অপবিত্ৰ পশু সিটো শৃগালী অজ্ঞান।
তাই ভক্ষ নকৰিলা কথা বিতোপন॥২৭০
ইগোট মনুষ্য নুহি ঈশ্বৰ সাক্ষাত।
হেন কথা দুয়ো ব্যাঘ্ৰে ভাবয় মনত॥
কতোবেলি মান দুয়ো গুণিয়া আছিলা।
তল মুখে দুয়ো মাথা মাটিত থাপিলা॥২৭১
নমস্কাৰ কৈলা দুয়ো হাত যোৰ কৰি।
বনে ঝাপ দিয়া দুয়ো বাট দিলা এৰি॥
আত অনন্তৰে শুনা কথা যেন মত।
আছে পাৰ হব নৰি (ৰ) নদীৰ পাৰত॥২৭২
নাও নৌকা নাই কেনে যাও পাৰ হৈ।
এতেকে পাৰত বহি আছে সবে ৰৈ॥
খাগৰি কাতিয়া আনি জলক জুখিলা।
বহুত অথানি জল সকলে দেখিলা॥২৭৩
কেনে পাৰ হম বুলি সবে গুণি চাই।
নাও নৌকা নাহি একো নাহিকে উপাই॥
গুণি গাষ্ঠি চাই সবে নামিলা জলত।
সবে নামি আসিয়োক মোহোৰ পাছত॥২৭৪
হেন শুনি সকলোৱে জলত নামিলা।
অগাধ অথানি (ল) জল আঠু সম হৈলা॥
(ৰ) নোৱাৰি।
(ল) পুখুৰী বা নৈ আদিত মাটিত ভৰি দি ঠিয় হৈ হাত ওপৰলৈ মেলি দিলে যদি হাত পানীৰ ওপৰ হৈ ওলাই নাথাকে তেনেহলে তাক অথানি বোলে।