পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৷৴৹)


দকে সিদ্ধ কৰি খোৱা কথা কৈছে। সেই সত্ৰ কোনটি তাৰ গম ধৰা টান। এক হিচাবে বৰ- পেটা বুলি ধৰিব পাৰি; কিন্তু সেই সময়ত মাধৱদেৱ জীবিত। এনে আদৰ্শ সত্ৰাধিকাৰ থাকোতে আলহিক সোধ পোচ নকৰা কথাটো অসম্ভৱ।

 বিজনীৰ ৰজা ৰঘুদেৱ মহাপুৰুষৰ ঐশ্বৰিক শক্তি দেখি, তবধ মানি, হাতী এটাই চাৰিহদে পৰ পৰ হিচাবে এদিনত যিমানখিনি ঠাই ঘূৰিব পাৰে মঙ্গলদৈ এলাকাৰ সিমানখিনি ঠাই, মহাপুৰুষক নিষ্কৰকৈ দিবৰ মনেৰে মহাপুৰুষেৰে সৈতে হাতী আৰু মাহুত পঠায় দিয়ে। মাহুত আহি ৰাতি বৰ নদীৰ পাৰত থাকি পুৱাই হাতীত উঠে, মহাপুৰুষ লগে লগে ঘোঁৰাৰে যায়। বেলা এপৰমান হোৱাত তেওঁলোকে গৈ পাটি দৰং পায় তাত খুটি এটা মাৰে। সেই খুটি বৰ্ত্তমানো আছে বুলি লোকে কয়। তাৰপৰা তেওঁলোকে উত্তৰমুখে গৈ কালে গাৱঁৰ ওচৰত থকা দ্বিগজ নদী পায়। ইয়াতে এটা খুটি মাৰি বেলা দুপৰ হোৱা বাবে মাহুতে হাতীক গা ধুৱায়। গা ধুওৱা চলেৰে বেলা খেদোৱা দেখি, বৈষ্ণৱে মাহুতক শাপি ভষ্ম কৰে। এই মাহুত ( দ্বিপদী) আৰু গজ মৰা দেখিয়ে নদীৰ নাম দ্বিগজ হয়।