পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৵৹)

জোকাৰিলে নদী বয়।” এই জনশ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰিযে ৰাইজৰ পৰা যথেষ্ট সুহানুভূতি পাম বুলি আশা ৰাখিলোঁ। লগতে হয়াকো উনুকীয়াওঁ যে, মোৰ লিখিত “শঙ্কৰ দেৱৰ সংক্ষিপ্ত জীৱন চৰিত আৰু দামোদৰ দেৱৰ চমু জীৱনী” বুলা কিতাপ দুখনি, মহামান্য স্কুল সমূহৰ ডাইৰেক্টৰ মহোদয়ৰ অনুগ্ৰহত প্ৰাইজ আৰু লাইব্ৰেৰী লিষ্ট ভুক্ত হোৱাত উৎসাহিত হৈ ইযো তেখেতসবৰ অনুগ্ৰহত প্ৰাইজ লিষ্ট ভুক্ত হব বুলি আশা ৰাখিলোঁ। ইতি—

পাপৰিঘাট এম, ই, স্কুল।

মাঘ বিহু, ১৮৭৯ শঁক।
ইং ১৪।১২।২৭

}   ৰতি ৰাম দত্ত।

পাতনি।

 এই পুথিৰ লিখক চপৰাৰ সুচাণ্ড কবি। তেওঁ জাতত সূৰ্য্য বিপ্ৰ। মঙ্গলদৈ ৰজা হাউলা পশ্চিমে চপৰা গাৱঁত কৰি কৰা চুপা বুলি এখনি গাওঁ আছে। এই কৰি কৰা চুপাই কবিৰ জন্ম স্থান