পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬৮)

বালক কালত মোক দয়া কৰি আতি।
শৃগালী পুষিলা মোক সৰ্পই সহিতি॥
সেহি কথা ধৰা তুমি এতিয়া আমাত।
তথাপিতো এক বাক্য কহিবো তোমাত॥৩১৯
এহি মহোৎসব ঘৰ আতি ভয়ঙ্কৰ।
আৰ এক পুলি [১] বেৰি দিয়া নৰেশ্বৰ॥
হেন শুনি মহা ৰজা আদেশ কৰিলা।
শুক্ল বস্ত্ৰ আনি এক খোটালী বেঢ়িলা॥৩২০
সেহি বস্ত্ৰ ভিতৰক গৈলা বিপ্ৰবৰ।
এক গোটা পচা সিৰি মজ যে কাঠৰ॥
তাহাৰ গুৰিত বিপ্ৰে পূজাক পাতিলা।
সাতদিন মহাসন্ত তহিতে আছিলা॥ ৩২১
সাত দিন বহি যদি গৈলা তাতপৰ।
পচা সিৰি জীল ঠালি মেলি নিৰন্তৰ॥
গৃহ ফুটি বাজ ভৈলা ঠালি যত যত।
হেনদেখি মন্ত্ৰী লৰি কহিলা ৰজাত॥ ৩২২
হাক দিয়া পশিছিল মহা বিপ্ৰবৰ।
দিন পূৰ্ণ নভৈলে নাচাইবি কোনো নৰ॥
তাতেসে বিপ্ৰক মন্ত্ৰী গুচাই নাচালা।
লৰ দিয়া যাই পাছে ৰজাত জনালা॥৩২৩


  1. খোটালী।