পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬৪)

হেন বেলা যেন কথা শুনা সৰ্ব্বজন।
অগ্নি আনি পহৰ কৰিলা তেতিক্ষণ॥২৯৭
তোমাৰাৰ চৈধ্য জন মানুষ আছিলা।
আৰু চাৰিজন দেখোঁ ইহাত বাঢ়িলা॥
স্ত্ৰী বেশে চাৰি জন আছয় কাষত।
হেৰ স্ত্ৰী সব দেখোঁ তোৰাৰ মাজত॥২৯৮
ডকা দিয়া [১] স্ত্ৰী সব নেই কেনে কৰি।
ধৰ ধৰ কৰি সবে কৰে লৰা লৰি॥
অনেক প্ৰজায়ে আসি বেঢ়িয়া ধৰিলা।
মাৰ ধৰ বুলি সবে ঘঞ্চাল লগাইলা॥২৯৯
সন্তবৰে দেখি সিহঁতৰ টেণ্টনালি।
শুন অৰে দুষ্ট সব বৰ লাই পাইলি॥
অতিথিক হিংস তোৰ ৰহিলোঁ গাৱঁত।
কেনে দুষ্ট ডকা দিয়া ভৈলোঁ স্বৰূপত॥৩০০
আপুনিয়ে আসি তোমাসাৰ স্ত্ৰীগণ।
স্বামীগণে মাৰে বুলি পশিছে শৰণ॥
নানান কাকুতি কৰি বসিছে কাষত।
কেনে দোষ আমাসাত দেহ অবাবত॥৩০১
এহি বুলি দিব্য মায়া ধৰি সম্বৎসৰ।
সিহঁতৰ ভিতৰত লগাইলা কন্দল॥

  1. ডকাইতি কৰিয়া, অৰ্থাৎ বলেৰে দেখা দেখিকৈ নিয়া৷