ফুলৰ চানেকি

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]

FULAR CHANEKI.
(Selection of Model Poems.)
BY
Rai Bahadur
PADMANATH GOHAIN BOROOAH, M. R. A. S. (Lond.)
LITERARY PENSONER,
Ex Examiner and Paper-Setter of the Calcutta and the
Patna Universities for Matric, I. A. & B. A.
Examinations.


FIRST EDITION,
1941.


ফুলৰ চানেকি।
(কবিতা-ফুলৰ বাছনি)
সাহিত্যিক পেঞ্চনাৰ
কলিকতা আৰু পাটনা বিশ্ববিদ্যালয়ৰ মেট্ৰিক, আই-এ, আৰু বি-এ, মহলাৰ
ভূতপূৰ্ব্ব প্ৰশ্নকাৰ আৰু পৰীক্ষক,
ৰায় পদ্মনাথ গোহাঞি বৰুৱা বাহাদুৰ,
 এম, আৰ, এ, এচ, (লণ্ডন)
ৰচিত আৰু সম্পাদিত।


প্ৰথম তাঙৰণ।
১৮৬৩ শক।


 
Price
 
Paper Cover  ••• Rs 1-4-0
Half cloth bound ••• ,, 1-8-0
Full Cloth-Bound ••• ,, 1-12-0

[  ]

তেজপুৰ, অসম,
গ্ৰন্থকাৰৰ দ্বাৰা
লীলা-এজেঞ্চিৰপৰা
প্ৰকাশিত।

 

কলিকতা,
৮৫নং অপাৰ চাৰ্কুলাৰ ৰোডস্থিত
"ভাৰতমিহিৰ" প্ৰেছত
শ্ৰীযুগলচৰণ দাসৰ দ্বাৰাই মুদ্ৰিত

[  ]

পাতনি।


  এই ‘চানেকি’ত বছা কবিতা-ফুল আটাইবোৰেই মোৰ নিজা ফুলনিৰ। তাৰ নিমিত্তে মই কালো ওচৰত হাত পাতিব লগীয়া হোৱা নাই; আৰু কাৰো ফুলনিলৈ হাত মেলাও নাই। আদিৰেপৰা আজিলৈকে মোৰ ৰচিত কবিতা ফুলবোৰ, চাওঁ বুলিলে একেঠাইতে পোৱাকৈ, থাউকতে থুপাই থোৱাৰ অভিপ্ৰায়ে “ফুলৰ চানেকি” এখন হাতে-অঁচা ঢকুৱা পাতত বাছি থোৱা আছিল; বি.এ মহলাৰ্থীৰ 'কোৰ্চ' বা পাঠ্যপুথিৰ কাৰণে সেই ‘চানেকি’ আগ বঢ়াবৰ মনেৰে, মূল চানেকিৰপৰা কিছুমান বিশিষ্ট কবিতা-ফুল বাছি আনি, তাৰে সৈতে তাৰ এছোৱাৰ বিশিষ্ট তাঙৰণ এটা উলিৱাৰ অৰ্থে এইখন “ফুলৰ চানেকি” যুগুত কৰা হৈছে। কলিকতা বিশ্ববিদ্যালয়ৰ পুথি-বছা বোৰ্ডে ইয়াক বি-এ মহলাৰ্থীৰ কাৰণে 'কোৰ্চ' মনোনীত কৰিলে মই বোৰ্ডৰ সদস্যসকল আৰু কৰ্তৃপক্ষৰ নথৈ শলাগ লম। ইতি—

“পদ্ম কুটীৰ”, তেজপুৰ, অসম
আহিন, ১৮৬৩ শক।
শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা।
 

⸻০⸻

[  ]
 

সূচী

বিষয়৷ পৃষ্ঠা
১৷ কবীন্দ্ৰ ৰবীন্দ্ৰ উছৰ্গা৷
২৷ বাগ্দেবী বন্দনা ৯৬৩
৩৷ ফুলৰ চাকি ৯৬৫
৪৷ কবিতা ৯৬৬
৫৷ ঢোপা কলি ৯৬৭
৬৷ প্ৰাকৃতিক সংসাৰ ৯৬৮
৭৷ স্বৰ্গতো অধিক জননী ৯৬৯
৮৷ কল্পনা চকু ৯৭০
৯৷ ওৰণি ৯৭১
১০৷ উষা-হৰণ ৯৭৩
১১৷ নেদেখা জন ৯৭৪
১২৷ বিজুলী ৯৭৫
১৩৷ প্ৰেৰণা ৯৭৭
১৪৷ বস্তি ৯৮০
১৫৷ সাধনা আৰু সিদ্ধি ৯৮২
১৬৷ উষা ৯৮৩
১৭৷ সংসাৰ-ধুমুহা ৯৮৭
১৮৷ উত্থান-পতন ৯৯০
১৯৷ পৰিতাপ ৯৯২
২০৷ আকাশী কটকী ৯৯৫
[  ]
বিষয়৷ পৃষ্ঠা
২১৷ কৰ্ত্তব্য-জ্ঞান ৯৯৭
২২৷ বিশ্ব-বীণ ৯৯৯
২৩৷ প্ৰাকৃতিক সম্ভাৰ ১০০১
২৪৷ ব্ৰহ্মপুত্ৰ ১০০২
২৫৷ চন্দনগিৰি ১০০৩
২৬৷ শান্তি আৰু সাধনী ১০০৪
২৭৷ শদিয়া ১০০৯
২৮৷ সৈনিক সঙ্গীত ১০১০
২৯৷ উষা আৰু চিত্ৰলেখা ১০১২
৩০৷ জীৱন-সন্ধিয়া ১০১৪
৩১৷ গদা-গৃহ ১০১৫
৩২৷ বিৰহিণীৰ বিলাপ ১০২০
৩৩৷ ৰাজচৰাত জয়মতী ১০২২
৩৪৷ মিলন-মহত্ত্ব ১০২৪
৩৫৷ নিৰ্য্যাতনত জয়মতী ১০২৬
৩৬৷ গুহা ১০২৮
৩৭৷ গুহাত গদাপাণি ১০২৯
৩৮৷ "মেঘ-দূত" ১০৩৩
৩৯৷ বৰাগী বহাত গদাপাণি ১০৩৪
৪০৷ জৰ্ম্মাণ মহাৰণ ১০৩৭
৪১৷ ৰণক্ষেত্ৰত গদাধৰ ১০৩৯
৪২৷ সন্তান ১০৪২

 

[  ]

উছৰ্গা।


কবীন্দ্ৰ ৰবীন্দ্ৰ আজি অমৰ সভাত,
'বাল্মীকি প্ৰতিভা'-প্ৰভা প্ৰকাশি ধৰাত,
কালিদাস-পূজাভাগ সম্ভোগি সাক্ষাতে,
পুষ্প-অৰ্ঘ্য ভাৰতৰ লভি অযাচিতে;
সাদৰৰ ‘ৰবি বাবু’—ভাৰতবিদিত—
প্ৰতিভ প্ৰভাৰ গুণে পৃথিবী-পূজিত;
‘সুমেৰু কুমেৰু’ চুঁচি—‘কণক অচল'—
‘স্তন’ৰত্ন যৌৱনত কৰিলা দখল।
থলা কিবা? ৰ’ল কিবা? কিবা বাকী আৰু?
—কিহেৰে আদৰি তৱ যোগ্য মান ধৰোঁ?
অকণি 'কণিকা' আৰু 'ক্ষণিকা' ঠগত,
তোমাৰে চানেকি চাই ৰচা অসমত,
'জুৰণি' আঁজলি ধৰি দিছোঁ পাতি হিয়া,
লোৱাঁহি আসন ৰবি!—জীৱন-সন্ধিয়া।

লাখ টকা 'নবেল’ৰ বঁটা পূৰণত
কড়া ক্ৰান্তি যোগ মাথোঁ এই ওলগত।

[  ]

ফুলৰ চানেকি।

⸻০⸻

বাগ্দেবী বন্দনা।


নাজানো পূজাৰ বিধি, বন্দনাৰ নীতি,
বীণাপাণি বাগ্দেবি! চৰণ তোমাৰ
কিৰূপে পূজিম নৰে, বন্দিম কি মতে?
বজোৱাঁ অনন্ত কাল সঞ্জীবনী বীণা,
গহীন জঙ্কাৰে তাৰ কঁপাই বননি,
সৰায় কতনা ফুল,—কবি ফুলনিত!
সুৰ বুজা কবিৰত্ন আদ্য কবিগণে
তাল-মান বান্ধি লই ৰচিলে কতনা
অবিনাশী মালা! অনুপম শোভা তাৰ
জিলিকে চৌপাশে মৰ্ত্য কাব্যকাননত।
সি দীপ্তিৰ প্ৰভাৱত হই দীপ্তিমান
আঢ্য কবি সৱে, গুৰুপদ অনুসৰি,
ৰচিলে কতনা দীপ্তিময়ী ফুল-চাকি
মনে-বছা ছন্দে গাঁথি। হাঁহে মাতৃভাষা
উলাহিত প্ৰাণে, পিন্ধি পুত্ৰে ৰচা হাৰ্।
গুণৱন্ত পুত্ৰ-যশ, বীণাৰ সুৰত,
গইছে বিয়াপি, অহ, ভাৰস্তক জুৰি,

[ ১০ ]

মলয়াৰ বোকোচাত উঠি; হিমালয়
চুড়া জিনি জিলিকিছে জুৰি লঙ্কালই।
অমৰ সি সৱ নাম, আছে চিৰকাল,
আছেমানে জগতত চন্দ্ৰ-দিবাকৰ।—
নুবুজোঁ বীণাৰ সুৰ,—মূৰুখ সন্তানে,
নকঁপে ফুলৰ থুপি, নসৰে এপাহি
বাজীফুল অভাগাৰ বঁজা কল্পনাত!
তথাপি হৃদয়-তন্ত্ৰী বাজি উঠে ঘনে,
দুৰাশাৰ উচটনি পাই অন্তৰত!
গুৰু-দীপ্তি আগ কৰি,—অন্ধৰ চকুত
যেন প্ৰদীপৰ তাপ,—উমানে উমানে
দুটিমান তলসৰা পাইছোঁ বিচাৰি;
গাথোঁ তাৰে এটিধাৰ দৈন্য ফুলচাকি!
অযোগ্য ই বেণীলই, কণ্ঠ নুজুৰায়;—
থাকোক এপাশে পৰি, পাদপদ্ম স্পৰ্শি।
দিয়া সুৰ দেবি! ৰচোঁ অভাজন মালা।

⸻০⸻

[ ১১ ]

ফুলৰ চাকি।

অতৃপ্ত বাসনা তোৰ জীৱন সমল,
 সেধে তোৰ মোহনাৰ বাণ;
আশা ধৰি ফুলি উঠ, আশাতেই লয়,
 এয়ে তোৰ জগতৰ মান।

বৃত্তি তোৰ প্ৰবৃত্তিত পুবায় জীৱন,
 নিবৃত্তিত তৃপ্তি তোৰ নাই;
আবেগৰ আগভাগ চিৰভোগ তোৰ,
 বিলাসৰ শিৰে তোৰ ঠাই।

উলাহত কায়া তোৰ পমি-জহি যায়,
 আনন্দত উৰে তোৰ প্ৰাণ;
ৰূপৰ চমক্‌ মাৰি জিলিক তৰাত,
 অনন্তত প্ৰাপ্তি তোৰ ঘ্ৰাণ।

ভুবন বিভোল্ কৰ ছাঁয়াটিৰে তোৰ,
 মিলনৰ পূৰ্ব্বৰাগ আঁচি;
সন্ধিয়া খোপাত পৰি হাঁহ যেবে তই
 জগত মোহিনী ফুল-চাকি !

[ ১২ ]

কবিতা।

নিমাত বিশ্বৰ ভাষা জড় জগতত,
অব্যক্ত ভাবৰ হেতু মানসী দুৱাৰ,
সঞ্জীৱ কবিতা সৃষ্টি নিৰ্জীৱ পটত,
অদৃশ্য কল্পনা কৰি সুদৃশ্য সম্ভাৰ।

নিৰাশ প্ৰেমিকে সাজে শান্ত্বনা কুটীৰ,
পূৰ্ণ মিলনত ফুটে প্ৰণয়ৰ ভাষা;
উন্মাদ পৰাণ হয় শান্ত সুগভীৰ,
কবিতাৰ পাতলিত মেলি-তৰি আশা।

সপোন-ৰাজ্য়ৰ ফুলে সৌন্দৰ্য্যৰ তৰা,
দিঠকৰো নানা ফুল হয় বিকসিত;
গোন্ধত আমোলমোল বিষাদিনী ধৰা,
অমৃত উপচি পৰে বিষাদী হৃদিত।

মৰ্ত্যৰ মানৱ মন মৰিও অমৰ,
কোমল কবিতা কল্পি কৰুণ ৰসৰ।

⸻০⸻

[ ১৩ ]

ঢোপা কলি।

প্ৰকৃতিৰ ফুলি উঠা বুকু উদিয়াই,
আধা আলো আধা ছাঁত জেউতিৰ খনি
প্ৰাণভৰি চাওঁ যেবে বাৰজলঙাই,—
চিক্‌মিক্‌ ৰূপলীলা,—বৈদ্যুতিক মণি !

সমুখীয়া তিৰিপিতি নপৰোঁতে ওৰ,
সিমুখীয়া মনমোহা দীপ্তি দেখা পাওঁ;
অভ্যন্তৰী জেউতিত সৌন্দৰ্য্য়ৰ ভৰ,
চকাটিৰ সোণা ৰূপ তুলে দেখা পাওঁ !

পাকেপতি পৰে ধৰা বেঁকা চাহনীটি,
মন প্ৰাণ নিয়ে কাঢ়ি চকু পচাৰতে;
মলয়াত মিচিকাই কঁপা ওঁঠ দুটি,—
কওঁ কওঁ কওঁ কথা,—বুজায় ভাবতে!

অত শোভা মনলোভা ঢোপা কলিটিত,—
ফুলোঁ ফুলোঁ পাহীটিৰ লুকুৱা হাঁহিত !

