পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৬)

সুৱতী দুৱতী [১] দুই ঘৰিণী বিপ্ৰৰ।
জ্যেষ্ঠ ভাৰ্য্যা কুণ্ডতৰা অতি প্ৰিয়তৰ॥৭২
কনিষ্ঠ ঘৰিণী চাণ্ড তৰা মহা সতী।
স্বামীৰ সম্ভোগে তেহো ভৈলা গৰ্ভৱতী॥
কুণ্ডতৰা সমে ভূঞাঁ আলোচ কৰিলা।
ধন জন দ্ৰব্য মানে তান হতে দিলা॥ ৭৩
বৰিষেক থাকি মই আসিবো গৃহক।
ৰাখিবা যতনে ধন জন সমস্তক॥
আৰু এক কথা কওঁ শুনিওক মনে।
গৰ্ভবতী নাৰী তাঙ্ক ৰাখিও যতনে॥৭৪।
কৰিবা ৰক্ষন কিবা পুত্ৰ জীউ হয়।
এহি বুলি সমস্তকে অৰ্পিলা নিশ্চয়॥
আত অনন্তৰে যাত্ৰা কৰি বিপ্ৰবৰ।
গঙ্গা স্নানে চলিলেক হৰিষ অন্তৰ॥ ৭৫।
দুৰ্গম অৰণ্য পথ অতিকে দুষ্কৰ।
পথে ঢাং ঢিং [২] আদি আছয় বিস্তৰ॥
কান্ধে ঝুলি পিঠিফালে বোকোণ্ডালী [৩] লৈলা।
সন্ন্যাসীৰ বেশ ধৰি গঙ্গা স্নানে গৈলা॥ ৭৬

  1. লাগী, অলাগী।
  2. ঠগ ডকাইত
  3. বোকোচা।