পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/১০৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯৩)

উত্তৰ মুখে বৈয়া আছে সত্ৰৰ কাষৰে।
কেনে বিপৰীত কৰ্ম্ম দেখা নিৰন্তৰে॥৪৫৭
এহিমতে আছে সন্ত সত্ৰৰ মধ্যত।
এক পুত্ৰ ভৈলা পাছে তাহান বীৰ্য্যত॥
পুত্ৰক দেখিয়া সন্তৰ আনন্দ মিলিলা।
যাত কৰ্ম্ম কৰি মহা উৎসব কৰিলা॥৪৫৮
গণি-পঢ়ি শিশু নাম কামদেৱ থয়।
এহিমতে শিশু তান গৃহত বাঢ়য়॥
পৰম বৈষ্ণৱ সিটো মহন্ত ভৈলন্ত।
শাস্ত্ৰত কুশল সিটো অতিকে ভৈলন্ত॥৪৫৯
তাত পাছে তান পিতৃ পৰলোকে গৈলা।
হেনদেখি পুত্ৰে প্ৰেত কাৰ্য্যক কৰিলা॥
কাৰ্য্য কৰ্ম্ম কৰি পাছে ৰহিলা গৃহত।
কতোদিন পৰে যজ্ঞ সূত্ৰক লৈলন্ত॥৪৬০
উপযুক্ত বয়সত বিবাহ কৰাইলা।
সেহি জনী ভাৰ্য্যা সমে পীড়িতি নভৈলা॥
তাত পাছে আৰু এক ভাৰ্য্যাক বিহাইলা।
তান গৰ্ভে এটি পুত্ৰ এটি জীউ ভৈলা॥৪৬১
কতোদিন থাকি মাৱে পোৱে জীউৱে সমে।
তিনি গোটক মাৰি লৈয়া গৈলা যমে॥
হেনদেখি বৈষ্ণবৰ মনে কষ্ট ভৈলা।
কতোদিন মান সন্ত একেশ্বৰ ৰৈলা॥৪৬২
তাত পাছে বাৰ্ত্তা এক পাইলা মহা সন্ত।
এক গোট বিপ্ৰে আহি কথা কহিলন্ত॥
শুনিয়ো মহন্ত এক কথা কহো মই।
কৰিয়ো বিবাহ এটি কন্যা যে আছয়॥৪৬৩