পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৩)

বুঢ়ী বেলে চাণ্ডতৰা শুনিয়োক তই।
প্ৰসৱ বেদনা কথা কহিয়োক আই॥১০৯৷
চাণ্ডতৰা বোলে শুনিয়োক বুটীগণ।
ছাৱাল জনমা বিষ পৰিলা এখন॥
বৃদ্ধা ভৈলি তোৰা ধৰ্ম্ম কৰ্ম্মক জানাস।
আমি শিশু মতি বুলি নকৰা বিশ্বাস॥১১০৷
নাৰীৰ পিয়ান জানা পুৰুষৰ ৰণ।
পাপ পুন্য ধৰ্ম্ম কৰ্ম্ম জানাস সঘন॥
এহি কথা কহি মৌন ভৈলা বৰ নাৰী।
প্ৰসৱ বেদনা বিষ সহিতে নাপাৰি॥১১১।
দোঙ্গা দঙ্গি মোৰা মুৰি [১] কৰি বাগৰয়।
হেন দেখি বুঢ়ী কুণ্ডতৰাক বোলয়॥
শুনিয়োক কুণ্ডতৰা আমাৰ বচন।
বস্ত্ৰ দিয়া ঢাকো চকু নেদেখা যেমন॥ ১১২।
হেন শুনি কুণ্ডতৰাই বুলিলা বুঢ়ীক।
যিটো ভাল হয় কৰা মোতে সোধা কিক॥
পূৰ্বতে কহিছোঁ মই নাজানো উপায়।
যিতো ভাল বুজা কৰা মই থাকো চায়॥১১৩
আৰু এক কথা কহোঁ শুনিয়া কাৰণ।
তাইত শুধি দুৰ্যশক এৰায়ো এখন॥


  1. গাৱৰ হাত ভৰি আদি ভাঙি মোচৰি অনা।