পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮৬)

অসংখ্য প্ৰজায়ে যুদ্ধ কৰে সমৰত।
কাৰো ভাল দিন কাৰো মণ্ড যে হোৱন্ত॥ ৪১৭
যাৰ ভাল দিন জানা তাহাকো কাটয়।
যাৰ মণ্ড দিন সিটো পলায়া সাৰয়॥
শুনা সৰ্ব্বজন কথা মহন্ত জনৰ।
এহিমতে ৰৈলা সন্ত সত্ৰৰ ভিতৰ॥৪১৮
আত অনন্তৰে এক পুত্ৰ উপজিলা।
দৈবজ্ঞক আনি গণি পঢ়িয়া চাহিলা॥
গণি পঢ়ি নাম থৈলা নাৰায়ণ দেৱ।
হৈবেক পণ্ডিত সিটো পৰম বৈষ্ণৱ॥ ৪১৯
নাম থৈয়া দৈবজ্ঞ যে ঘৰে চলি গৈলা।
আত অনন্তৰে কিছু দিন বহি গৈলা॥
আজি কালি কৰি সাত বৰিৰ ভৈলন্ত।
হেন দেখি পিতৃ যজ্ঞ সূত্ৰক দিলন্ত॥ ৪২০
অতি পৰে পিতৃ দেৱ নৰীয়া পৰিলা।
কতো দিন পৰি থাকি নিজ থানে গৈলা॥
কৰিলেক পুত্ৰে পাছে ক্ৰিয়া কাণ্ড যত।
তাত পাছে ৰৈলা সন্ত সেহি যে সত্ৰত॥ ৪২১
কিছুদিন থাকি পঢ়িবাক মন কৈলা।
পশ্চিমক লাগি সন্ত পঢ়িবাক গৈলা॥
পঢ়িলন্ত নানা শাস্ত্ৰ বোধ জন্মিলন্ত।
অইন দেৱৰ পূজাক মিছা মানিলন্ত॥ ৪২২