⸻০⸻

[ ১৪ ]

প্ৰাকৃতিক সংসাৰ।

নল মৰে গাজ উঠে, জীয়ায় জাৰণি,
চন্পৰা বননিৰ জেউতি চৰায়;
উলাহত পাহমেলা কুঁহি-ঠাল ঠানি
বাঢ়ি উঠি আশে-পাশে জোপাটি পূৰায়।

জীৱনৰ আদিছোৱা—শুদা লীলা-খেলা—
মাৰ গল যেবে ঘটি ৰূপান্তৰ তাৰ,
নুশুকাল নলমূল মৰি সেই বেলা,
পোনা-পোখা মেলি পুনু পূৰঠ সংসাৰ।

বাঢ়ে যেন বল তাৰ,—অঙ্গবুদ্ধি স’তে,—
বাঢ়ি নিতে প্ৰাকৃতিক পৱিত্ৰ সম্ভোগ;
জ্ঞাতি, জাতি, জন্মভূমি,—ধৰা সমন্বিতে,
সম্বন্ধ চৰায় যেন ভূঞ্জি ফলভোগ।

বাঞ্চা, যেন এনে ভোগ নহওঁতে পাৰ,
পাৰ হওঁ পূৰ কৰি পাৰ্থিব সংসাৰ !

⸻০⸻

[ ১৫ ]

স্বৰ্গতো অধিক জননী।

জনম-জঠৰ ধাতৃ আইমাতৃ মোৰ,
স্তনদাতৃ জীৱনৰ জীপ্ প্ৰদায়িনী,
পৃথিবীত মানৱীৰ প্ৰথমা মুখানি,
প্ৰথম দৰ্শনে যাৰ, হল প্ৰাণ জুৰ;

মৰতত স্বৰগৰ স্নেহ উপভোগ
জয়ে-জয়ে যাৰ হন্তে লাভ সংসাৰত,
পীয়ুসীয়া হিয়া চুহি জন্ম-ভাগৰত,
জুৰণি অমৃত পান প্ৰথম সম্ভোগ;

যাৰ স'তে চাৰিচকু পোনে’ মিলা প্ৰীতি,
জগতীৰে কথা পতা চকুৱে চকুবে,—
সংসাৰৰ ভাবী ভোগ, গুপ্ত ৰীতিনীতি,
মায়া-মোহ বিকাশিলে নিমাতীৰ ৰৱে,

সেই মোৰ মায়াময়ী চেনেহী প্ৰসূতী,—
নমোঁ নমোঁ মাতৃ মোৰ নমোঁ তযু পাৱে !

⸻ — ⸻

[ ১৬ ]

কল্পনা চকু।

মনৰ অধীন প্ৰজা,—চকু বাহিৰত,
সীমাবন্ধা শক্তি তাৰ আতি যথাৱত;
বাহ্য়িক জগত জুৰি সৌন্দৰ্য্য যিফেৰি,
পূজেহি প্ৰভুৰ পাৱ তাকে আগ কৰি।

আন দুটি দিব্যচকু, গাতে লাগি থকা,
পচাৰতে ত্ৰিভুবন একচিত্ৰে অঁকা;
আজন্ম মনক সেৱি পায় প্ৰতিদান,
বিষাদত শান্তিলাভ সাগৰ সমান;

দুৰাশাত পিয়ে পানী ভেদি মৰীচিকা,
অভাৱত সন্তোগৰ পূৰ্ণ প্ৰহেলিকা,
অন্তৰ বাহিৰ আৰু নভবা ভাগৰ,
নিতে ন ন পূজা দিয়ে,—দীপ্তি সৌন্দৰ্য্য়ৰ !

কল্পনা সিযুৰি চকু, বিশ্বৰাজ্য ঘূৰে,
সৃষ্টি মাজে দেহেশ্বৰে তাকে পিন্ধি ফুৰে।


[ ১৭ ]

ওৰণি।

এৰিলে জীৱন যদি
 জীৱন সলনি পায়,
মৰি জীওঁ হই যেন
 লাজুকী ওৰণি হাঁয় !
আবেগৰ ছেগ ধৰি
 বালাক ধৰোঁতে লাজে,
বঁচাম মুখানি ঢাকি
 অবলা সাৰথি সাজে।
আহিলে বসন্ত-ৰাগ
 মলয়াত উটি-বুৰি,
বিজুলী বয়ানখনি
 দেখুৱাম উৰি উৰি;—
চকুৱে চকুৱে দুয়ে
 চকু-কথা পাতোঁতেই
বিচ্ছেদ-ধেমালি চাম।
 ঢাকি ধৰি লাচতেই।
চেৱে চেৱে ঠেও ধৰি
 মিচিকি হাঁহিটি চাম,
ইগালে পোহৰ দি
 আবেগৰ চুমা খায় !

[ ১৮ ]

ঢেৰেকনি ধুমুহাই
 অকস্মাতে গাজি উঠি,
বিচ্ছেদৰ বিভীষিকা
 যদিহে দেখায় মখি,
অপায়ক আঁৰ কৰি
 ভীতাক অভয় দিম,
বিমৰিষ্‌ চকু-পানী
 চিপে চিপে টুকি পিম!
আমনজিমনকই
 থাকোঁতে নিৰৱে বহি,
আমোলনী শোভা চাম
 বেণী এৰি পৰি খহি!
আবেগত প্ৰেম-ৰস
 বিৰিঙিলে কপালত,
কপালেৰে মছি লম
 উলাহেৰে তিলকত!
এতেক বাসনা মোৰ।
 পূৰ্ণ হয় যদি অই,
মৰি মৰি জন্মোঁ যেন
 ৰমণী ওৰণি হই !

[ ১৯ ]

উষা-হৰণ।

জুৰণি জেউতি মেলি পূব- আকাশত
অনিৰুদ্ধ-ৰবি কায়া পোহৰি উষাই
কোমল লাবণ্য প্ৰভা পুৱতী মুখত
ধৰোঁতেই লয় পায় জীৱন জুৰাই!

কোমল কোমল মিলি কুমলীয়া বেলি
প্ৰেমৰ আবেগ মেলি যেই ধৰা দিলে;
হিয়াত হিয়াৰে দেহি চাওঁতেই মিলি,
উষাৰ কোমল কায়া হৰিয়েই নিলে!

কাৰ কায়া কাৰ ছাঁয়া, হেৰাল চিনাকি,
দুটি কায়া একাকাৰ,—দৈবিক মিলন;—
যৌৱনত দক্ মক্,—থৌকিবাথৌকি,—
পুবত মিলিত যোৱা পছিমে শয়ন।

সংসাৰ-ভোগৰপৰা কৰোক বঞ্চিত,
গুচোক সৃষ্টিৰ লীলা, মায়াৰ ঢাকোন,
মিলে যদি এনে সুখ,—অমৰবাঞ্চিত,—
পবিত্ৰ মিলন মাজে সুখৰ মৰণ!

[ ২০ ]

নেদেখা-জন।

ত্ৰিভূবন ভূবন ভূবন লাখকোটী,
ত্ৰিজগত-জগত-জগত-অধিপতি;
সৃষ্টি-স্থিতি-প্ৰলয়ৰ নিগূঢ় কাৰণ,
কোটী ব্ৰহ্মাণ্ডৰ স্বামী মাথোঁ একেজন।

কৰ্ম্ম আছে, কৰ্ত্তা নাই,—মানৱী চকুত—
নিদৰ্শন—বৰ্ত্তমান, ভবিষ্যত, ভুত—
বিদ্যমান চিন্-চাব আকাশে পাতালে
চামে চামে দৃশ্যমান,—দিব্যদৃষ্টে চালে।

মানৱ গায়ক জিনি, কীট-পখী-নদী,
ভজন গাওঁতা আছে, চিন্তি চোৱাঁ যদি,
পৱনৰ আৰতিৰ মৰ্ম্মস্পৰ্শী স্বৰে
হৃদয় গহ্বৰ ভেজি বিয়াকুল কৰে!

বাহিৰে ভিতৰে ভৰা,—কাৰ কীৰ্ত্তি-কৰ্ম্ম?
মুক্তিমাৰ্গ পোহৰায়,—কাৰ পুণ্য ধৰ্ম্ম?
কাৰ হিয়া? কাৰ প্ৰাণ? কোন্ সি সুজন?
ক’ৰ তেওঁ? থিতে ক’ত?—নেদেখা-সিজন।

[ ২১ ]

বিজুলী।

চমকে ৰেখাটি মাথোঁ দুৰ-দূৰণিত,
 জগত জিলিকি উঠে;
মুহুৰ্ত্তে বিয়াপি যায় কুশল পোহৰ,
 অপায় নাথাকে মুঠে।

দেৱতা-বিহাৰ মাৰ্গ স্বৰ্গত ওপৰে,
 তলত পৃথিবী নৰ;
মাজতে ডাৱৰ পাতি ভুমুকনি মৰা
 বিজুলী-বসতি-ঘৰ।

নৰৰ অসাধ্য যিবা, সাধে পচাৰতে
 দিব্যজ্ঞানজ্য়োতি মেলি,
ৰক্ষা কৰে মৰ্ত্যলোক পথ পোহৰাই,
 আন্ধাৰ অপায় ঠেলি।

অযুত যোজন জুৰি ছিগা ব্যৱধান
 বিজুলী শক্তিৰ কলে
নিমিষে চপাই ধৰে,—বাতৰি বেশেৰে—
 নোকোৱা কথাৰ ছলে।

[ ২২ ]

অসীম শকতি তাৰ নৰ-কৌশলত,
 নিতে নৱ সৃষ্টি পাতে;
কৌতুহল আগলই, বাঢ়েমানে আগ,
 আগলই ৰিঙাই মাতে।

অনন্ত উন্নতি গতি, মহিমা অপাৰ,
 সৃষ্টি জুৰি স্থিতি যাৰ,
তাৰে গতি, তাৰে কীৰ্ত্তি, মহাস্থিতি-ৰীতি,
 হেৰা, বিজুলি, তোমাৰ।

অভাৱত উৎপন্ যতেক উন্নতি,
 বিচাৰা তাকেই তুমি;
দেখাতে অভাৱ ঘন্ ডাৱৰেৰে ঢকা
 দুখুনী অসম ভূমি;—

বিজুলীৰ আবিৰ্ভাব উদ্ধাৰ কাৰণ,
 জ্বলে ডাৱৰ ভেদাই,
অসম আকাশ জুৰি নৱ জেউতিৰে
 দিয়ে পন্থা পোহৰাই।

[ ২৩ ]

'প্ৰেৰণা।

অজ্ঞান আন্ধাৰ ঠেলি,
জ্ঞানৰ পোহৰ বেলি,
 জিলিকে পূবত;
জিলিকা পাখিৰে উৰি,
বিস্তাৰে বসুধা জুৰি,
 দিব্যজ্যোতি যত।

হৃদিসৰোবৰ মাজে
আশাৰ পদুম সাজে,
 মনৰ উলাহে;
ভাবৰ ভোমোৰা সৱে,
গুণ্ গুণ্ গুণ্ বৱে,
 ঘূৰিছে চৌপাশে।

বানস নিকুঞ্জ যুৰি,
কল্পনা পখিলা উৰি,
 ফুৰে কি বিচাৰি?
সৌন্দৰ্য্য় কাঁচলি মেলি,
জেউতিৰে কৰে কেলি,
 উলাহ বিস্তাৰি।

[ ২৪ ]

চিন্তাসোঁত ধীৰে বলি,
মিলিছে কৰ্ম্মৰ থলি,
 শতধাৰা হই;
কুল্ কুল্ কুল্ কৰি,
প্ৰেৰণাৰ সুৰ ধৰি,
 বইছে নৰই।


সুৰত সজাগ হই,
শাস্তিৰ আঁজলি লই,
 প্ৰকৃতি কুৱঁৰী;
বিলাব খুজিছে ভৱে,
জীৱনী শকতি সৱে,
 কৰ্ত্তব্য সুমৰি।


নিয়তী নিৰ্দ্দেশ পাই,
মলয়া কটকী যায়,
 দুৱাৰে দুৱাৰে;
কাণে কাণে উৰি উৰি,
ৰিণি ৰিণি সুৰ ধৰি,
 আৱাহন কৰে।

[ ২৫ ]

উঠাঁ উঠাঁ কৰ্ম্মীগণ,
স্বদেশৰ আশাধন,
 মিলি ভাতৃভাৱে;
হাতে-কামে লাগি যোৱাঁ,
দেশসেৱা পণ লোৱাঁ,
 প্ৰচণ্ড প্ৰভাৱে।

পিতৃভূমি উদ্ধাৰৰ,
মাতৃভাষা প্ৰচাৰৰ,
 যতেক যুগুতি;
তুলি লোৱাঁ পোৱাঁমানে,
লক্ষ্য ৰাখি প্ৰাণ-পণে,
 দেশৰ উন্নতি।

চেতনা উদিছে চোৱাঁ,
বল-বুদ্ধি-সাহ লোৱাঁ,
 দেশৰ দুৰ্গতি
আজি—সমস্যাৰ দিনে—
দূৰ কৰাঁ, প্ৰতিক্ষণে;
 স্থিৰ কৰি মতি।

[ ২৬ ]

বন্তি।

শুভদিন ভটীয়াই   কালসাগৰক পাই,
 মাৰ যায় আন্ধাৰি অসম;
আঁৰলত ভাগ্যলক্ষ্মী   নিৰৱে বিনায়, শুনাঁ,
 -প্ৰাণে শুনা,—শুনাতে নিজম।

কতবাৰ চিপিয়ালে   নিচলা সন্তান সৱে
 জ্বলাবৰ হেতু জ্ঞান-দীপ্তি;
উলাহী শলিতা চুহি,  জ্বলিল বিবিধ বন্তি,
 ৰাখিবৰ নহল যুগুতি!
.
পুনৰপি একেগোট  ঠান্‌বান্ অসমীয়া
 ঘৰভঙা ঈৰ্ষাভাব এৰি;
নিচলাৰ সাঁচতীয়া   পকা তেল একোচলু
 দিছে আহি ক্ষুদ্ৰ বেহী ভৰি।

উছাহৰ শলাকানি   দিছে পাৰি হৃদয়ত
 চুপি চুপি থাকাঁ বুলি জ্বলি;
যতকাল ‘অসমীয়া   নুনুমাব নাম-গুৰি,
  —আকৰ্ষণী হেন্দোলনি মেলি।

[ ২৭ ]

দুখীয়াৰ ধুপ্দীপ্,   —ক্ষুদ্ৰ ক্ষুদ্ৰ বৰঙনি—
 একেগছি আলো কৰি চোঁৱা;—
শোকে চেপা মাতিৰীয়ে   অযুত উছাহে দাঙি
 জ্বলা বন্তি হাতে তুলি লোৱা।

বন্তিৰ পোহৰ পাই,   ভাগ্যলক্ষ্মী মিটিকায়,
 সৌভাগ্যৰ বিৰিঙ্গে জেউতি;
ভাৰতৰ এচুকত   অসমৰ ভাগ্য জ্বলে,
 —সন্তানৰ উলাহিত মতি।

অতীত গৌৰৱৰাশি   দেখি পুনু চউপাশে,
 সঞ্জীৱনী শক্তিলাভ কৰে;
সোৱৰণী-উদগণি   পাই প্ৰাণে প্ৰেৰণাত
 কৰ্ম্মীগণে ক্ৰমে আগবাঢ়ে।

যেয়ে য’তে আছাঁ ৰই   দুখুনীৰ ভাগ্যধৰ
 নিমাখিত যত নাতিপুতি;
গাৱে-ভূঞে চুকে কোনে,   লোৱাঁ তুলি একেচিপে
 হাতে হাতে বন্তি একো এটি।

[ ২৮ ]

সাধনা আৰু সিদ্ধি।

সাধনাৰ থান্ ক’ত?—
 তীৰথ, কন্দৰ?
মজিদ, মন্দিৰ, মঠ,
 দ’ল, গিৰ্জ্জাঘৰ?
নামাজ, কীৰ্ত্তন, জুম্মা,
 ঈশ-আখ্যানত?
পাদ্ৰী, মোল্লা, কথকৰ
 তত্ত্ব ব্যাখ্যানত?
পজা, বন, গছতল,
 সভা, সম্মিলন?
সেৱা-চৰ্চ্চা সাহিত্যৰ,
 স্বদেশ-পূজন?

