পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭৩)

আগে দেখোঁ চলিলেক বেগ খৰতৰ।
এতিয়া কেনেবা ছিল বেগ গজেন্দ্ৰৰ॥
মাহুতে বোলয় প্ৰভু কদৰ্থ নকৰোঁ৷
পৰ্ব্বত সমান হস্তী চলাইতে নাপাৰোঁ॥৩৪৬,
প্ৰভাতে চলিলা সিটো বেগ আতি ধৰি।
এতিয়া লাগিল ভোখ চলাইতে নাপাৰি॥
নকৰো কদৰ্থ জানিবাহা প্ৰভু তুমি।
প্ৰাণ পৰিশ্ৰমে হস্তী চলাইবোহো আমি॥ ৩৪৭
এহি বুলি হস্তী মুণ্ডে আকুহিক দিলা।
কিছু কিছু কৰি বেগ ঢিলায়া যে নিলা॥
দেখা প্ৰভু কোনো খানি মোত দোষ নাই।
চাৰি খোজ বেগে গৈয়া আকৌ ঢিলাই॥ ৩৪৮
অঙ্কুশৰ খোচ পাই গৈলা বেগ ধৰি।
মোক দাই দিয়া বোলো বিচাৰ নকৰি॥
এহি বুলি হস্তী গোট সুথিৰে চলাইলা।
হেন দেখি মহন্তৰ মনে কোপ ভৈলা॥৩৪৯
মনত বোলন্ত মই তোৰ চিত্ত পাইলোঁ।
তোহোৰ টেন্টালি মই সকল বুজিলোঁ॥
এহি বুলি মহন্তেও চলে ধিৰে ধিৰে।
এক নদী পাইলা গই তাত অনন্তৰে॥৩৫০
মাহুতে বোলয় প্ৰভু শুনিয়ো বচন।
ইহাত হস্তীৰ গাৱ ধুৱাও এখন॥