পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৶৹)


 এই পুথিৰ নায়ক শিয়ালা বৈষ্ণব। তেওঁৰ আচল নাম সম্বৎসৰ। শিয়ালে তাৰ গাতত এবছৰ পালিছিল বুলিয়ে পিতাকে তেওঁৰ সেই নামকে দিছিল; কিন্তু সৰ্ব্বসাধাৰণে শিয়ালা বৈষ্ণৱ বুলিহে জানিছিল। সম্বৎসৰৰ পিতা ধম্মদেব গোস্বামী জাতত ব্ৰাহ্মণ আছিল। এওঁ ভূঞা বংশৰ এজন বৰ ভূঞাঁ আছিল। মঙ্গলদৈৰ বৰ দৌলৰ ওচৰত থকা বৰাবাৰী গাঁৱত এওঁৰ পূৰ্ব্ব বসতি আছিল। মঙ্গলদৈত দৌলৎসব বুলি বহাগত যি উৎসব হয় তাক স্থাপন কৰ্ত্তা তেওঁৱে বুলি লোকে কয়। বৰদৌল এওঁৱে স্থাপন কৰা দৌল। পাথৰি ঘাটৰ পূবে দাহিৰ ওচৰত যি এটা প্ৰকাণ্ড পুখুৰীৰ চিন আজিও আছে, সেইটি এওঁৱে খণ্ডোৱা বুলি এই পুথিত উল্লেখ আছে। এই পুখুৰী খণ্ডা কাৰ্য্য সমাপন হোৱা সময়ত কোচ ৰজা বিশ্ব সিংহই মঙ্গলদৈ অধিকাৰ কৰাত, এওঁ ভূঞাঁ পদবীৰপৰা বঞ্চিত হোৱা বাবে উত্তৰ মুখে গৈ জলজলিৰ উত্তৰ পশ্চিম কোণে চৰণ ধৰাৰ ওচৰত বসতি কৰে গৈ। ইয়াতেই ধৰ্ম্ম দেৱৰ ভৃত্য গৰেইৰ মৃত্যু হয়। গৰেই যিটো গড়ত মৰিছিল সেই গড়ৰ নাম আজিও গৰেইমাৰা নামে জনাযাত। ইয়াতেই মহাপুৰুষ সম্বৎসৰৰ জন্ম হয়, আৰু সতিয়া মাকৰ কুচক্ৰন্তত