পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৷৶৹)

“দেওমৰণে” হয়। মানুহৰ মুখে প্ৰচলিত আছে যে, মহাপুৰুষৰ বংস লোপ হলেই “দেওমৰণে” মুকুতি লভিব; আৰু এই বাবেই মানুহে কয় যে, তেওঁৰ বংশ এতিয়াও লোপ হোৱা নাই, কৰবাত আছে। কিন্তু এই পুথিত তাৰ কোনো উল্লেখ নাই।

 মহাপুৰুষৰ বস্তিটো বৰ্ত্তমান এখন ঝাৰনীহৈ আছে। শুনিবলৈ পোৱা যায় যে, তাত সুমথিৰা টেঙাৰ গছ, হালধি, আদা, গছআলু, জলকীয়া আদি বিস্তৰ পৰিমাণে আছিল আৰু মানুহে তাক তাত গৈ খাবলৈ পাৰিছিল, কিন্তু কোনোবাই কিবা ঘৰলৈ নিলে হেনো তেজে বতিয়াই মৰে। এই বিলাক কাৰণেই বৰ্তমান সেই ঝাৰনীলৈ কোনো নাযায় আৰু তাত কি আছে কি নাই কবলৈ পাৰা নাযায়।

 বৈষ্ণবৰ বংশাৱলী পুথিত তলত লিখা ধৰণে আছে। এওঁৰ বংশৰ কোনোবা বৰ্ত্তমান সময়ত আছেনে নাই তাৰ সবিশেষ বিবৰণ পোৱা নাযায়। বহুতে কামৰূপৰ বৰভাগ অঞ্চলত এটি বুঢ়ী বুলি কয়; কিন্তু তাৰ সঠিক বাতৰি কোনেও দিব নোৱাৰে। বৈষ্ণৱৰ শেষ পুৰুষ মাধৱদেৱে ভাঠি দৰঙ্গত বিবাহ কৰোৱা বুলি উল্লেখ আছে। এই ভাঠিদৰং বোধকৰো কামৰূপৰ বৰভাগ অঞ্চলত থকা পাটিদৰঙকে বুজাইছে, যেহেতু বৈষ্ণৱৰ বংশৰ বুঢ়ী এজনী বৰ