সমললৈ যাওক

পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২০)

চাহিবে নালাগে তই ডৰাই[] মৰিবি৷
চক্ষুত কাপোৰ বান্ধো নিসাৰি[] থাকিবি॥ ৯৩৷
অতিকে আজলি তাই একোকে নাজানে৷
বুলিবে কাপোৰ বান্ধা আতৰাও যেনে॥
পুত্ৰ যদি জন্মে তেবে জ্বলাবি বনত।
তাৰ পাছে যি কৰিবি শুনা কথা যত॥ ৯৯।
যেবে সুস্থ হৈবে তাই গাৱক এৰাই।
কি ভৈল মোহোৰ বুলি সুধিবেক তাই॥
শেষ ভাগে পৰা ফুল চৰুত ভৰাইবি।
এয়েসে জন্মিল বুলি তাইক দেখাইবি॥ ৯৫।
এহি কথা আলচ কৰিলা ভিতৰত।
পাঞ্চজনা বুঢ়ী বাজে কেওঁ নহিকন্ত॥
এহি থিৰ কৰি বাজ ওলাইলা তেখন।
চলি গৈলা চাণ্ড তৰা আছে যেহিস্থান॥৯৬
কুণ্ডতৰা যাই বসিলেক ওচৰত।
চাণ্ডতৰাৰ আগে গই কথা কহিলন্ত॥
কহিয়ো গাৱৰ তোৰ ধাৰণা সকল।
আনি আছোঁ পাঞ্চবুঢ়ী কাৰ্য্যত কুশল॥ ৯৭।
হেনশুনি বুঢ়াইত সুধিবে লাগিলা।
কহিয়োক আই তযু গাৱ কেনে ভৈলা॥

  1. ভয় খোৱা
  2. অজৰ অচৰ হৈ, সাৰি শব্দ নকৰাকৈ।