নিৰুপিত থান্-থিত্
 নাই সাধনাৰ;
নাথাকে আবদ্ধ ক’তো
 পুণ্য সিদ্ধি তাৰ।—
পাহৰিম য’ত ‘মই’,
 পাহৰিবাঁ ‘তুমি’,
পাহৰিব ‘তেওঁ’, কৰি
 লক্ষ্য জন্মভূমি,
সবাৰো সমষ্টি য’ত
 খিতাপে অকণি,
সাধনা সিদ্ধিৰ ধান
 সেই হিয়াখনি।

[ ২৯ ]

উষা।

নিশা অৱসান প্ৰায়। নিজম জগতে
লাহে লাহে লভিছে চেতনা;
ভাগৰ টোপনি মায়া ক্ৰমে আঁতৰিছে,
সুমৰি উঠিছে প্ৰাণবীণা।

সপোনৰ লীলা-খেলা প্ৰকৃতিয়ে তুলি
ধৰিছেহি দিঠকৰ মোৰ,
দৃষ্টিহীন সজাগেৰে উমানত শুনে
নিজানত উটি অহা সুৰ।

ভাবত পূৰঠ্ হল সৃষ্টিৰ অন্তৰ
ৰাঙলী ৰহণ তাৰ চিন্;
ৰূপান্তৰ তাৰে মাথোঁ শোণিত সাগৰ,
প্ৰান্ত তাৰ অনন্তত লীন।

মথিছে সংসাৰ-সোঁত বিশ্ব-ৰচোঁতাই
তেজপানী ক্ৰমে ঘন্ হয়;
প্ৰকৃতিৰ কপালত সেন্দুৰৰ ফোঁট,
—পূবশিৰে অৰুণ উদয়।

[ ৩০ ]

কৰুণ জেউতিকণি উষাৰ কিৰণ,
তেজী জ্যোতি অৰুণৰ ভাতি,
পবিত্ৰ মিলন ফলে শান্তিময়ী প্ৰভা
দিনৰ পোহৰ একোছাটি।


ধৰম কৰম পাচে মৰম বুকুত,
সন্তানৰ জিৰণিৰ ৰীতি;
সাগৰ বুকুত খেলে পুণ্যশোভা ধৰি
অৰুণৰ অনুৰূপ সিটি।


দুটি ৰূপ এটি হয় সৃষ্টি-পাতনিত,
মিলনত লয় অভগন;
প্ৰকৃতি কুমাৰে তাৰে বিলায় চানেকি,
—পৃথিবীত উষাৰ হৰণ।


পূবত উদয় হোৱা মিলনৰ যোৰা
পছিমত সংসাৰী শয়ন;
উষাদেবী-অনিৰুদ্ধ মানৱ মূৰতি
আদৰ্শৰ বিশিষ্ট প্ৰমাণ।

[ ৩১ ]

এয়ে সৃষ্টি উৎপতি, এয়ে আৰম্ভণ,
সংসাৰৰ যত ৰীতি-নীতি;
ইয়াৰে চানেকি উঠে নৰ-সংসাৰত,
সাধেমানে যত উৎনতি।


কৰমৰ অনুগামী কীৰ্ত্তিৰ নিচান,
পিচলই ধাউতি সদায়;
উৰেমানে উলাহত, জাতীয় জীৱন
উন্নতিৰ লাচত উধায়।


যাত্ৰী নাও যাওঁ-যাওঁ অপেক্ষি লগৰী,
যাতৰাৰ শুভক্ষণ গণি;
ৰিণি ৰিণি দেখা যায়;—আহে ভটীয়াই
লুইতৰ পানীধাৰ মনি।


ভাটীভাগে আছেমানে সজাতি সঙ্গতি
লগেভাগে যাব ভটীয়াই;
পছিমীয়া বেহা লই ঘূৰিব সন্ধিয়া
জননীক দিবহি গতাই।

[ ৩২ ]

কতনা সন্ধিয়া-বেলি দিনে মাৰ যায়,
নিতে নৱ জনম কাৰণ;
নেদেখা ভাগৰ নৰে দিনে দেখা পায়
নিতে নৱ উষাৰ হৰণ।


দুপৰ-সূৰুষ আৰু মাজনিশা ৰাতি
বিপৰীত উৎপতি লয়;
দিনে দুই অৱসান, নিজম সংসাৰ
দুটিবাৰ সচেতন হয়।


জগতৰ উদ্‌গতি গতি অবিৰাম
সৃষ্টি-স্থিতি আছে যত দিন;
অমৰণ অভগন উষাৰ মিলন
আজীৱন উন্নতিৰ চিন্।


অসমৰ কপালত উষাৰ জনম
ভূভাগত সৱাতকৈ আগ;
আগ হই অসমীয়া যাত্ৰী যতমানে
লোৱাঁগই যত আগভাগ।

[ ৩৩ ]

সংসাৰ-ধুমুহা।

মুকলি হিয়াৰ   মুকলি দুৱাৰ
 কত ভাব আহে যায়;
কল্পনা লগৰী   নিকুঞ্জ বিহাৰী
 নিফুট বাঁহীটি বাই।

আকাশ কুসুম,   মৰ্ত্য়ৰ কুটুম,
 একাকাৰ কৰি উৰে;
অমৰ বাঞ্ছিত   স্বৰ্গৰ সঞ্চিত
 সম্ভাৰ সম্ভোগ কৰে।

অতীত ভবিষ্য,   চকুৰ অদৃশ্য়,
 দুখনি সুন্দৰ থান;
স্মতিৰ পথত,   কল্পনা ৰথত,
 জোৰেহি মিলন তান।

সোৱঁৰণী পট,  আনন্দ জগত
 মধুৰ মিলন কথা;
ভবিষ্য মূৰতি   আশাৰ ছবিটি
 মৰমে মৰমে গঁথা !

[ ৩৪ ]

পাহৰা সুমৰি   বিমানত চৰি
 উটি বুৰি ফুৰে মন;
আকাশী স্বপ্নৰ   সাজি সুখঘৰ
 আকুল উদাস প্ৰাণ;


নিৰ্ম্মল আকাশ   কত হাবিয়াস,
 পিন্ধিব মুকতা মণি;
মিলি অপেচৰা   আপোন পাহৰা
 সুখ-গীত গোৱা শুনি।


প্ৰকৃত প্ৰমাণি,   ভাবে ভাব টানি,
 ওপঙি ফুৰিব দেখি,
ঘাই ভাব যুৰি   ম’ৰাচালি ধৰি
 উড়াও বিচাৰি সখী।


অৱশ শিথিল,   হিয়া জিল্‌মিল্‌,
 নাই গাত সাৰসুৰ,
জীৱন্তে নিৰ্জ্জীৱ  জীৱাত্মা সজীৱ
 হয় আপুনি আতুৰ !

[ ৩৫ ]

অকলশৰীয়া  আত্মা মতলীয়া
 আহোঁতে সমস্য়া চাই,
সংসাৰ-ধুমুহা,  নাই উৱাদিহা,
 আহে অপায় চপাই।


মনেপতা ঘৰ শূন্য় আকাশৰ
 আলাসত পতা চাং;
নিমিষে নেদেখা  হয় দিব্যৰেখা,
 পৰেহি দুৱাৰ-ডাং।


আতমা বিমোৰ, উৰা ভাববোৰ
 আহে ঘূৰি চাপিকুচি;
পুনৰপি থিতি  নৰৰ বসতি,
 এৰা-ঘৰ হয় শুচি।


মুকলি হিয়াৰ  জপাই দুৱাৰ,
 ক’ৰ ভাব যায় কেনি!
ঢাকনী চকুত, বসুধা বুকুত;
 —এয়ে সুখ, সামৰণি।

⸻0⸻

[ ৩৬ ]

উত্থান-পতন।

অনন্তৰ পিচলগা অন্তহীন কাৰ্য্য়গতি,
আৰম্ভণ, সামৰণ, ঘূৰি ঘূৰি জন্ম-ৰীতি;
মৰণতে জনমৰ হয় নিতে উতপন,
উষা, সন্ধ্যা চিন্ তাৰ জিলিকিছে অভগন।

আহিল পুৱঁতী নিশা উষাৰ জাননী মেলি,
উদিল কৰ্ত্তব্য-ৰবি আন্ধাৰ এলাহ ঠেলি;
শুভক্ষণে শুভযাত্ৰা ধৰিছে দুনাই চোৱাঁ,
হিয়াভৰা উলাহেৰে দেশ-হিত-ব্ৰত লোৱাঁ।

হিয়াত উপচি পৰা উন্নতি আশাৰ ধল,
পৃথিবী ঢৌৱাই কৰে দশোদিশ টল্‌মল্;
আগবঢ়া জগতত নাই কোনো পিচ্পৰি,
থকা নাই কোনো আজি এলাহ সাবটি ধৰি

দুপৰে জোৱাঁৰ তুলি জগতৰ মন-প্ৰাণ
উদগাই নিয়ে দাঙ্গি উন্নতিৰ কৰি গান;
আলাসতে লাখ হিয়া যায় ক্ৰমে আগবাঢ়ি,
দুহাতে চপাব বুলি লাভালাভ কাচিপাৰি।

[ ৩৭ ]

সন্ধিয়া কৰমী ৰবি বহিব যেতিয়া গই,
এফালে দিনৰ যত কৰ্ত্তব্য সমাপি থই;
সংসাৰ বেহোৱা নৰো বহিব গণনা ধৰি,
লাভৰ ঘৰত যিবা পালে ৰত্ন যত্ন কৰি।

ইফালে যেতিয়া ৰাতি লাহে লাহে আহে চাপি,
সিফালে সজাগ কৰে সূৰযে দিগন্ত ব্যাপি;
পুৰণি ধৰণী নৰে জিৰণিৰ পাটী পাৰে,
নতুন ভাগত নৰে পালে ব্ৰত থাকি সাৰে।

ইফালে পুৱঁতী যেই, সিফালে সন্ধিয়া চাপে,
উষা-যাত্ৰা পুৰণিত, নতুনে জিৰণি মাতে;
তৰ-পৰা আশা-ধল দুনাই উছলি উঠে,
দিনৰ জাগ্ৰত ভাব সিফালে ক্ৰমাত টুটে।

ঘূৰি ঘূৰি আহে যায় জীৱনৰ ধ্ৰুবতৰা,
দিনে দিনে উঠা-পৰা সৃষ্টি-পাতনিৰেপৰা;
চলিছে ই সৃষ্টি ৰীতি সৃষ্টিতে জনম লই,
মিলিছে ই সৃষ্টি-নীতি সৃষ্টিতে বিলয় হই।

⸻০⸻

[ ৩৮ ]

পৰিতাপ।

অসাৰ সংসাৰ হাঁয়,   অথন্তৰ সমুদায়,
 মোহময় মায়াময় মাথোঁ;
আজি গঁথা মালাধৰি   কালি যায় জহি সৰি,
 নৱোল্লাহে আৰু ধাৰি গাথোঁ!

ইদৰে কতনা আৰু   বান্ধিম পানীৰ লাৰু,
 ইহ-পৰকাল হেতু হাঁয়;
দেখাতেই দিন চুটি,   আয়ুষ্, গইছে টুটি,
 পাথেয় সমল একো নাই!

ভাঙ্গিলোঁ আৰ্জ্জিত ধন,   নাৰ্জ্জিলোঁ ধাৰ্ম্মিক মন,
 নহল আৰ্জ্জন দান-পুণ্য;
চৰিত্ৰৰ নাই বল,   স্বাস্থ্যৰো ভাঙ্গিলোঁ কল,
 ভদ্ৰ, নম্ৰ, সাধু গুণ শূন্য!

আৰু যি সজকৰ্ম্ম,   সাধনত লাভ ধৰ্ম্ম,
 দয়া, ক্ষমা, প্ৰেম, ভক্তি কথা,
হিয়াত শকতি নাটি,   তাকো যে পেলালো কাটি;
 জীৱনৰ গছ মোৰ লঠা!

[ ৩৯ ]

সংযমৰ বল হেতু   নাবান্ধিলোঁ মন-সেতু,
 নকৰিলোঁ ৰিপু আত্মবশ;
সংসাৰী ৰোগীয়ে হাঁয়,   লোভত অপথ্য় খাই
 বঢ়ালোঁ বিকাৰ অপযশ!


নীতিহীন পাই মোক   পাপৰ বাঢ়িলে ভোক,
 গৰাহত সাৰোগত কৰি,
ভক্ষিলে যশস্যা মোৰ,   সমূলি পেলালে ওৰ,
 নিলে মোৰ সমুলঞ্চে হৰি!


এচিকটা মেঘ অই,   আছিল নিলগ হই,
 নিলগতে-মাৰ-যোৱা কথা;
অপায় ধুমুহা পাই,   বাঢ়িল নিমিষে হাঁয়,
 বঢ়ালেহি প্ৰাণে মোৰ ব্যথা।


বগলীৰ পাখি যেন,   আছিল জীৱন ফেন,
 সংসাৰৰ সাগৰত ভাহি;
বিন্দু বিন্দু পাপে চুই,   পুণ্যভাগ নিলে ধুই,
 নাজানিলোঁ কোন্ ছেগে আহি !

