫৪
দেখে নদী গোট আসি বয় কাষৰত।
প্ৰজা বোলে ইটো কিনো কাৰ্য্য অদভুত॥
ইতো নদী গোট বহু দুৰত আছিলা।
আমাসাৰ কাষে দেখোঁ খেদিয়া আসিলা॥৪৫৫
এহি বুলি প্ৰজাগণে কহিলা সন্তত।
শুনিয়া বৈষ্ণবৰ ভৈলা আনন্দ মনত॥
তাত পছে নদীক যে চাহিবাক গৈলা৷
সেহি দিনা হন্তে সত্ৰৰ ছৰণ ধৰা নাম ভৈল॥৪৫৬
সন্তৰ চৰণ ধুলা বুলি ৰাখে সেহি নাম।
অদ্যাপিয়ো সিটো সোঁত আছে সৰ্ব্বক্ষণ॥

[ ৯৩ ]

উত্তৰ মুখে ৰৈয়া আছে সত্ৰৰ কাষৰে।
কেনে বিপৰীত কৰ্ম্ম দেখা নিৰন্তৰে॥৪৫৭
এহিমতে আছে সন্ত সত্ৰৰ মধ্যত।
এক পুত্ৰ ভৈলা পাছে তাহান বীৰ্য্যত॥
পুত্ৰক দেখিয়া সন্তৰ আনন্দ মিলিলা।
যাত কৰ্ম্ম কৰি মহা উসব কৰিলা॥৪৫৮
গণি-পঢ়ি শিশুৰ নাম কামদেৱ থয়।
এহিমতে শিশু তান গৃহত বাঢ়য়॥
পৰম বৈষ্ণৱ সিটো মহন্ত ভৈলন্ত।
শাস্ত্ৰত কুশল সিটো অতিকে ভৈলন্ত॥৪৫৯
তাত পাছে তান পিতৃ পৰলোকে গৈলা।
হেনদেখি পুত্ৰে প্ৰেত কাৰ্য্যক কৰিলা॥
কাৰ্য্য কৰ্ম্ম কৰি পাছে ৰহিলা গৃহত।
কতোদিন পৰে যজ্ঞ সূত্ৰক লৈলন্ত॥৪৬০
উপযুক্ত বয়সত বিবাহ কৰাইলা।
সেহি জনী ভাৰ্য্যা সমে পীড়িতি নভৈলা॥
তাত পাছে আৰু এক ভাৰ্য্যাক বিহাইলা।
তান গৰ্ভে এটি পুত্ৰ এটি জীউ ভৈলা॥৪৬১
কতোদিন থাকি মাৱে পোৱে জীউৱে সমে।
তিনি গোটক মাৰি লৈয়া গৈলা যমে॥
হেনদেখি বৈষ্ণবৰ মনে কষ্ট ভৈলা।
কতোদিন মান সন্ত একেশ্বৰে ৰৈলা॥৪৬২
তাত পাছে বাৰ্ত্তা এক পাইলা মহা সন্ত।
এক গোট বিপ্ৰে আহি কথা কহিলন্ত।
শুনিয়ো মহন্ত এক কথা কহো মই।
কৰিয়ো বিবাহ এটি কন্যা যে আছয়॥৪৬৩

[ ৯৪ ]

