পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১

শৃগালী বৰিষ এক আছিল গৃহত।
শিশুক সাদৰি তাই পশিলা বনত॥
আত অনন্তৰে শুনা যেন কথা ভৈলা৷
তাত পৰে শিশুক যে যাত কৰ্ম্ম কৈলা॥২৩৭
বৰিষ আছিলা দেখি গৰ্ভৰ ভিতৰ।
সি কাৰণে তাৰ নাম ভৈলা সম্বৎসৰ॥
যি পাঞ্চ বুঢ়ীক ভুঞাঁই বন্দী কৰিছিলা।
কুণ্ডসমে সমষ্টকে ঢকাই [১] খেদিলা॥ ২৩৮
শুনা সৰ্ব্বজন আৰু কথা একবৰ।
সৰ্প ও শৃগালী গৈলা ওলাই গৃহৰ॥
সি দিনাৰ হন্তে সৰ্পে আৰ বংশক নখাই।
শৃগালেয়ো একো দ্ৰব্য হানি নকৰয়॥২৩৯
কেতেকী কঠাল ফল আৰু যে কুন্দাৰ।
সেহি দিনা হন্তে জানা নাখাই আসম্বাৰ॥
ইটো পৰিমান জানা অদ্যাপিয়ো ৰৈলা।
যত মহন্তৰ বংশাৱলী চলি গৈলা॥ ২৪০
অদ্যাপিয়ো একো দ্ৰব্য নাখালে [২] নিশ্চয়।
মৰিবাৰো বাৰ্ত্তা পাইলে অশুচ খাটয়॥


  1. (ব) দেশৰ বাহিৰা কৰি খেদি দিলা৷
  2. (ভ) হানি নকৰে, নষ্ট নকৰে।