[ ৪০ ]

তথাপিতো পুনৰপি   ধৰমত মন সঁপি,
 প্ৰাণপণে দিয়া হলে বল,
পুনশ্চ নৈতিক বলে   তাৰিলেহেঁতেন ভালে,
 উদ্ধাৰৰ আছোঁতে সমল।

কিন্তু কি যে নৰাধম,  আপুনি মাতিলোঁ যম,
 নিৰাশাত পৰি দিলোঁ মন;
যি ফেৰি আছিল হাঁয়,   নীতিৰ আদিকা ছাই,
 গল ভাহি সিও শেষ-ধন!

আছে মন, বল নাই,   এবে মই নিৰুপায়,
 গোন্ধহীন ৰূপ মাথোঁ সাৰ;
ভৱ-তৰী পাৰ কৰোঁ,   এনে বল নাই আৰু,
অন্তিমত নেদেখোঁ নিস্তাৰ।

এতেকে হে দীনবন্ধু,   অপাৰ কৰুণা-সিন্ধু,
 পতিত পাৱন শিৱময়;
পাতকীৰ পৰিতাপ,   শুনি দূৰ কৰাঁ তাপ,
 চৰণত দিয়াঁ হে আশ্ৰয়।

[ ৪১ ]

আকাশী কটকী।

ক’ৰপৰা আহে উৰি, উদ্দেশি ক’লই,
আকাশী বাতৰি ভাৰী;
শূন্যে শূন্যে দৃষ্টি তাৰ, ওপঙি আহিছে,
মুকলি জগত জুৰি !


কতনা বিৰহী জানো আকাশ তলত,
পৰিছে চকুত তাৰ;
পৰৰ দুখত দুখী, নিস্বাৰ্থ প্ৰেমিক,
প্ৰাণ জানো তোলপাৰ !


যাকে য’ৰ লাগে যেন যাচি সি বিলাব
বিৰহ-বতৰা-মউ;
অবুজ বুলিৰে জানো তললই চাই
তাকেহে সুধিছে ঔ !


সুধিবৰ আছে মোৰো সিপূৰীয়া কথা,
—এদোপ্‌ উধাৰ ধৰোঁ;
হুতাশিন প্ৰাণ হাঁয়, হেঁপাহ-ভৰত
উলটি মাটিত পৰোঁ !

[ ৪২ ]

মনতে মৰহি যায় মনৰ ধাউতি,
নিমিলিল সমিচাৰ;
স্বৰ্গত ‘গোহাঞিদেৱ’ *[১] আছে কিনো ভাৱে
নাপালোঁ সম্ভেদ্ তাৰ!

উৰি ঘূৰি উঠে সৌৱা স্বৰ্গক ধিয়াই,
বতৰা বাহক পখী;
বাৰ্ত্তা দিয়া-লোৱা হলে, নামিব দুনাই,
—সুধি চাম পুনু দেখি।

জুকিয়াই থওঁ মোৰ সন্তাপ বিলাই
পোনা, তোৰ বিৰহত;
ভাঙ্গি কম কটকীক উদিয়াই হিয়া,
পালেমানে ওচৰত।

অফুট্‌ ভাষাৰ সেই ওলটা বাতৰি,
শুনি প্ৰাণ হব জুৰ।
সিপূৰীত পুত্ৰৰূপে পুনু পাওঁ যেন,
—ইমানেই বাঞ্চা মোৰ।


  1. * স্বৰ্গীয় সিদ্ধেশ্বৰ গোহাঞি, এম-এ, বি-এল, ডেপুটী কমিচনাৰ, শিৱসাগৰ।
[ ৪৩ ]

কৰ্ত্তব্য জ্ঞান।

⸺০⸺

পুৱাতে সৌন্দৰ্য্য় মেলা পূবালী মেঘত,
সুমৰি সজাগ বিশ্ব প্ৰকৃতি বুকত।
হালি-জালি গছলতা জপ-মন্ত্ৰ স্মৰে,
কুলু কুলু তটিনীয়ে ঈশগীত ধৰে।
পখীয়ে ডালত পৰি ধৰেহি সঙ্গীত,
সৃষ্টি-গুণ ৰসময় অতি সুললিত।
পাৱন পৱনে ধীৰে ধীৰে ধীৰে বই,
যতেক পাপৰ ধূলি ঠেলি দূৰলই,
বিশুদ্ধ বিশাল বিশ্ব কৰেহি আপুনি,
পৰৰ দুখত দুখী দয়াসিন্ধুমণি!
সোণালী ৰথত চৰি সূৰুয কোৱঁৰে,
‘কৰ্ত্তব্য’ নিয়তি-আজ্ঞা জগতে প্ৰচাৰে।
লাহে লাহে দিনমণি দীনদয়াকাৰী,
আজ্ঞাধীন দেৱদূত, নিজব্ৰত স্মৰি,
জ্ঞানৰ জেউতি মেলি,—সোণাৱালী ৰেখ,—
নিয়তিৰ গতি ধৰি ভ্ৰমে বহু দেশ।
সৰু-বৰ সুখী-দুখী নকৰি বিচাৰ,
সৰ্ব্বত্ৰে সমান ভাৱে কিৰণ বিস্তাৰ;—
হিমালয় হিমচুড়া যিৰূপে শোভিত,
গভীৰ গহ্বৰ হাঁহে একেটি হাঁহিত,

[ ৪৪ ]

ভূপতি ভৱন আৰু দৰিদ্ৰ কুটীৰ,
উভয়ে সমান ভাগী সুৱৰ্ণ জ্যোতিৰ;
ইভাৱে ঘোষণা কৰে ঘূৰি অবিচ্ছেদ,—
‘ঈশ্বৰ মন্দিৰ মাজে নাই ভেদাভেদ’।
স্বাৰ্থত্যাগী গছ-লতা আপুনি তাপিত,
ছাঁয়া দি জুৰায় কত তাপিতৰ চিত।
অবিৰাম গীত গাই দয়াৱতী নই,
সন্তাপীৰ শোক-তাপ হৰিছে নৰই।
কতনা গায়িকা পখী ভিন্ভাব ভুলি,
ধৰিছে মধুৰ গীত পঞ্চমত তুলি;
অবুজ ভাষাৰ তান অফুট্ কথন,
ভাবুক প্ৰাণত লাগে অমিয়া বচন।
পৱন অমিততেজা উগ্ৰ দণ্ডধাৰী,
মুহূৰ্ত্তে বিনাশে সৃষ্টি প্ৰলয়-সংহাৰী;
কিন্তু কি যে নিয়তিৰ অভেদ্য কৌশল,
ভৃত্যভাৱে চিৰকাল সেৱে জীৱদল।
সন্ধিয়া-জেউতি মেলি মাৰ্ যায় ৰবি,—
কৰ্ত্তব্য-সাধন-সুখ,—মনমোহা ছবি!
লগে-ভাগে গছ-লতা নিজম পৰিল;
নিৰৱে ডালৰ পখী বিশ্ৰাম লভিল;
পথিকে জিৰণি ললে চাপি গছতল;
পৱন তটিনী দুয়ো শুশ্ৰূষাতে ৰল।

[ ৪৫ ]

বিশ্ব-বীণ্‌।

ৰবাঁ, ক্ষন্তেক নিৰলে। প্ৰকৃতি বুকুত
শুনা, নিফুট্‌ সুৰেৰে,
সুৰতে মিলাই সুৰ নিযতি বীণাৰ
কোনে জানো সুৰ ধৰে !

চউপাশে ঠৰ্‌লাগি পৰ্ব্বতৰ শাৰী
কি জানো কি ভাবি-গুণি
লাগিছে তবধ;—অহ, এফলীয়া হই
কিনো দৰে আছে শুনি !

ডালত পখীটি পৰি ডিঙ্গি ভাঙ্গি ভাঙ্গি
কি জানো কি শুনে হাঁয়;
ভাবত বিভোল,—যেন তাৰে কি ৰাগীয়ে
ধৰি, চকু পিৰিকায় !

গভীৰ নিজম গুহা, গহীন সাজেৰে,
বুকুত সাবটি হাত,
একেঠৰে আছে শুনি, নিজান নিটাল,
সাৰসুৰ নাই গাত !

[ ৪৬ ]

একেটি তানতে মিলি আৰু এটি তান
উঠে, বিশ্ববীণ্‌ এৰি;
ইবাৰ বীণাৰ সুৰ বুজোঁ বুজোঁ যেন,
স্বৰ্গীয় বুজনি ধৰি।—

মাতে যেন আগলই; কিজানো কলই
আতমা উৰিব খোজে;,
মুখত নুফুটে কথা, নিৰলে শুনিয়ে
হাঁয়, কিজানো কি বুজে !

উতাল তৰঙ্গপ্ৰায় সৃষ্টিতত্ত্বজ্ঞান
দিয়ে গহীন জঙ্কাৰে;
আকাশ পাতাল জুৰি হিয়াভেদী ভাবে
শুনা, প্ৰতিধ্বনি কৰে !

জগতৰ প্ৰাণ লই একেটি মুঠিতে
অহ, বিশ্ব-ৰচোঁতাই।
ঐকতানে দিয়ে তান;—উলাহৰ সোঁত
চোৱাঁ, বলিছে ঢৌৱাই !

[ ৪৭ ]

প্ৰাকৃতিক সম্ভাৰ।

গভীৰ গহ্বৰ ভেদি অত্যুচ্চ বিৰিখে
সমথল সমানত হই একাকাৰ
ধৰে শোভা বিতোপন! আবেলি বেলিকা
হেঙ্গুলি ৰহণে যেবে তিৰ্‌বিৰ্‌ কৰি
শোভে শীতল পাটীটি,—চেঁচনী বুকুৰে—
হাবিয়ায,—লভোঁ শান্তি ক্ষন্তেক বাগৰি,
অতৃপ্ত সুখৰ ভোগ ভঞ্জোঁ প্ৰাণভৰি !
আলাসত ভ্ৰমি ফুৰা মেঘদুতগণে
উলাহত উৰি ফুৰে বাতৰি বিলাই
অযাচিতে কাৰোবাৰ; আপোন-পাহৰা
কৰে কাৰোবাক যাচি যোগাই বাতৰি;
চাপিলে ওচৰ তাৰ সুকৰুণ হিয়া
পমি যায় আবেগত,—ৰহস্য অপাৰ !
দূৰণিৰ দৃষ্টিৰেখা, মন-চিত-হৰা,
চাওঁতে চাওঁতে, অহ, শ্যামা প্ৰকৃতিয়ে
নিশ্বাস নিৰোধি যেন প্ৰাণ কাঢ়ি লয় !
আৰু কত সৌন্দৰ্য্যৰ গুপুত সম্ভাৰ
উদিয়াই শাৰী শাৰী পাতিছে পোহাৰ;—
কিনোতা মানৱ প্ৰাণ, বেচোঁতী প্ৰকৃতি।
অৰক্ষিতে আছে পৰি;—সাধ্য কিন্তু কাৰ
লয় তুলি কিবা এটি, সলনিত তাৰ
নেবেচিলে মন-প্ৰাণ, —একমাত্ৰ বেচ্‌।

[ ৪৮ ]

ব্ৰহ্মপুত্ৰ।

মানসৰ গৰ্ব্ভ এৰি ব্ৰহ্মকুণ্ড ঘূৰি,
কটালা কতনা কাল পাথেয় বিচাৰি;
সাগৰ উদ্দেশি পাচে কৰিলাঁ প্ৰয়াণ,
কতনা পৰ্ব্বত লঙ্ঘি বধা অগণন্।

কত যুগ একেৰাহে লই পূজাভাগ
শোধাইছাঁ বই-পৰা পুণ্য ব্ৰহ্মযাগ;
কতনা সৃষ্টিৰ কথা,—উঠন পতন,
কতনা বুৰঞ্জী তথ্য বুকুত মগন।

আতিকে পুৰণি তুমি বৃদ্ধ যোগিবৰ,
তথাপি শিশুটি সদা,—‘পুত্ৰ’ নামধৰ!
কতবাৰ যৌৱনৰ ভুগিছাঁ বিলাহ,
বছৰে বছৰে ঘুৰি বাৰিষা উলাহ!

যি বলে ৰাখিছাঁ ধৰি অমৰ যৌৱন,
—নিছিগা ভক্তিৰ সোঁত জ্বলন্ত প্ৰমাণ।

⸻০⸻

[ ৪৯ ]

চন্দনগিৰি।

স্বৰ্গৰ জখলা এই পুণ্য গিৰিবৰ,
নিৰ্ম্মিলে কি সুকৌশলে বিশ্ব-খনিকৰে !—
সৌন্দৰ্য্যৰ ৰূপৰাশি; কৰুণাৰ প্ৰভা;
প্ৰেমৰ আবেগ ৰাগ; সম্ভোগৰ সুখ;
আৰু এক আসক্তিৰ পুণ্য আকৰ্ষণ;
সবাকো সমানে সানি স্ৰজিলে মৰ্ত্যত,
পঞ্চামৃত লাৰু, অহ, অৰণ্য মন্দিৰ !—
চন্দনগিৰিৰ নাম অগৰু চন্দনে
ৰাখিছে উজ্জ্বল কৰি পূব ভূভাগত;
অনুপম ৰূপ তাৰ, লাৱণ্য জেউতি,
বখানিছে মুক্তকণ্ঠে দেৱতা-কিন্নৰে;
যোগী, ঋষি, মুনি যত তাপসকুমাৰ,
বিমোহিত নৰলোক ৰূপলীলা চাই!
ইয়াৰে সৌন্দৰ্য্য-সোঁত ৰই-বই গই
ভৈয়ামত প্ৰতিভাত হয় ঠায়ে-ঠায়ে।
যিফালে ঘূৰাওঁ আঁখি তাতে ৰই যায়,
নপলায় তৃপ্তি হাঁয়, হেঁপাহ প্ৰাণৰ,
চাওঁমানে বাঢ়ে তৃষ্ণা, পাহৰোঁ সংসাৰ !
তলত কুণ্ডিল্‌ নীৰ, আতি নিৰমল,
প্ৰকৃতি-দাপোণ, অহ, পতা আছে কেনে !

[ ৫০ ]

ওপৰৰ সৌন্দৰ্য্যৰ প্ৰতিবিম্বে তাত
হাঁহিছে নাচিছে হাঁয়, আপোনাকে চাই!—
নাচি উঠে মন মোৰ তাৰ চেৰে চেবে,
প্ৰকৃতি বুকুত প্ৰাণ ক্ষন্তেক জুৰাই!