আনিবাক লাগে নদী আমাৰ কাষৰে।
এহি বুলি মনত গুনিলা সন্তবৰে॥
শুনা সৰ্ব্বজন পাছে যেন কথা ভৈলা।
আষাৰ মাসত নদী গোট ভৰি গৈলা॥৪৫১
প্ৰভাততে সন্তবৰে উঠি একেশ্বৰে।
দক্ষিণক লাগি গৈলা নদীৰ কাষৰে॥
এক ধাৰী শুক্লামলা নৈবদ্য আনিলা।
তাঙ্ক দিয়া তুতি বাণী বুলিবে লাগিলা॥ ৪৫২
মোৰ কাষে যাইবা তুমি এক সোত বই।
জল কষ্ট মোৰ তুমি মাৰিবে লাগয়॥
কাষতে আছয় হৰি গৃহ মনোহৰ।
তাহাৰ দক্ষিনে যাইবা নহৈবা আতৰ॥৪৫৩
এহিবুলি মহাসন্ত গৃহক আসিলা।
শয়ন কৰিয়া পাছে সিটো নিশা ৰৈলা॥
তাত অনন্তৰে নিশা ভৈলা অবসান।
জাগিলা সকল ভক্ত নিদ্ৰাৰ তেখন॥৪৫৪
দেখে নদী গোট আসি বয় কাষৰত৷
প্ৰজা বোলে ইটো কিনো কাৰ্য্য অদভুত॥
ইতো নদী গোট বহু দূৰত আছিল।
আমাসাৰ কাষে দেখোঁ খেদিয়া আসিল॥৪৫৫
এহি বুলি প্ৰজা গণে কহিলা সন্তত।
শুনিয়া বৈষ্ণবৰ ভৈলা আনন্দ মনত॥
তাত পাছে নদীক যে চাহিবাক গৈলা।
সেইদিনা হন্তে সত্ৰৰ ছৰণ ধৰা নাম ভৈল॥৪৫৬
সন্তৰ চৰণ ধুলা বুলি ৰাখে সেহি নাম।
অদ্যাপিয়ো সিটো সোঁত আছে সৰ্ব্বক্ষণ॥

[ ৯৫ ]

উত্তৰ মুখে বৈয়া আছে সত্ৰৰ কাষৰে।
কেনে বিপৰীত কৰ্ম্ম দেখা নিৰন্তৰে॥৪৫৭
এহিমতে আছে সন্ত সত্ৰৰ মধ্যত।
এক পুত্ৰ ভৈলা পাছে তাহান বীৰ্য্যত॥
পুত্ৰক দেখিয়া সন্তৰ আনন্দ মিলিলা।
যাত কৰ্ম্ম কৰি মহা উৎসব কৰিলা॥৪৫৮
গণি-পঢ়ি শিশু নাম কামদেৱ থয়।
এহিমতে শিশু তান গৃহত বাঢ়য়॥
পৰম বৈষ্ণৱ সিটো মহন্ত ভৈলন্ত।
শাস্ত্ৰত কুশল সিটো অতিকে ভৈলন্ত॥৪৫৯
তাত পাছে তান পিতৃ পৰলোকে গৈলা।
হেনদেখি পুত্ৰে প্ৰেত কাৰ্য্যক কৰিলা॥
কাৰ্য্য কৰ্ম্ম কৰি পাছে ৰহিলা গৃহত।
কতোদিন পৰে যজ্ঞ সূত্ৰক লৈলন্ত॥৪৬০
উপযুক্ত বয়সত বিবাহ কৰাইলা।
সেহি জনী ভাৰ্য্যা সমে পীড়িতি নভৈলা॥
তাত পাছে আৰু এক ভাৰ্য্যাক বিহাইলা।
তান গৰ্ভে এটি পুত্ৰ এটি জীউ ভৈলা॥৪৬১
কতোদিন থাকি মাৱে পোৱে জীউৱে সমে।
তিনি গোটক মাৰি লৈয়া গৈলা যমে॥
হেনদেখি বৈষ্ণবৰ মনে কষ্ট ভৈলা।
কতোদিন মান সন্ত একেশ্বৰ ৰৈলা॥৪৬২
তাত পাছে বাৰ্ত্তা এক পাইলা মহা সন্ত।
এক গোট বিপ্ৰে আহি কথা কহিলন্ত॥
শুনিয়ো মহন্ত এক কথা কহো মই।
কৰিয়ো বিবাহ এটি কন্যা যে আছয়॥৪৬৩

[ ৯৬ ]

