পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪)

এহিমতে দ্ৰব্য সব থৈলা স্তৰে স্তৰ।
তুলিলা গোসাই পাছে বিপ্ৰ জয়ধৰ॥
প্ৰদক্ষিণ কৰি স্তুতি কৰিলা বিস্তৰ।
লৈলা সিংহাসন তুলি মাথাৰ উপৰ॥১৬
আগ হুয়া যান্ত ভূঁঞা চামৰ ধুলাই।
সিংহাসনে তুলি নেন্ত ঈশ্বৰ গোসাঁই॥
প্ৰতি থাকে সাতবাৰ ঘূৰিয়া উঠন্ত।
অসংখ্য পালিয়ে তান নাম গুণ গান্ত॥১৭
এহিমতে ঘূৰি গৈয়া উপৰক পাইলা।
হৰি-ধ্বনি কৰি পাছে গোঁসাই নমাইলা॥
কৰিলেক পূজা তৈতে বিবিধ সম্ভাৰে।
নামিলা দৌলৰপৰা ভূঞাঁ তাত পৰে॥১৮
এহিমতে বিপ্ৰবৰে পূজাক পাতিলা৷
তাত পৰে মহা হোম যজ্ঞ আৰম্ভিলা॥
বেদ নিধি বিপ্ৰ সবে বিধি হাতে ধৰি।
কৰাৱন্ত হোম পাঠ মহা ৰঙ্গ কৰি॥ ১৯
পূজা বলি সমাপণে বেলি ভাটি দিলা।
তাত পাছে কীৰ্ত্তনীয়াগণ তুলি দিলা॥
যেবে কীৰ্ত্তনীয়াগণে কীৰ্ত্তন কৰন্ত।
বাঢ়িল উৎসৱ তৈতে কহি নাপাই অন্ত॥ ২০
চাৰিও দিশৰ প্ৰজা একত্ৰিত ভৈলা।
সেহি দৌল ওচৰত সভাপাতি ৰৈলা॥