  •   *  *  *

ইয়াতে এদিন দেহি, দময়ন্তী সতী
উঠিছিল আহি আহি পথ হেৰুৱাই;
চিন্ তাৰ এতিয়াও মাৰ যোৱা নাই,—
শিল-বন গছ-লতা আটাইটি মিলি,
সাক্ষী দিয়ে বিশেষণে সবিশেষ কই।
কুণ্ডিনৰ গুৰি এয়ে, —বিদৰ্ভ ঢৌৱাই
পৱিত্ৰ কৰিছে যি; সিও সাক্ষী দিয়ে
মহাসতী দময়ন্তী কেনেকই আহি
উত্তৰিল কুণ্ডৰ তীৰত, ভ্ৰমি বহু
গিৰি-গুহা, দেশ-বন, পতি হেৰুৱাই;—
ইয়ে হে লগালে বাট পিতৃ-ৰাজ্যলই।
আৰু, আৰু, কৃষ্ণদেৱে ৰুক্মিণীদেবীক
উদ্ধাৰি এদিন ইয়াতেই লয় থিত্‌
যাওঁতে উলটি; ইয়াতে জিলিকে সৌৱা
সমাধি মন্দিৰ স্মৃতি ভীষ্মক ৰজাৰ,
মিলিলে পঞ্চত্ব য’ত মহা ৰাজৰ্ষিৰ।

⸻০⸻

[ ৫১ ]

শান্তি আৰু সাধনী।

শান্তি।—ফুলত শিলৰ ৰেখা!
নৰজে তোমাত কঠুৱা ভাবনা সখি!
ঢোপাকলি তুমি; কিয় ভাবা কীটে-ধৰা
ফুলৰ দুৰ্দশা!
সাধনী।—দেহি অই,
চোৱাঁ, কেনে মিলিছে থিতাতে!—
চোৱাঁ, কেনে ফুলপাহী আউলী-বাউলী,
কলিটিৰ মুখ চাই আছে ঠৰ্‌ লাগি।
চোৱা নাই নিজলই,—নিজ সুখ-দুখ,—
চাইছে মাথোন কলিটিৰ সুখলই,—
যায় যেন দিন তাৰ এনুৱা সুখত।
ফুলিলেই, সখী অই, হব তাৰো দশা
বাউলী পাহীটি প্ৰায়। তাকে হে গুণিছে,
পৰৰ সুখত পমা আজলীটি দেহি!
কিন্তু, সখি, পাহীটিৰ নুপূৰে কামনা,—
ঢোপাকলি ফুলিব কালত; দশা তাৰ
হব, জানাঁ, পাহীটি যেনুৱা। মেলোঁ-মেলোঁ
পাহিকিটি মেলিব যিদিনা, সিদিনাই
কীটে আহি লব থিত্‌, কৰিব ঘূণীয়া;
নৰব জেউতি তাৰ লুকুৱা-হাঁহিৰ!
সৃষ্টিৰ ৰীতিয়ে এই,—জন্ম, বৃদ্ধি, ক্ষয়,—
‘চিৰকাল কাৰো দিন সমানে নাযায়।’

[ ৫২ ]

বাঢ়েমানে আগলই বেঁকাবেকি বাট,
আৰু কত আওপাক ভৰ-সংসাৰৰ
পাবলই আছে জীৱনত। ভাবোঁ তাকে,
পাওঁ বুলি তত্ত্ব কিবা সৃষ্টি-কৌশলৰ।
শান্তি।—কঠুৱা পুৰুষ-ভাব!
—নোহে নাৰী নীতি।
সাধনী।— পুৰুষ কঠুৱা বুলি
ত্যাজ্য নোহে সিটি। কঠিনে কোমলে মিলি
পুৰুষ-প্ৰকৃতি জানাঁ, সৃষ্টি স্বৰণত;
তাৰে আৰ্হি নৰনাৰী, বিম্ব মৰতত।
এতেকে, কঠুৱা বুলি নিলগোৱাঁ যদি
পুৰুষ ৰতন, প্ৰকৃতি তিষ্ঠিব ক’ত?
গছত বগাই সউ, চোৱাঁ, লতাজুপি,
কোমলে কঠিনে কেনে হইছে মিলন!
ইটিয়ে সাবটি ধৰি সিটিক জুৰায়,
সিটিয়ে শৰীৰ পাতি ইটিক শুৱায়।
এটি সদা আনটিৰ জীৱন-সাৰথি;—
তাৰে ফল মাথোঁ এই সংসাৰ-কানন।
এয়ে জানাঁ, আৰ্হি সংসাৰৰ। লতা হই
ৰ’দ-তাপ গুচায় গছৰ; সেইৰূপে
নাৰী হই পুৰুষৰ শোক-তাপ-দুখ,
অধৰ্ম্ম, অনীতি আৰু কুটিল স্বভাৱ
আমিও গুচাব লাগে।—এয়ে নাৰী-নীতি।

 *  *  *

[ ৫৩ ]

শান্তি।—এটি কথা সখি! মন কৰি আছোঁ মই
দিন-চাৰিপৰা, সঙ্গীতত আতিকই
বাঢ়িছে ধাউতি তোমাৰ তীব্ৰ বেগেৰে।
সাধনী।—সঁচা সখি।
সঙ্গীতত বাঢ়িছে ধাউতি।
কিন্তু কিয়, কিবা ভাবে, টানিছে কলই,
নোৱাৰোঁ বখানি কব! যিভাবে টানিছে
এই বিশ্ব-ব্ৰহ্মাণ্ডক শূন্যে শূন্যে তুলি;
সেই ভাবে টানে মোৰ ক্ষুদ্ৰ হৃদয়ক
কি জানো ক’লই। নাথাকাঁ যেতিয়া তুমি,
নুশুনোঁ সঙ্গীত, তেতিয়া চাপেহি কাষ,
কৰে বিয়াকুল, গুপ্ত এটি ভাবে ধৰি;
নোৱাৰোঁ ফুটাব তাৰ আধাফুটা ভাব,—
কিবা নাই, কিবা লাগে, নুবুজোঁ আপুনি,
কৰে মন উণ্ডল-থুগুল; এটি ভাব
স্বৰগৰ, ইটি মৰতৰ; দুয়ো যেবে
দুই ভাৱে কৰে টনাটনি, তোলাপৰা
অন্তৰত কিযে কেনে কৰে, সাধ্য নাই
প্ৰকাশোঁ ভাষাৰে! মৰ্ত্যৰ ভাবনা যিটি
ধৰিছোঁ ভাবত,—হিয়া দিয়াদিয়ি তাৰ
উদ্দেশ্য মহান্। কিন্তু হাঁয়, বুজা নাই,
কাৰ হিয়া কোনে দিয়ে কাক্‌? সপোঁ বুলি
আধা হিয়া আছোঁ সাজু হই, পাওঁ যদি
মিলনত বাকী আধা তাৰ।

[ ৫৪ ]

শান্তি।—হব লাভ আধা সেই।
নোৱাৰি তৰিবচোন্‌, সেই লাভ লই
ভৱ-সংসাৰত?
সাধনী।—নুবুজিলাঁ, সখি, হাঁয়,
ভৱ-সংসাৰত আছে যদি তৰিবৰ
যথাৰ্থ যুগুতি, জানিবাঁ নিশ্চয় হেৰা,
ধৰ্ম্ম হে আচল বল জন-সমাজত
সহায়-সাৰথিহীন দুখী তৰিবৰ।
আৰু, জানাঁ, সখি, নবহে যদ্যপি ৰতি
নিয়তি প্ৰেমত, মিছা সৱ প্ৰেম-ৰাগ
নশ্বৰ দেহাত।
শান্তি।—বুজোঁ, সখি।
সঙ্গীতত পমে মন-প্ৰাণ;
শুনোঁতে যি তৃপ্তিলাভ, গাওঁতে দুগুণ।
সাধনী।—কি দিম উপমা!
কোকিলৰ কণ্ঠ জিনি
গোৱা যেবে তুমি হৃদয় পমোৱা গীত,
পাহৰোঁ সংসাৰ, পাহৰোঁ আপোন-পৰ,
বিশ্ব-প্ৰেম বইপৰি কৰে বিমোহিত।
সঙ্গীতত, হেৰা সখি, আছে কি মোহনী,—
চিন্তা-ভাব, শোক-তাপ, কেনিবা পলাই
অযাচিতে দিয়ে এৰি সন্তোষক ঠাই!

[ ৫৫ ]

শদিয়া।

এয়ে সেই কীৰ্ত্তিস্থল;—
ইয়াতে এদিন চুটিয়াৰ আদিৰাজ
ৰত্নধ্বজপাল হইছিল বিমোহিত
প্ৰকৃতিৰ ৰূপলীলা চাই। পাঙ্গিছিল
ইয়াকেই ৰত্নপুৰ নগৰৰ ভেঁটি।
কিন্তু, কি যে বিধি-বিড়ম্বনা,—নগৰৰ
ভেঁটি লই উঠিল মৈদাম !—মহাৰাজ
ৰত্নধ্বজে প্ৰিয়পুত্ৰ এটি ৰাখিছিল
কমতাপুৰত গই, শিক্ষাৰ উদ্দেশ্যে;
অকালত কাল হল সেই কোৱঁৰৰ।
কমতা-ঈশ্বৰে পাচে অতি যতনেৰে
পঠিয়ালে সন্তানৰ শৱ পিতৃলই,
যুগুত সমাধি হেতু। মৰ্ম্মাহত হল
ৰত্নধ্বজ পুত্ৰৰ শোকত। ভগ্ন হল
মনোৰথ, মনৰ উদ্যোগ ‘ৰত্নপুৰ’
স্থাপনৰ হেতু। নগৰৰ সলনিত
পালবংশী কোৱৰৰ সমাধিৰ স্থল
হল এই ঠাই। তদৱধি খ্যাত হল
‘পাল-শৱ-দিয়া’—‘শদিয়া’ৰ আঁতিগুৰি—
শ্মশানৰ নাম। সেই হন্তে সুৰক্ষিত
মৈদামৰ ভেঁটি; পিপৰা পৰ্য্য়ন্ত তাত
নোৱাৰে পশিব।

⸻ – ⸻

[ ৫৬ ]

সৈনিক সঙ্গীত।

আহাঁ আহাঁ ভাই,   সকলোটি মিলি,
 জনম ভূমিৰ উদ্ধাৰ সাধোঁ;
জনম ভূমিৰ   উদগতি অৰথে
 সন্তানে জীৱন উছৰ্গা কৰোঁ।

একে অসমৰ   এছোৱা যৱনে
  বলেৰে দখল কৰিছে চোৱাঁ;
একে অসমীয়া   কামৰূপী প্ৰজা
  দেখিছোঁ নিৰৱে চকুলো টোকা!

এতেকে হে এবে   কৰ্ত্তব্য আমাৰ
  উদ্ধাৰোঁ ত্বৰিতে সজাতি ভাই;
উদ্ধাৰোঁ সত্বৰে জনম ভূমিৰ
 যৱনে যি ছোৱা দমিছে হাঁয়!

ৰাজভক্তি গুণে   অসমীয়া জাতি
  সবাৰো আগত জিলিকে আজি;
বিজয় পতাকা   অসম ৰজাৰ
 উৰাম,—আহিছোঁ ৰণুৱা সাজি।

[ ৫৭ ]

বীৰ-প্ৰসৱিনী   অসম জননী,
  লাচিত আমাৰ অসম বীৰ;
এনে মহাবীৰ   যাৰ সেনাপতি
  কি ভয়, কি ভয়?—জিনিম স্থিৰ।

জিনিম শত্ৰুক,   —পৰিম নতুবা—
  লাচিত-আদেশ হইছে আগ;
দেশোদ্ধাৰ পণ,   প্ৰাণত আমাৰ,
  জীৱন সৰ্ব্বস্ব কৰিম ত্যাগ।

“অসম সাহসী   অসমীয়া সেনা
  দুৰ্জ্জয় ৰণুৱা ভাৰত মাজে”
বুলি বিদেশীয়ে   মানিব ধুৰুপ্
  দেখিলে আমাক বীৰৰ সাজে।

দেখোক যৱনে   ভাৰস্তৰ মাজে
  অসম সেনাৰ বিষম বীৰ্য্য;
লাগোক তবধ   বিপক্ষৰ দল
  পৰাস্ত হই মানোক আশ্চৰ্য্য়!

লক্ষ্য স্বৰ্গদেৱ,   লক্ষ্য সেনাপতি,
  অসম আমাৰ জনম ভূমি;—
এই তিনি মাত্ৰ,   নাই আন মন্ত্ৰ,
  জিনিম মোগল নিশ্চয় আমি।

[ ৫৮ ]

উষা আৰু চিত্ৰলেখা।

উষা।—  অকস্মাৎ কিয়।
হওঁ অধীৰা এনুৱা ! ৰোমাঞ্চিত প্ৰাণ
উঠিছে উতলি; বই পৰে পাৰ ভাঙ্গি
ব্ৰহ্মচৰ্য্য় ব্ৰত মোৰ !
চিত্ৰলেখা।—কিবা হল সখি!
কিয় এনে উত্ৰাৱল?
উষা।—  নাজানোঁ, নুবুজোঁ, হাঁয়,
মৰ্ম্মভেদী এটি ৰাগে, অযাচিতে উঠি,
ব্ৰহ্মচৰ্য্য় ব্ৰত মোৰ কৰে চূৰ্ণাকৃত।
—নাপাওঁ তৰণি!
চিত্ৰলেখা।—জানিছোঁ, বুজিছোঁ, সখি।
উষা।—  কিবা জানাঁ সখি?
চিত্ৰলেখা।—জানোঁ যিবা, জানা তুমি;
গমি চোৱাঁ আপোনাতে প্ৰকৃতিস্থ হই;—
ৰতিমতী এবে তুমি, মদনপীড়িতা,
প্ৰেমপ্ৰবাহিনী।
উষা।—  নুবুজোঁ কি কোৱাঁ তুমি;
কি ঘোৰ সমস্যা।

[ ৫৯ ]

চিত্ৰলেখা।—নহবাঁ অধীৰা।
বিজুলীৰ চমকনি মেঘৰ বুকত
উঠি পুনু মাৰ যায়;—নকৰে থিতাপি।
তোমাৰো সি মনোগতি মনতে মৰহি,
মনে মনে যাব মাৰ।
উষা।—  মিছা! নৰজে ৰিজনি।
নোহে সাধাৰণ এই ব্যক্তিগত ব্যথা।
এনুৱা দুৰ্ব্বলা কিয় হওঁ আচম্বিতে,
জানি-বুজি মোৰ ব্ৰহ্মচৰ্য্য় মনোবান্ধ!
ছিঙ্গে যদি সেই বান্ধ দৈব-দুৰ্ব্বিপাকে,
ছিগিব জীৱন বান্ধ,—যাব উৰি প্ৰাণ
এৰি দেহা-সজা!
চিত্ৰলেখা।—ছিগিব সঁচাকে',
ছিগে যদি মনোবান্ধ অবৈধ বিধানে।
নিদিম ছিগিব কিন্তু, জানিবাঁ ধুৰুপ;
অবৈধক বৈধ কৰি গুচাম প্ৰমাদ,
চিত্ৰেৰে চিত্ৰক আঁচি, তাৰে অনুকৃতি
মিলাই তোমাৰ মানসী মূৰতি স’তে;
—নিশ্চিতে থাকিবাঁ তুমি।

[ ৬০ ]

জীৱন-সন্ধিয়া।

সমনীয়া লগৰীয়া, হেৰা সোণামুৱা,
আত্মাই আত্মাক শুনে, দেহদুৰ্গ ভেদি;—
তোমাৰ সন্ধিয়া গীত, নিলগত গোৱা,
গোৱাৰ আগেয়ে মই শুনোঁ কেনিবাদি।

মিলিছে তোমাৰে স’তে মোৰো সান্ধ্যগীত,
নাপাই বিচাৰি মনে সিপূৰীয়া থান্;
মানসী চকুৰে পাওঁ,-চাই পিত্ পিত্,—
যুক্তিৰ বুজনি মাথোঁ;—নাই একো আন।

আছোঁ বাৰু দুয়ো আজি ধৰাতে উমলি,
চেমনীয়া কাল ধৰি একে সমলেৰে;
কাইলই দেহী গুচি যাম কেনি চলি?—
নাভাবিবাঁ, জানিছা নে সত্য প্ৰমাণেৰে?