পাতি দৰঙৰ ঘৰ শুদ্ধ বিপ্ৰবৰ।
কবিৰাজ কবি ভূষণ নাম যে বিপ্ৰৰ॥
এক গুটি কন্যা আছে কবি ভূষণৰ।
নামত অম্বিকা বিভা কৰা সন্তবৰ॥৪৬৪
হেনশুনি মহন্তেও মনে সাৰ কৈলা।
জোৰা চাই কতোদিনে বিবাহ কৰিলা॥
ফাগুন মাহত বিহা মহা ৰজে কৈলা।
আত অনন্তৰে শুনা যেন কথা ভৈলা॥৪৬৫
এক গুটি পুত্ৰ ভৈলা কতো দিন মানে।
আশ্বিনত জন্ম ভৈলা ৰবিবাৰ দিনে॥
দৈবজ্ঞ আনিয়া পাছে গণিয়া চাহিলা।
নানা সুলক্ষণ বুলি গণকে কহিলা॥৪৬৬
গণি-পঢ়ি মাধৱ শিশুৰ নাম থৈলা।
অপৰ যে নাম তাৰ পদ্মনাভ ভৈলা॥
মহা সুকোমল শিশু পৰম সুন্দৰ।
বাঢ়িবে লাগিলা পাছে বৈষ্ণবৰ ঘৰ॥৪৬৭
এহিমতে শিশুৰ যে কতোদিন গৈলা।
তাত অনন্তৰে তাৰ চুৰাকৰ্ণ কৈলা॥
তাত পৰে শিশুৰ যে পিতৃ স্বৰ্গে গৈলা।
সি সময়ে শিশু তিনি বছৰীয়া ছিলা॥৪৬৮
হেন সময়তে সন্তে অনাথিণী কৰি।
মাকে সমে শিশু গুটিক ঐতে গৈলা এৰি॥
শিশু গেটে ক্ৰিয়া-কৰ্ম্ম কৰিতে নৰিলা।
মাকেসে স্বামীৰ প্ৰেত কাৰ্য্য সমাপিলা॥৪৬৯
দানে মানে বিপ্ৰক তুষিলা নিৰন্তৰ।
দুঃখী দৰিদ্ৰক দান দিলেক বিস্তৰ॥

[ ৯৭ ]

বৈষ্ণব মহন্ত যত আনো বিপ্ৰগণ৷
সকলোৱে আশীষ কৰিলা ৰঙ্গ মন॥
মাৱে পোৱে দুই গুটি প্ৰাণী মাত্ৰ ৰৈলা৷
বিধবাৱে স্বামীৰ যে কাৰ্য্য সমাপিলা॥
ধন্য ধন্য বুলি প্ৰজা সবে প্ৰশংসিলা।
এহিমতে মাৱে পোৱে সত্ৰত ৰহিলা॥ ৪৭১
শুনা সৰ্ব্বজন পাছে কথা যেন মত।
এহিমতে পুত্ৰ গুটি ডাঙৰ ভৈলন্ত॥
কৰিলেক কৰ্ম্ম উৰ্দ্ধ পুৰুগ সমসৰ।
যশস্যা ৰৈলেক তান দৰঙ্গ ভিতৰ॥৪৭২
পদ্ম নাভ নামে ইটো সন্তৰ বংশত।
ৰৈলেক কীৰিতি আন ইটো দৰঙত॥
মহা তেজ শক্তিমান পুৰুষ ডাঙ্গৰ৷।
যাৰ যশ কীৰ্ত্তি ৰৈলা চন্দ্ৰ দিবাকৰ॥৪৭৩
ভোট অকা বুলে যাক একো নজানয়।
হেন সবো কৰদিয়া শৰণ পোষয়॥
হেনমতে যশ কীৰ্ত্তি বাঢ়িবাক লৈলা।
উপযুক্ত বয়সত কন্যাক সুধিলা॥৪৭৪
ভাঠি দৰং মধ্যে এক বৈষ্ণবৰ ঘৰ।
আছয় সুন্দৰী কন্যা আতি মনোহৰ॥
কতোদিন পৰে সেহি কন্যাক বিহাইলা।
তাত পাছে গৃহত যে মহা সুখে ৰৈলা॥ ৪৭৫
শুনা সৰ্ব্বজন কৰ্ম্ম মহন্ত জনৰ।
অংশ অৱতৰি যিটো গোসাই সম্বৎসৰ॥
তাহান কবিতা মই অধমে ৰচিলোঁ৷।
যিটো যিটো কীৰ্ত্তি লোক মুখত শুনিলোঁ॥

