পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৷৵৹)


 এই ঘটনাৰ কিছুদিনৰ পিচত এজন আলৰ বুঢ়া আহি তেওঁৰ দুখৰ কথা কয়। বুঢ়াৰ হেনো পুতেক সাতোটা আছিল কিন্তু সিহঁত ভিন ভিন হৈ কোনেও বুঢ়াক পালন নকৰা হৈছে। এই ঘটনাত মহাপুৰুষে তেওঁৰ বংশত যাতে এটাৰ বেছি পুত্ৰ সন্তান নহয় তাৰ অৰ্থে হৰি মণ্ডিৰত গৈ প্ৰাৰ্থনা কৰে।

 ইয়াৰ কিছুদিন পিচতে তেওঁলোকৰ কাষেৰে বৈ যোৱা নৈৰে বেপাৰ কৰিবলৈ কিছুমান পশ্চিমীয়া বেপাৰী আহি ঘাটত নাৱ বান্ধে। মহাপুৰুষৰ ঘৈনীয়েক পানী আনিবলৈ ঘাটলৈ গৈছিল। নাৱ ঘাট আগুৰি থকা বাবে, পানী অনা সুবিধা জনক ঘাট বিচাৰি ঘূৰি ফুৰোতে পানী লৈ অহাত তেওঁ পলম হল। মহাপুৰুষে পানী অনাত পলম হোৱা দেখি, কাৰণ সুধি সদাগৰহঁতেই যে ইয়াৰ বাবে দায়ী তাক বুজিব পাৰি সিহঁতক শাপ দিয়ে। তাৰ ফলত হেনো, সাদাগৰ, নাৱ মালবস্তু আৰু যাবতীয় নাৱৰীয়া পানীত দুবি যায় নাৱ বান্ধা লোৰ শিকলি আদি হেনো বহু দিনলৈকে গছত বান্ধা অৱস্থাতে সৰ্ব্বসাধাৰণে দেখা কৈয়ে আছিল। এতিয়া অলপ দিনৰ পৰা নেদেখা হৈছে। তেতিয়াৰপৰা সেই ঠাইৰ নাম