পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৪)

শুনিয়োক বুদ্ধ যত  দেখা কথা বিপৰীত
  শৃগাল সৰ্পৰ দয়া বৰ।
এতেকে কেমনে নৰে   মানুষ বুলিবে পাৰে
  যাৰ কীৰ্ত্তি ৰৈলা যুগান্তৰ॥১৫২
শৃগালিনী সৰ্পগোট   সিহঁতে যে ভাগ্যৱন্ত
  যাৰ মহা দাস যত ভৈলা।
সি সি পিতৃ-মাতৃ তান   পূৰ্ব্ব জন্মে আছিলন্ত
  সি কাৰণে গোৰ্ত্তে কোল পাইলা॥
শুনিয়োক জ্ঞানী যত   দেখা কেনে বিপৰীত
  বৈষ্ণৱৰ তেজ শক্তি বৰ।
পশিলা শৃগাল সৰ্পে   আতিশয় দয়াতৰে
  আহিলেক গৰ্ত্তে সম্বৎসৰ[১]॥ ১৫৩
এতেকে জানিবা সবে   কৃষ্ণক যিজনে সেবে
  তাৰ কদাচিতো মৃত্যু নাই।
শৃগালে খাইলেহৈ যদি  সেহি শিশু কালে তাঙ্ক
  ৰাখিবেক কাহাৰ উপায়॥
যদি সৰ্পে দংশে তাক   তথাপি নাহিকে ৰক্ষা
  দেখা ইতো কেনে বিপৰীত।
যিহেতু হৰিৰ প্ৰিয়   মহন্ত ভকত বৰ
  সিহেতু ৰাখিলা সঙ্কতত॥ ১৫৪


  1. এবছৰ জুৰি।