[ ৯৮ ]

পাতি দৰঙত ঘৰ শুদ্ধ বিপ্ৰবৰ।
কবিৰাজ কবি ভূষণ নাম যে বিপ্ৰৰ॥
এক গুটি কন্যা আছে কবি ভূষণৰ।
নামত অম্বিকা বিভা কৰা সন্তবৰ॥ ৪৬৪
হেনশুনি মহন্তেও মনে সাৰ কৈলা।
জোৰা চাই কতাদিনে বিবাহ কৰিলা॥
ফাগুন মাহত বিহা মহা ৰঙ্গে কৈলা।
আত অনন্তৰে শুনা যেন কথা ভৈলা॥৪৬৫
এক গুটি পুত্ৰ ভৈলা কতো দিন মানে।
আশ্বিনত জন্ম ভৈলা ৰবিবাৰ দিনে॥
দৈবজ্ঞ আনিয়া পাছে গণিয়া চাহিলা।
নানা সুলক্ষণ বুলি গণকে কহিলা॥৪৬৬
গণি-পঢ়ি মাধৱ শিশুৰ নাম থৈলা৷
অপৰ যে নাম তাৰ পদ্মনাভ ভৈলা॥
মহা সুকোমল শিশু পৰম সুন্দৰ।
বাঢ়িবে লাগিলা পাছে বৈষ্ণবৰ ঘৰ॥৪৬৭
এহিমতে শিশুৰ যে কতোদিন গৈলা।
তাত অনন্তৰে তাৰ চুৰাকৰ্ণ কৈলা॥
তাত পৰে শিশুৰ যে পিতৃ স্বৰ্গে গৈলা।
সি সময়ে শিশু তিনি বছৰীয়া ছিলা॥৪৬৮
হেন সময়তে সন্তে অনাথিণী কৰি।
মাকে সমে শিশু গুটিক ঐতে গৈলা এৰি॥
শিশু গেটে ক্ৰিয়া-কৰ্ম্ম কৰিতে নৰিলা।
মাকেসে স্বামীৰ প্ৰেত কাৰ্য্য সমাপিলা॥৪৬৯
দানে মানে বিপ্ৰক তুষিলা নিৰন্তৰ।
দুঃখী দৰিদ্ৰক দান দিলেক বিস্তৰ॥

[ ৯৯ ]

বৈষ্ণৱ মহন্ত যত আনো বিপ্ৰগণ।
সকলোৱে আশীষ কৰিলা ৰঙ্গ মন ॥ ৪৭০
মাৱে পোৱে দুই গুটি প্ৰাণী মাত্ৰ ৰৈলা।
বিধবাৱে স্বামীৰ যে কাৰ্য্য সমাপিলা॥
ধন্য ধন্য বুলি প্ৰজা সবে প্ৰশংসিলা।
এহিমতে মাৱে পোৱে সত্ৰত ৰহিলা॥৪৭১
শুনা সৰ্ব্বজন পাছ কথা যেন মত।
এহিমতে পুত্ৰ গুটি ডাঙৰ ভৈলন্ত॥
কৰিলেক কৰ্ম্ম উৰ্দ্ধ পুৰুষ সমসৰ।
যশস্যা ৰৈলেক তান দৰঙ্গ ভিতৰ॥৪৭২
পদ্মনাভ নামে ইটো সন্তৰ বংশত।
ৰৈলেক কীৰিতি আন ইটো দৰঙত॥
মহা তেজ শক্তিমান পুৰুষ ডাঙ্গৰ।
যাৰ যশ কীৰ্ত্তি ৰৈলা চন্দ্ৰ দিবাকৰ॥৪৭৩
ভোট অকা বুলে যাক একো নজানয়।
হেন সব কৰদিয়া শৰণ পোষয়॥
হেনমতে যশ কীৰ্ত্তি বাঢ়িবাক লৈলা।
উপযুক্ত বয়সত কন্যাক সুধিলা॥৪৭৪
ভাঠি দৰং মধ্যে এক বৈষ্ণবৰ ঘৰ।
আছয় সুন্দৰী কন্যা আতি মনোহৰ॥
কতোদিন পৰে সেহি কন্যাক বিহাইলা।
তাত পাছে গৃহত যে মহা সুখে ৰৈলা ॥৪৭৫
শুনা সৰ্ব্বজন কৰ্ম্ম মহন্ত জনৰ।
অংশ অৱতৰি যিটো গোসাই সম্বৎসৰ॥
তাহান কবিতা মই অধমে ৰচিলো৷॥
যিটো যিটো কীৰ্ত্তি লোক মুখত শুনিলোঁ॥