যুক্তি কৰম সাৰ মন পতিউৱা,
প্ৰত্যক্ষ প্ৰমাণ তাৰ দিবলই নাই;
নাপালে সম্ভেদ্ সেই পূৰী নো কেনুৱা,
কেনেকই বোলোঁ ‘সঁচা’, কোৱাঁ মোৰ ভাই !

[ ৬১ ]

গদা-গৃহ।

গদা। – ( অকলে ) মিলিছে সুযোগ, অহ,
মিলিব ৰণুৱা এবে মনৰ জোখায়।
পাৰ হল অতকাল ধেমালি যুঁজত,
নিমলিল ছেগ ক’তো সঁচা ৰণলই,
মিছা হল বাহুবল, মিছা গদানাম!
মিলিছে সুযোগ এবে, অতকাল পিচে,—
সমুখ সংগ্ৰাম হেতু ৰাজসেনা স’তে।
নিপাতি যতেক বীৰ, সেনা, সেনাপতি,
ৰাজ্য উদ্ধাৰিম।
  *  *  *
মিলিছে সুছেগ, অহ,
পতিত আহোম ৰাজ্য পুনু উত্থানৰ।
পিতৃৰাজ্য ৰসাতলে যায়-যায় আজি!
স্বাৰ্থপৰ কুলাঙ্গাৰ পাত্ৰ-মন্ত্ৰীসৱে
ক্ৰমাগত নিছে তললই। অৰাজক
ৰাজ্য আজি হল স্বৰূপত। নাম মাথোঁ
ৰাখি ৰজা অপাত্ৰ জনক, যতমানে
দুৰাচাৰে পাঙ্গি লই দুৰ-অভিসন্ধি
লুটিছে পীড়িছে কৰি দেশ ছাৰখাৰ!
কতজন বংশধৰ হল বিনাশন, —
দহে মোৰ দেহ-মন পৰিলে মনত।

[ ৬২ ]

জীৱনৰ ব্ৰত মোৰ আছে অন্তৰত
ইসৱ উদ্ধাৰ কৰা বিনাশি অপায়।
নিৰ্জ্জীৱ অতনা দিন জীৱন্ত বাসনা।
অন্তৰৰ অন্তস্থল আছিল বিয়াপি
ছায়ে ঢকা অগ্নিশিখাপ্ৰায়। আছোঁ ময়ো
মৰাপ্ৰায় মনোবেগ মনতে সামৰি
জীৱনৰ মহাব্ৰত হানি হয় বুলি।
সুমৰিছোঁ সৰ্ব্বক্ষণে হিত উপদেশ
ন্যায়সোধা ফুকনৰ; জন্ম মোৰ
শিক্ষা-দীক্ষা-লক্ষ্য আৰু ৰণ-আখৰাৰ
স্বাধীন উদ্দেশ্য মাথোঁ দেশৰ উদ্ধাৰ।
মিলিছে এতিয়া তাৰে সোণালী সুযোগ;—
কাৰ্য্যৰ ক্ষেত্ৰত মিলিব দুদিন বাজে
সম্মুখ সগ্ৰাম।
  *  *  *
জয়া।—(প্ৰৱেশ) দুখত আনন্দ।
সদানন্দ সদাশয় প্ৰাণেশ্বৰ মোৰ।
প্ৰাসেহি বিপদে; তথাপি নহল, হাঁয়,
চেতনা তোমাৰ নাথ!

গদা।— নভৰাওঁ প্ৰিয়া হেৰা, নাভাবিবাঁ আন,
নপলাওঁ কদাচিতো কাপুৰুষ হই।
বীৰৰ শোভন কাৰ্য্য নহয় পলোৱা,
নোশোভে সি কদাপিও গদাপাণিলই।

[ ৬৩ ]

জিনিম অকলে মই শতেক যুঁজাৰু।
আগে যুদ্ধ, পাচে মৃত্যু,—বীৰৰ ধৰম
নিশ্চয় পালিম মই।

জয়া।— সঁচা, প্ৰাণেশ্বৰ!
জানোঁ মই বিক্ৰম তোমাৰ। জানোঁ আৰু
বীৰৰ কৰ্ত্তব্য যিবা। অবলা যদিবা,
নডৰোঁ মৃত্যুক ময়ো,— নাথাকে উপায়,
নাথাকে ভৰসা যেবে। কিন্তু, প্ৰাণনাথ,
ভাগ্যৰ চকৰি সদা লাগিছে ঘূৰিব;—
নুঘূৰিব তৱ ভাগ্য, কোনে কব পাৰে?
দুদিন অজ্ঞাতবাস কৰাঁ তুমি গই;
মিলিব সুযোগ পুনু; উদিব নিশ্চয়
সৌভাগ্য সূৰুয পূবে।

গদা।—নামানে বুজনি, প্ৰিয়া,
নুবুজে পৰাণে মোৰ! আতিকে' ঘিণাওঁ
মই ভয়াতু জনক; নিন্দোঁ ততোধিক
পুৰুষালি নাই যাৰ। জানে সকলোৱে
মনোভাব মোৰ; আপোন পালত এবে
কৰোঁ কিনো মতে পুৰুষে নকৰা কাম?
আৰু এটি কথা;—তোমাক অনাথ কৰি,
এৰি লাই, সোণাই লেচাই, যাম মই
প্ৰাণ লই অকলে পলাই! অসম্ভৱ,
প্ৰিয়া, মোক নধৰিবাঁ টানি। তদুপৰি,

[ ৬৪ ]

ৰাহুৰ গ্ৰাসত এৰি পিতৃৰাজ্য় মোৰ,
নকৰি প্ৰাণক পণ, পলাম অকলে! —
অসম্ভৱ কথা ইটো।

জয়া।— সেই হে ধৰিছোঁ টানি। নকৰিবাঁ মোক
চিৰ-অনাথিনী; অকালত পিতৃহীন
নকৰাঁ সন্তান; পতনমুখীয়া ৰাজ্য
নকৰাঁ উচ্ছেদ; ঘূৰিলে ভাগ্যৰ চাক্‌
ঘূৰিব সুদিন; উদ্দেশ্য সফল হব
থাকলে কুশলে তুমি।

গদা।—বান্ধনী কথাৰ।
নাবান্ধিবাঁ, প্ৰিয়া, মোক যুক্তিৰে মেৰাই।

জয়া।—নোহে কথা বান্ধ,—
হিয়াৰ আবেগ আৰু পত্নী-অনুৰোধ;
—নুবুজিলাঁ প্ৰাণেশ্বৰ!

গদা।— বুজোঁ প্ৰাণেশ্বৰি!
বুজিছোঁ কতনা আগে ব্যাখ্যান তোমাৰ;
কৰা নাই অৱহেলা তৱ অনুৰোধ,
নকৰোঁ কাচিত, এৰাঁ যদি আজিলই।

জয়া।— নিচিন্তাঁ মঙ্গল তেন্তে আমি তিনটিৰ?
দিবাঁ যদি ধৰা, নাথ, হেলি অনুৰোধ,
বাকী তিনিপ্ৰাণী তৱ ৰাখাঁ ক’ত আজি?
—ডুবিব দুখত দিনে। আক, চোৱাঁ, নাথ,

[ ৬৫ ]

দিয়া যদি প্ৰাণ তৱ অযথা যুঁজত
—অকলে সমুখ হই অলেখৰ স'তে—
জীৱনৰ লক্ষ্য তৱ ৰাজ্য উদ্ধাৰৰ
পৰিব পুলিতে জঁয়।
গদা।—কি আছে উত্তৰ?
জীৱনৰ লক্ষ্য মোৰ স্বদেশ উদ্ধাৰ
নোৱাৰোঁ এৰিব, আছেমানে দেহে প্ৰাণ।
যি লক্ষ্য ধ্ৰুবতৰা এই জীৱনৰ,—
পতন উন্মুখী ৰাজ্য় ইন্দ্ৰ-বঙহৰ
উদ্ধাৰ সাধন,—কৰি তাক শঙ্কাযুত—
ডাৱৰমুখীয়া —নহব যুগুত সঁচা,
অযথা ৰণত ধৰি মৰসাহ কৰি।
পূৰ্ণ হোক বাঞ্ছা তৱ; কৰিম অকাৰ্য্য
পলৰীয়া হই আজি! কিন্তু, গদাপাণি
নাথাকে নিশ্চিন্তে বহি উদ্দেশ্য পাহৰি।
যাম মই ৰণ-বল সংগ্ৰহ কাৰণে।
জিনিম পাষণ্ড ৰজা, দিম সমুচিত
পাপৰ শোধন আহি; বঢ়ালে বিপদ,
শুপ্তসিংহ জগোৱাই নিজে। থাকাঁ প্ৰিয়া,
পোনা দুটি বুকুত শুৱাই। চিন্তা নাই।
মোৰ হস্তে, হব দেখা দুদিনৰ পাচে।

[ ৬৬ ]

বিৰহিণীৰ বিলাপ।

জয়মত।—নমৰি জীয়াই আছোঁ,   আৰু কিবা আশা ধৰি?
 আজিও ধৰিছোঁ দেহা, নাথ মোৰ গল এৰি!
যি গছৰ হই ছাঁয়া,   ধৰিলো সংসাৰ মায়া,
 নাই এবে সেই তৰু, ধৰো কায়া কেনে কৰি?
বেলাটো বিৰহ যাৰ,  অসহনী লাগে ভাৰ,
 নাই তেওঁ দিন চাৰি, আছোঁ মই দেহ ধৰি!
বহুভোজী প্ৰাণধন, নুবুজে অপৰে মন,
 কি ভোগ মিলিছে হাঁয়, ভিখাৰী বেশেৰে ঘুৰি!
ৰাখাঁ প্ৰভু বিশ্বেশ্বৰ!  সুখে মোৰ প্ৰাণেশ্বৰ,
 অন্নপূৰ্ণা! দিবা ভোগ য’তে ত’তে অৱতৰি।
নগাৰ নগৰা বান্ধ,  দিলো আঁটি আতি টান,
 সহিছে কতনা জানো, কুৰূপ সাজেৰে ফুৰি!
বীৰবাহু পতিধন, উন্নত অদম্য মন,
 আছে আজি কিনোমতে পৰ মন আগ কৰি?
দেশৰ মঙ্গল হেতু,  ভাঙ্গি ললোঁ প্ৰাণসেতু,
 কি সতে ধৰিছোঁ দেহা আজিও ই প্ৰাণ ধৰি।
  *  *  *
আছাঁ ক’ত, কিবা ভাৱে,
প্ৰাণেশ্বৰ মোৰ। সঙ্কেতে মনৰ ভাব
বুজি কোনে আজি তুষিছে বিৰহী প্ৰাণ?—
বুজে কোনে মন তৱ এই দাসী বিনে!

[ ৬৭ ]

কিনো বেশ ধৰি হাঁয়, গলাঁ প্ৰাণধন,—
ৰজাৰূপী শৰীৰত বেতৰ নগৰা।
দেহ-মন-প্ৰাণ পৰিছে মলিন জানো
অজ্ঞাত বাসত!

