পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৮)

তোৰ গৰ্ভ দেখি মই গৈলো গঙ্গা স্নানে।
কিবা পুত্ৰ জীউ ভৈলা কহিয়ো এখনে॥
চাণ্ডতৰা বোলে প্ৰভু নজানোহো তাক।
কিব পুত্ৰ জীউ ভৈলা বাই জানে তাক॥ ১৬৮
ভূঞাঁ বোলে তই আছিলিহি কোন স্থানে।
তোহোৰ গৰ্ভৰ কথা আনে জানে কেনে॥
চাণ্ডতৰা বোলে প্ৰভু কিছু হেতু ভৈলা।
চক্ষুত কপোৰ মোৰ তানিয়া বান্ধিলা॥১৬৯
ডৰাইবি বুলিয়া বাই বুঢ়ী সমম্বিতে।
সাত যে তৰপ বস্ত্ৰ বান্ধিলা চক্ষুতে॥
এহিহেতু কৈবে নৰো [১] প্ৰকৃত কাৰণ।
এক গোট চৰু ভৰি থৈলা ফুল খন॥ ১৭০
তাহাঙ্ক দেখাইলা মোক তোৰ এহি ভৈলা।
এহিমতে কথা চাণ্ডা ভূঞাঁত কহিলা॥
হেনশুনি ভূঞাঁই পুনু চাণ্ডাত পুচন্ত।
কোন কোন বুঢ়ী তোৰ আছিলে লগত॥ ১৭১
হেনশুনি চাণ্ডতৰাই কহিবে লাগিলা।
যেহি যেহি বুঢ়ী তান লগত আছিলা॥
গাওঁমেৰি, মুখভেৰি, যশোদা, মাস্তানী।
তেলেনী সহিতে এই বুঢ়ী পাঞ্চজনী॥ ১৭২


  1. (থ) নোৱাৰো।