পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৷৹)


পৰি বেজেনীহতে পেলাই দিয়াত শিয়ালীয়ে গাতলৈ নি পালন কৰে। এবছৰ মূৰত পিতেক দেশ পৰ্য্যতন কৰি আহি বৈষ্ণৱক নি পালন কৰে৷

 শিয়ালা বৈষ্ণৱৰ গতি মানসিক আৰু ঐশ্বৰিক কাৰ্য্য ভালেমানৰো কথা উল্লেখ আচে আৰু লগে ২ সেই সময়ৰ ঐতিহাসিক আৰু ভৌগলিক জ্ঞানো ইয়াত যঠেষ্ট পৰিমাণে পোৱা যায়।

 মহাপুৰুষৰ ঐশ্বৰিক কাৰ্য্যৰ বাতৰি পাই, বিজনীৰ ৰজা ৰঘুদেৱে বৈষ্ণৱক নিবলৈ বুলি মানুহ পঠায়। যাওঁতে বাটত মহাপুৰুষে বহুতে অলৌকিক কাৰ্য্য দেখুৱাইছিল। তাৰ ভিতৰত অগাধ দ দৰিকাজানী নৈ নুমি পাৰ হোৱা আৰু ৰজাৰ ৰাজ নগৰৰ ওচৰৰ সত্ৰত, গোসাঁই মণ্ডপৰ ওচৰত পৰি থকা এমুঠি গাজি চাউল সিজাই সেই অন্নেৰে ষোলজন মানুহৰ ক্ষুধা নিবৃত্তি কৰাই প্ৰধান।

 এই দৰিকাজানী নৈ বৰ্ত্তমান নাই। কামৰূপৰ নলবাডীৰ মাজত ঠায়ে ঠায়ে যি এটি মৰা নদীৰ চিন আছে, সেই টিৰে পূৰ্ব্ব নাম দৰিকাজানী আছিল। এই দৰিকাজানীৰ এক সোতা নতুনকৈ বোৱাত তাৰ নাম নোৱা নৈ হয়। এই নোৱা নৈৰ চিন, নলবাৰীৰ ঠায়ে ঠায়ে আছে। ইয়াত যিটি সত্ৰত তেওঁক সিধাপাতি কোনেও নিদিয়াত চাউল প্ৰসা-