  •   *  *

হে নাথ, অনাথনাথ, ক্ষেমিবাঁ ই দায়,—
তযু আগে স্বামীপদ স্মৰো এটিবাৰ।
পতিগতি, পতিমুক্তি, পতিপদসেৱা,
সতীৰ প্ৰথম কাম,—বিধিৰ বিধান।
নিচিন্তি পতিৰ পদ, আন দেৱ-দেৱী
পূজা বিধি নাই;—এতেকেসে অন্তৰ্য্য়ামী,
ক্ষেমিবা বেটীৰ দায়। সৰল গোহাৰি
আৰু, অবলাৰ,ৰাখাঁ যেন স্বামী মোৰ,
—নিৰাশ্ৰয়, নিঃসহায়,—নিজগুণে প্ৰভো!
চুলি ছিঙ্গি কৰিছোঁ কাতৰি, কৰাঁ দুৰ
শতেক অপায় দেৱ, পতি-দেৱতাৰ।
শুনিছিলোঁ সাবিত্ৰীয়ে পতিপ্ৰাণদান
লভিছিল হাতে-হাতে, পূজি ধৰ্ম্মৰাজে;
পালে বহু আৰু দান স্বামীৰ কাৰণে।
পুজিছে বেটীয়ে ময়ো, হোৱাঁ তুষ্ট দেৱ,
দিয়া আজি মোক স্বামীৰ মঙ্গল দান।
আছেমানে ক্লেশৰাশি পতিধনলই,
দিয়াঁ মোক ভোগ তাৰ, খণ্ডোক অপায়।

[ ৬৮ ]

ৰাজচৰাত জয়মতী।

ৰজা।—দিব লাগে পতিৰ সন্ধান;
শুনা, আজ্ঞা মোৰ।
জয়া।—ৰজাৰ অধীন প্ৰজা; নোহে তাৰ হিয়া।
আজ্ঞাধীনা বুলি এবে আহিছোঁ ইঠাঁই,
ৰাজাজ্ঞা পালন হেতু, পালিম যি পাৰোঁ;
—অহা নাই হিয়া মোন বলি দিবলই।
নিদিওঁ বুলিছোঁ মোৰ স্বামীৰ সন্ধান,
নিদিম প্ৰাণান্তে। নডৰাই জয়মতী;
নেদেখাবাঁ নীচ বিভীষিকা। ৰখা নাই
বাকী ঘোৰ লাঞ্ছনাৰ;—ৰজাৰ বোৱাৰী
হলোঁহি চৰাত থিয়; আহিল অখ্যাতি
ইন্দ্ৰবংশী আহোমৰ আজি! আছে নে কি
বাকী আৰু কিবা?
ৰজা।—নতুবা অৱশ্যে হব শাস্তিৰ বিধান।
জয়া— কিয় এনে হীনবল দেখোঁ সিংহাসন!
কিয় অকাৰণ বিচাৰে কাতৰ ভাৱে
সুদৃঢ় প্ৰতিজ্ঞা মোৰ পাবলই লৰ!
কিয় ভয় প্ৰদৰ্শন, শাস্তিৰ বিধান
ধৰিছে আগত মোৰ! জনা আছে মোৰ
লাগিব সহিব ক্লেশ নশ্বৰ দেহাত;

[ ৬৯ ]

জানি-বুজি কৰিছোঁ যি হয়। নোহে মোৰ
হিয়া বিচলিত, নহব কাচিতো জানাঁ।
দেহাৰ পতন স’তে আত্মাৰ মৰণ
নেদেখাঁ নিশ্চয় এই নাৰী জীবনত
কৰাঁ যিবা বুজাঁ ভাল;—নিদিওঁ সন্ধান।
ৰজা।—নোবাৰি সহিব আৰু।
বন্দীপাল, বাজ কৰ এই গৰবিনী।
নিতে নৱ শাস্তি দিবি, কৰিবি জীয়াতু,
যদ্যপি নিদিব তাই পতিৰ সন্ধান।
জয়া।—নোবোলাঁ অবাচ্য, বজা,
‘তাই’ বচনেৰে। প্ৰতিশোধ সমুচিত
দিবহি কালত, বীৰবাহু স্বামী মোৰ
ঘূৰিব যেতিয়া। আতিকে দুৰ্ব্বল তুমি;
নাই বীৰতেজ; নেদেখোঁ পৌৰুষ চিন্
সমূলি তোমাত। পতিৰ অজ্ঞাতে কোনে
সতী পীড়নত দেখায় মতালি! ধিক্
তৱ পুৰুষালি! মহাপাপী তুমি জানাঁ,
নাচাওঁ তোমাক। ধাৰ্ম্মিকে তোমাৰ সঙ্গ
নলয় কাচিত। উদিব সুদিন জানাঁ,
মহাবাহু স্বামী মোৰ ঘূৰিব যিদিনা;—
প্ৰদমি প্ৰমত্ত সিংহে ৰজা, মন্ত্ৰী, সবো,
উদ্ধাৰিব পিতৃৰাজ্য, ৰসাতলে যোৱা,—
মানিবাঁ ধুৰুপ।

⸻০⸻

[ ৭০ ]

মিলন-মহত্ত্ব।

স্বৰ্গ মৰ্ত্য মিলনৰ
সাক্ষ্য দিয়ে আকাশে সাগৰে;
পাতালকো কৰে মিল
চামে চামে মিলন আকৰে।
  *

সুমেৰু কুমেৰু মিল,
—মেৰুদণ্ড মূৰপুতি জোঁটা;
বিষুব বন্ধনী মেৰ,—
ভূমণ্ডল আকোঁৱালি অঁটা।
  *

উদয় অচল স’তে
অস্তাচল নিতে সম্মিলন;
পীতাম্বৰ পূজাৰিয়ে
পুৱা-সন্ধ্যা কৰে আৱাহন।
  *

সূৰ্য্য়কান্তি পদুমত,—
দিনমান মিলন-পোহৰ;
চন্দ্ৰপ্ৰভা কুমুদত,
মিলনৰ হিয়া-সৰোবৰ।

  * [ ৭১ ]

প্ৰতিভাত প্ৰকৃতিত
পুৰুষৰ মিলন-মহিমা;
সৃষ্টিৰ স্বীকাৰ্য্য় ৰেখা
বিস্তাৰিছে,—নাই তাৰ সীমা।
  *
সখি মিলনৰ ফল,
কৃষ্ণাৰ্জ্জুন,—গীতা-উৎপতি,—
মানৱাত্মা মুক্তি হেতু
জগতত শ্ৰেষ্ঠ ধৰ্ম্মভেঁটি।
  *
দাম্পত্য মিলন চিন্‌,
পুত্ৰ-ভাৰ্য্যা, জীয়াৰী জোৱাঁই;—
সংসাৰ মিলন নীতি
অযাচিতে তাত ফলিয়ায়।
  *
সৃষ্টি-স্থিতি-প্ৰলয়ৰ
সম্বন্ধ নিৰ্ব্বন্ধ গূঢ়তত্ত্ব;
একৰ কাৰণে তিনি,—
বিশ্বপ্ৰাণ,—মিলন মহত্ত্ব।

[ ৭২ ]

নিৰ্য্য়াতনত জয়মতী।

জয়া।—শক্তিদাতা ভগৱন্ত!
অসহন নিৰ্য্য়াতন সহিবৰ গুণে
দিয়াঁ শক্তি শৰীৰত। দিয়া একে শক্তি;
এবে এই হৃদয়ত, সহোঁ একেদৰে
লাঞ্ছনা অশেষ। ভাবিছে দুৰ্ম্মতি ৰাজে,
পাশৱ পীড়ণে কৰিব দুৰ্ব্বলা মোক,
বলেৰে কৰাৰ মান্তি সই লবলই,
নাজানি সতীৰ প্ৰাণ পতিপ্ৰাণা বুলি।
বসুমতি! অছে যদি ধৰম তোমাত,
ৰাখিবাঁ ধৰম মোৰ;—দিয়া শক্তি তযু,
সহনৰ পূৰ্ণগুণ আজি। ক্ষমা গুণ আৰু
দিয়াঁ মোক পূৰ্ণভাৱে, ক্ষমোঁ অজ্ঞানক।
নিবিচাৰোঁ প্ৰতিশোধ; পাব প্ৰতিফল
ফলিব কালত সি কৰ্ম্ম অনুসৰি।
কিন্তু, ভিক্ষা এই, পায় যেন প্ৰাণনাথে
মঙ্গল আশ্ৰয়, অপায়-অশান্তি মাজে।
আৰু, মোৰ দুটি পোনা এৰিছোঁ পিচত,—
দুটি সিংহৰ পোৱালি; থাকে যেন দুয়ো
আপদ এৰাই। পতিত ই ৰাজবংশ,
স্বামীয়ে উদ্ধাৰা পাচে, কৰিব উজ্জ্বল,
অদ্বিতীয় ৰজা হই। বাঞ্চা আৰু নাই;—
স্বামীৰ চৰণ যেন ভাগ্যে পাওঁ দেখা,
এৰোঁতে মাটিৰ দেহা মাটিক গতাই।
—এয়ে বাঞ্চা শেষ।
  * * * * *

[ ৭৩ ]

চাপিছে ওচৰ, প্ৰতিজ্ঞা-পুৰণ-ক্ষণ;
এৰিম ই দেহাভাৰ বসুধা বুকত।
জানিবাঁ সম্ভাষা মোৰ মৰ্ত্য়-নৰ-নাৰী,
ক্ষমিবাঁ যতেক দায়, বিদায় কালত।
হৰিষ্ প্ৰাণেৰে যাওঁ স্বৰ্গ-ৰাজ্য়লই,
পালি মোৰ মহাব্ৰত ইহ জনমৰ।
পালোঁ দেখা অন্তিমত স্বামীৰ চৰণ;
জানিছোঁ সজ্ঞানে মোৰ সফল কামনা,—
স্বামী মোৰ আছে নিৰাপদে। নাই আৰু
জীৱনৰ সজীৱ কামনা;—আছে মাথোঁ,
সংসাৰত ৰল দুটি পোনা, আশীৰ্ব্বাদ
কৰিছোঁ দুটিক,—দুপৰ সূৰযপ্ৰায়
বাঢ়ি দুয়োটিয়ে বঢ়াব গৌৰৱৰাশি
ইন্দ্ৰবংশী ৰজাসকলৰ। নাভাবিবাঁ
নাই অৰ্থ এই পীড়নৰ। দায় নাই জানাঁ,
পীড়ক ৰজাৰ;—নিমিত্তকাৰণ তেওঁ
বিধিৰ হাতত। অদৃষ্টত লেখা ৰেখা
নাযায় মোচন,—অদৃশ্য উদ্দেশ্য যিবা।
সুখ-দুখ হঁহা-কন্দা মুগ্ধ মানৱৰ
মাথোঁ প্ৰহেলিকা!—আৰু মোত্ কথা নাই।
হৰিষ্ অন্তৰে মাগোঁ বিদায় সৱাকে;
মাগিছোঁ বিদায় আৰু ইহ জনমৰ,
স্বা-মী-চ-ৰ-ণ-ত, বি-দায় বি-দায় এ-বে।

[ ৭৪ ]

গুহা।

অনুপম বিতোপন শোভা মনোহৰ,
নিজান তলিত শোভে প্ৰকৃতিৰ ঘৰ।
চউপাশে পৰ্ব্বতৰ সৌন্দৰ্য্য নিজৰা,
বাগৰি চিৰলী ধাৰে মিলিছে এডৰা।
শীতল পাটীত পৰি প্ৰকৃতি সুন্দৰী,
লভিছে জিৰণি, অহ, সৌন্দৰ্য্যে আবৰি।
সংসাৰৰ দুষ্টবায়ু নপশে ইঠাই,
শান্তিৰ শীতল বা বলিছে সদায়।
অধৰ্ম্মৰ পৰাক্ৰম, চিন্তাৰ বিকাৰ,
নাই তাত পাপ-তাপ অকাৰ্য্য নিকাৰ।
বাহিৰত মউ-মাত ভিতৰত হুল,
সংসাৰী বান্ধৱ লই নহওঁ ব্যাকুল।
বনৰ হৰিণা স’তে ফুৰি ডিঙ্গি ধৰি
লভিম পৱিত্ৰ সুখ আপোন পাহৰি।
সংসাৰৰ গীত-বাদ্য কপটতা সুৰ,
নাবাজে কাণ আৰু সুললিত মোৰ।
বনৰ বিহগ গান শুদ্ধ তাল মান,
শুনি মুগ্ধ হব মোৰ উদাস পৰাণ।
সুশীতল তৰুতল আৰু কুঞ্জবন,
নিয়তি নিৰ্ম্মিত বহা বৈৰাগী কাৰণ।
মাতে যেন ৰিঙিয়াই বাজিছে প্ৰাণত,
নকৰোঁ পলম আৰু সংসাৰ-হাটত!

[ ৭৫ ]

গুহাত গদাপাণি।

গদা।—নিজান গুহাত
অহ, অকলই মই।
অকলে আপোন মনে কৰিছোঁ বিহাৰ,
পাহৰি সংসাৰ চিত্ৰ, পুত্ৰ-পৰিয়াল,
আৰু মোৰ ৰাজ্যচিন্তা, আত্ম বাহুবল।
তপস্যা সাধন নোহে ব্ৰত জীৱনৰ,
নাছিল সমূলি বৈৰাগী জনৰ ভাব
আদি জীৱনত। আজিও বীৰৰ তেজ
বয় প্ৰতিসিৰে; বীৰভাব বীৰকাজ,
পালিছোঁ আজিও,—আজিও জীৱন-ব্ৰত।
তেন্তে এই ছদ্মবেশ কিয় আজি মোৰ!
কিয় বা নিজানবাস ভৰ বয়সত?
জন-প্ৰাণী অসঞ্চাৰ, নাই সমাগম;
চৰাই-চৃকতি মাথোঁ পশে এই ঠাই,
চিন্তাশূন্য প্ৰাণ তাৰ, আতি নিৰমল,
উলাহত নাচি নাচি উৰে। কিন্তু হাঁয়,
চিন্তাৰ বিকাৰে যাৰ দহে মন-প্ৰাণ,
জন-সমাজত যাৰ নাই শান্তি লেশ,
নাই তৃষ্ণা, নাই লীপ্সা গৌৰৱত যাৰ,
সেই দুৰ্ভগীয়া নৰে প্ৰৱেশে ইঠাই,
অপাৰ চিন্তাৰ পাৰ পাওঁ বুলি ভাবি।

[ ৭৬ ]

কাপুৰুষ সিটো, যদি সি সংসাৰী;
সংসাৰ-ধুমুহা যিটে সহিব নোৱাৰি,
অকলই প্ৰাণ লই বিচাৰে জিৰণি।
তদ্ৰূপ মিলিছে দশা এই জীৱনত;—
মানিলো বিষম ঘাট্ সংসাৰ যুঁজত,
আহিলোঁ অনাথ কৰি ভাৰ্য্যা-পুত্ৰ মোৰ,—
বাঘৰ চোঙত সিংহী, সিংহৰ পোৱালি।
এৰিলে প্ৰিয়াই দেহা পাপীৰ হাতত,—
থাকিলোঁ আগতে চাই! ভুঞ্জিলে সাক্ষাতে
নিৰ্য্য়াতন যতমানে,—নাযায় কথন—
তথাপি নহল মোৰ শক্তি উদ্ধাৰৰ!
অনাথ সন্তান দুটি মাতৃ-বিয়োগত
উন্মাদ হইছে জানো? বাঢ়িছে আৰাৱ
জানো নাৰী বিলাপৰ? শত্ৰু-হাঁহিয়াতে
লগায় খলক জানো! হিয়াভেদী ভাবে
কঁপাই মেদিনী যেন বাজিছে প্ৰাণত,
মৰ্ম্মান্তিক খেদ তাৰ; আতি অসহন।
দুৰ্ব্বল হইছে হিয়া, নাই মনোবল,
ধৈৰ্য্যতাই দিছে এৰি বাট! কিন্তু হাঁয়,
মৌনব্ৰত জীৱনৰ উদ্দেশ্য নহয়,
নেশোভে সি ৰীতি এই কৰ্ম্মজীৱনত।
কাপুৰুষ মই?—পশুৱত বনচৰ!
প্ৰাণৰ মায়াত কৰিছোঁহি গুপ্তবাস!