[ ১০০ ]

আকে জানি মোৰ দোষ ক্ষমা সৰ্ব্বজন।
গণিতা কুলত জন্ম নাহি শাস্ত্ৰ জ্ঞান॥
দ্বিজকুলে জন্ম ভৈলোঁ জাতিত উত্তম।
নাহি ভক্তি মাধৱত সেয়েহে অধম॥৪৭৭
সূৰ্য্য বিপ্ৰ কুলে জন্ম মই অধমৰ।
দৰঙৰ মধ্য গ্ৰাম চাপৰাত ঘৰ॥
কৰি কৰি ফুৰো নাম কবি সুচণ্ডাই।
চাউল মাগি ফুৰো ইটো কবিতা বৰ্ণাই॥৪৭৮
গুৰিখাৰ দোষ নধৰয় মহাজন।
দাস কৰি লোৱা মোক সিদৰে সুজন॥
জয় জয় পূৰ্ণ ব্ৰহ্মা অগতিৰ গতি।
তোমাৰ চৰণে কৰো সহস্ৰ প্ৰণতি॥ ৪৭৮
তুমি যদি ভক্তিদান নকৰা আমাত।
মাগিবেক ব্ৰহ্মা লক্ষ্মী কেমনে তোমাক॥
এতেকে ভক্তত ভক্তি কৰিয়োক দান।
একান্ত ভকতি হৌক তোমাৰ চৰণ॥৪৮০
মুখে নাম হৃদি ৰূপ সঙ্গ ভকতৰ।
ইয়াকে আগোহে প্ৰভু চৰণে তোমাৰ॥
শুনা সৰ্ব্বজন কৰা হৰিত ভকতি।
তেবেসে তৰিবা সুখে সংসাৰ দুৰ্গতি॥৪৮১
পুত্ৰ ভাৰ্য্যা বিষয়ক মিছা মানি মনে।
ভজিয়োক সৰ্ব্বজন কৃষ্ণৰ চৰণে॥
নামেসে তৰাইবে আনি এৰা আন কাম।
পতিত পাৱন ডাকি বোলা ৰাম ৰাম॥৪৮২

—:: সমাপ্ত ::—

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )

 
  1. লাগী, অলাগী।
  2. ঠগ ডকাইত
  3. বোকোচা।
  4. গাৱৰ হাত ভৰি আদি ভাঙি মোচৰি অনা।
  5. লতাপাতা আদিৰে ঘোপমৰা এন্ধাৰ ঠাই।
  6. ডাঠমনে, সুদৃঢ় ভাবে।
  7. সমাপন, শেষ।
  8. এবছৰ জুৰি।
  9. ভাবি চিন্তি।
  10. ওচৰ
  11. কাৰ্য্য কাম।
  12. ভণ্ডনা কৰিলা প্ৰকৃত কথা লুকুৱাইলা।
  13. (থ) নোৱাৰো।
  14. সকলোয়ে
  15. (ব) দেশৰ বাহিৰা কৰি খেদি দিলা৷
  16. (ভ) হানি নকৰে, নষ্ট নকৰে।
  17. ডকাইতি কৰিয়া, অৰ্থাৎ বলেৰে দেখা দেখিকৈ নিয়া৷
  18. খোটালী।
  19. ভেঙুচালী, বিদ্ৰুপ।