পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩০)

এহিবুলি জানি    চৰুক দেখাইলা
  পত্ৰখানি গুচুৱাই।
এহিসে জন্মিলা   তোহোৰ গৰ্ভত
  দেখিয়োক এবে আই॥
হেন শুনি চাণ্ডই   বুঢ়ীক বোলই
  মোৰ যিবা কৰ্ম্ম গতি।
তোমাসাত কোনো    দোষ নাহিকয়
  শুনিয়ো বুঢ়ী সম্প্ৰতি॥১৪২
ঈশ্বৰৰ ইচ্ছা    নোহে জানা মিছা
  ভুঞ্জয় কৰ্ম্মৰ ফল।
যাৰ যিবা হৈব    বিধাতাৰ লিখনে
  এতেকে দোষো কপাল॥
শুনা সৰ্ব্বজন    কেদিন জীৱন
  কহিতে মিলে মৰণ।
নিৰন্তৰে সবে    ৰাম ৰাম ৰাম
  ঘুষিয়োক অনুক্ষণ॥১৪৩


ছবি।

এহিমানে কথা যত  গৃহৰ সসাঙ্গ[১] ভৈলা
  শুনা ছাৱালৰ পাছ কথা।


  1. সমাপন, শেষ।