পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭২)


কাৰ্য্য দেখি কবুল কৰিলোঁ ব্ৰাহ্মণক।
তই কেনে দিলি মোৰ সমষ্ট ৰাজ্যক॥৩৪০
কথা বুজা দুত তই আছিলি মোহোৰ।
আৰু যদি আহে হেন গুণি বিপ্ৰবৰ॥
তাঙ্কো অতখানি ৰাজ্য দিবে দিম মই।
দিনান্ত ফুৰিয়া তাঙ্ক দিবি গই তই॥ ৩৪১
এহিমতে ৰাজ্য দিয়া সসাঙ্গ কৰিবি।
কৰিবে ৰাজত্ব মোক কোন খিনি দিবি॥
মহিমা দেখিয়া কবুল কৰিলোহোঁ মই।
ইবোৰ কথাক বুজিবাক লাগে তই॥ ৩৪২
এহিবুলি মোত যদি ধৰে দাই খানি।
কিবা ৰাখে কিবা মাৰে নিশ্চয় নজানি॥
এহিমতে গুণি সিটো মনে সাৰ কৈলা।
ধিৰে ধিৰে হস্তীগোট চলাইবে লাগিলা॥ ৩৪৩
বৈষ্ণবে বোলয় শুনা মাহুত দুৰ্জ্জন।
ঢিলা দেখোঁ কৰিলিহি হস্তীৰ গমন॥
মাহুতে বোলয় প্ৰভু মোত দোষ নাই।
পৰ্ব্বত আকাৰ হস্তী চলান নযাই॥৩৪৪
আপোন গমনে সিটো চলে ধিৰে ধিৰে।
নচলিলে কোনে তাক চলাইবাক পাৰে॥
হেন শুনি বৈষ্ণৱে বোলয় মাহুতক।
কিয় হেন কদৰ্থনা [১] কৰা ব্ৰাহ্মণক॥৩৪৫


  1. ভেঙুচালী, বিদ্ৰুপ।