[ ৭৭ ]

ভাবিছোঁ মঙ্গল আজি জন-সমাজৰ
ক্ষুদ্ৰ প্ৰাণ নিৰাপদে আছে দেখি মোৰ!
ধিক্ এই জীৱনত, ধিক্কাৰোঁ শতেক।
মোৰ সম নৰাধম, পাশৱ পৰাণ,
নাই পৃথিবীত!—সাধ্বী সতী জয়মতী
প্ৰিয়ভাৰ্য্য়া যাৰ; যাৰ হন্তে বীৰজায়া
হল তনুত্যাগী, অসহ্য় যন্ত্ৰণা সহি;
ৰাখিলে যি কীৰ্ত্তিৰাশি আদৰ্শ সতীৰ;
যাৰ নামে নাৰীবল অজি ধৰণীত;
সেই ভাৰ্য্যা ভাব ভুলি, আছোঁ নিজঞ্জালে,
আত্মচিন্তা কৰি সাৰ!—ধিক্, ধিক্, ধিক্!
ধিক্ মোৰ বীৰ নাম, ধিক্ বাহুবল,
ধিক্ আৰু উচ্চ আশা ৰাজপাটলই!
পাহৰিছোঁ বীৰধৰ্ম্ম আজি? বীৰতেজ
সিৰে মোৰ নবয় এতিয়া? নাই আৰু
সাহ-পিট, জীৱনৰ উদ্দেশ্য মহান্?—
নতুবা ই ছদ্মবেশ, গুপ্ত গুহাবাস,
কি স’তে বঞ্চিছোঁ আজি? পাহৰিছোঁ আজি
বীৰৰ প্ৰতিজ্ঞা মোৰ,—প্ৰতিশোধ লোৱা?—
পীড়িলে যি প্ৰিয়া মোৰ পাশৱ পীড়ণে,
নিতে নৱ শাস্তি ঘোৰ যাৰ আদেশত
সহিলে প্ৰিয়াই মোৰ ধৰণী সমানে,
নলওঁ যদ্যপি তাৰ নাৰীবধী প্ৰাণ,
নুজুৰায় প্ৰাণ মোৰ নিশ্চয় নিশ্চয়।

[ ৭৮ ]

নাই মোৰ সৈন্যবল, ৰণৰ সমল,
নাই আৰু বন্ধুজন আলোচন হেতু;
নুবুজোঁ প্ৰজাৰ মন। নাজানোঁ যতেক
মিত্ৰৰাজ সম্প্ৰদায়,—কাৰ কিবা মতি।
তথাপি, প্ৰতিজ্ঞা মোৰ, যুঁজিম অকলে;
অকলে উভালি যত বিঘিনি বিৰিষ্‌,
বায়ুবেগে প্ৰৱেশিম আপোন নগৰ,
আক্ৰমি বিক্ৰমে মোৰ লম সিংহাসন।
অকলেই হনুবীৰে দহি লঙ্কাপুৰী,
যিমতে সাধিলে সিদ্ধি সীতা উদ্ধাৰৰ;
ছদ্মবেশী ভীমসেনে প্ৰদমি যিমতে
দুৰ্দ্দান্ত নৃপতিদল সয়ম্বৰ দিনা,
ৰাখিলে গৌৰৱ ৰাশি দ্ৰৌপদী সতীৰ,
তদ্ৰূপ মোহাৰি মই সৈন্য সেনাপতি,
গৰাহত লম ৰজা, মন্ত্ৰী, পাৰিষদ,
আৰু যত পাত্ৰ-মন্ত্ৰী বিপক্ষ দলৰ।
কৰিম যুগুতি পাচে, প্ৰিয়াৰ গৌৰৱ
জিলিকাই ৰাখিবৰ হেতু; প্ৰতিশ্ৰুত
হলোঁ আজি ধৰ্ম্ম-সাক্ষী কৰি। লৰে
যদি হিমাচল, নলৰে বচন মোৰ। আৰু,
ঘটে যদি বিপৰ্য্য়য়, —বিধি-বিপাকত,—
গদা নাম পৃথিবীত নধৰোঁ, নধৰোঁ,
সত্যে, নধৰোঁ নিশ্চয়।

[ ৭৯ ]

"মেঘ-দূত”।

হেৰা, দেৱদূত,   কটকী মেঘাই,
  বাৰ্ত্তাবহ কালিদাসী,
বিশ্বদৰ্শী তুমি,   ধীৰ, মৃদুগামী,
  বিৰহীৰ প্ৰাণভাষী।
অনুৰোধ মোৰ,—  অনতিপলমে
  যোৱাঁ, স্বৰ্গধামই;
অমৰ সভাত   মাৰিবাঁ ভুমুকি,
  জুমি চাবাঁ মুখলই;—
দেখিবাঁ এখনি   দীঘলী বয়ান,
  অমায়িক সাম্যালয়;
দীৰ্ঘ অশৰীৰী,  সবাত্‌কৈ ওখ,
  হাঁহিমুৱা সদাশয়।
তেৱেঁ জানাঁ মোৰ   সাদৰী জোৱাঁই,
  বৰপুত্ৰ সমতুল;[১]
গল এৰি মোক   আচম্বিতে হাঁয়,
  প্ৰাণ কৰি বিয়াকুল?
প্ৰিয়তমা ভাৰ্য্য়া,   পুত্ৰ, কন্যা, সৱো,
  মৰ্ম্মব্যথা আমাসাৰ
কৰিবাঁ জ্ঞাপন;—  দিবাঁহি উলটি,
  পাবাঁ যিবা সমিচাৰ।


  1. * স্বৰ্গীয় সিদ্ধেশ্বৰ গোহাঞি, এম-এ, বি-এল, ডেপুটী কমিচনাৰ।
[ ৮০ ]

বৰাগী বহাত গদাপাণি।

গদা।—কি ভাৱে যাপিছোঁ দিন?
কিবা হলোঁ আজি! ক’ত মোৰ ৰাজ্যচিন্তা,
ক’ত আজি বৈৰাগী জীৱন! নাই আজি
ৰাজ-সাজ, অস্ত্ৰ-শস্ত্ৰ, বীৰৰ আহিলা;
সলনিত ধৰিছোঁহি বৰাগী টোকাৰী!
যি বাহু ধাৰণ মোৰ শত্ৰু দলনত,
—গদাঘাত নপৰিলে সুত্ নলগায়—
সি বাহু বৰ্ত্তিছে আজি, অৱশ শিথিল,
ভিখাৰী জোলোঙা বই! যি হাতে সততে
ঘূৰাওঁ ভীমৰ গদা, মুঠিত লুকাওঁ।
ভলুকাৰ গুৰি, সেই হাতে ধৰোঁ আজি
চেকনী এছাৰি।
অহ, প্ৰাণেশ্বৰী,
প্ৰেমৰ পুতলী মোৰ প্ৰিয়া জয়মতী;
সংসাৰ বান্ধন হেতু সোহাগী শিকলি,
গঢ়ি-পিটি বিধাতাই বান্ধিছিল মোক
সংসাৰত এটি চিত্ৰ আঁচিবৰ গুণে;—
অকালত ছিঙ্গি নিলে একে বিধাতাই,
মেলি বান্ধ অকালত দাম্পত্য প্ৰেমৰ,
সুদৃঢ় বান্ধনে যেবে ছিলোঁ বান্ধ খাই!

[ ৮১ ]

চিন্ তাৰ মৰা নাই, আছে সাঁচ বান্ধি,
হৃদয়ৰ কেন্দ্ৰ ভেদি কক্ষ ৰেখাপ্ৰায়।
আৰু, হাঁয়, কিনো কম, প্ৰিয়া-গুণ-কথা;—
অদম্য বীৰৰ তেজে নচুৱাই মোক
অকালে অপথে চলব যেতিয়া ধৰে,
প্ৰশান্তসাগৰসমা শান্তিময়ী প্ৰিয়া
আছিল সাৰথি মোৰ। আছিল সহায়
মন্ত্ৰণা দানত আৰু।—চিন্তিলে যিদিন
বধৰ উপায় মোৰ লৰা-ৰজাদেৱে,
চিন্তাত বহিল প্ৰিয়া উদ্ধাৰৰ হেতু।
কিন্তু, হাঁয়,—হিয়া মোৰ বিদৰে স্মৰিলে—
মন্ত্ৰণাত আত্মবলি ৰচিলে প্ৰিয়াই,
পতিপ্ৰাণ ৰক্ষা হেতু পতিপ্ৰাণা সতী।
বীৰতেজে বিচক্ষণা, সাধ্বী সতী জয়া;
হাঁহিমুখে স্বৰ্গযাত্ৰা কৰিলে মহান্,
অৱহেলি পাপীৰ পীড়ণ। কিন্তু, ধিক্‌।
প্ৰতিজ্ঞা পুৰণ মোৰ নহল অদ্যাপি,
নহল তৰ্পণ আজি পাপীৰ তেজেৰে
প্ৰিয়া-অপমান মোৰ!

অনাথ সন্তান দুটি,
আছে কিনোভাৱে? কোনে কৰে পতি আজি
বীৰগৰ্ভা জননীৰ বীৰপুত্ৰ দুটি!

[ ৮২ ]

সিংহীৰ বিহনে আজি সিংহৰ পোৱালি
অযত্নে মলিন জানো? অযোগ্য পুৰুষ,
নোৱাৰিলোঁ, পতি হই, ৰাখিব জীৱন্তে
পত্নীৰ গৌৰৱ! বীৰ প্ৰসৱিনী প্ৰিয়া,—
পুত্ৰহস্তে জিলিকিব সতীৰ মাহাত্ম্য,
অমৰ বাঞ্ছিত কীৰ্ত্তি ৰব মৰতত।
বাঁঁচি থাকাঁ, দুয়ে জিলিকাবাঁ মাতৃনাম;
ৰাখিলোঁ যদ্যপি মই কুলত কলঙ্ক,
—কাপুৰুষ হই!

দুৰ্ব্বল চিন্তাৰ এবে নাই প্ৰয়োজন।
নসহে পৰাণে আৰু কাপুৰুষ ৰীতি,
নোশোভে ই ছদ্মবেশ গদাপাণিলই।
নোৱাৰোঁ ৰাখিব ঢাকি আত্মগোপনত,
বীৰভাব, বীৰকাজ, আকাঙ্খা বীৰৰ;
নাথাকে লুকাই আৰু সঙ্কল্প প্ৰাণৰ;
নোৱাৰোঁ ভুলিব মোৰ প্ৰকাশ্য প্ৰতিজ্ঞা,
নিৰাশাত উটি। এৰিম বৰাগী বেশ;
তুৰন্তে পশিম গই ৰাজ-নগৰত।
নিপাতি যতেক শক্ৰ, ভীম আক্ৰমণে
জিনিম ৰজাক মই; আৰু যতমানে
জিনি বীৰ সেনাপতি, দেখাম জগতে
আজি, বাহুবল মোৰ।

[ ৮৩ ]

জৰ্ম্মাণ মহাৰণ।

আপদৰ হেন্দোলনি, পুৰুবে পছিমে,
খলকনি সাগৰ পাৰত;
দুই উপকূল আৰু হিমালয় সীমা
ওপচাই উধাও ভাৰত।

ইংৰাজ ৰাজৰ মিলে অপায় অপাৰ,
বৃটিচ্, প্ৰজাৰ কান্দে হিয়া;
বৃটন-ভাৰত হোৱা একাকাৰ চোৱাঁ;—
ভেদাভেদ চিন্ নাইকিয়া।

স্বাৰ্থজীবী ৰাজ্যলোভী সৈনিক ধৰমী
জৰ্ম্মাণ ঈগলে গলিয়াই
গিলা দেখি স্বাধীনতা সভ্য ভূভাগৰ,
বধা দিলে বৃটিচ্, সিংহই।

ভাৰত ভৈৰবে দেখি পুবদিশপৰা
গল খেদি ৰূদ্ৰৰূপ ধৰি;
সংহাৰিলে পালেমানে সমুখ ৰণত
অস্ত্ৰো-জাৰ্ম্ম-ৰোম-বুল্ গেৰী।

[ ৮৪ ]

উছৰ্গিলে উলাহেৰে ধন-জন-ৰত্ন
ৰাজভক্ত ভাৰত-সন্তানে,
—সুখীয়া দুখীয়া প্ৰজা হই সমভাগী—
ৰজা আৰু ৰাজ্যৰ কাৰণে।

চাৰিবৰ্ষ-তিনিমাহ শত্ৰু-মিত্ৰ নাশি,
মহাৰণ ক্ৰমে মাৰ যায়;
বৃটন, ভাৰত আৰু জয় মিতিৰৰ,
শত্ৰুৰ মুখত পৰে ছাই।

মহাবীৰ কাইচাৰে ৰাজপাট এৰি,
বিদেশ খাটিলে লই প্ৰাণ;
পাপৰাশি ক্ষয় পালে পুণ্যভাগ ৰয়,
দিলে তাৰ জিলিকা প্ৰমাণ।

পুনু আজি ৰণ-জুই জ্বলে জিভা মেলি,
লগনী ধৰোতা হিট্লাৰ;
‘ভূবনবিজয়ী’ নাম লাভ আকাঙ্খত
পৃথিবীক কৰে ছাৰখাৰ!

[ ৮৫ ]

ৰণক্ষেত্ৰত গদাধৰ।

সৈন্যগণ।— জয় গদাপাণি জয়!
গদা।—নাচিছে হৃদয়,
নাচে মোৰ তেজপুঞ্জ প্ৰতিসিৰে বই,
অসম সাহসীগণ দেখি ৰণবেশে।
যাৰ বাহুবলে দৰ্পচূৰ্ণ মোগলৰ
ত্ৰয়োদশবাৰ,—বখানিলে শত্ৰুপক্ষে
তেজ অসমৰ; যাৰ বলবীৰ্য্য কথা
ৰাষ্ট্ৰ ভাৰতত; ইন্দ্ৰবংশী ৰাজকুল
অসম প্ৰতাপে আজি অগ্ৰগণ্য কৰি
ৰাখিছে যি ধৰি; সেই বীৰ সেনাদলে
মানিছে অধ্যক্ষ মোক নিজে বাছি লই,
উচ্চাৰিছে জয়ধ্বনি মোৰে নাম ধৰি।
ইহেন গৌৰৱ আজি, লভি ভাগ্যবলে,
ৰণমদে মাতি উঠে দেহ-মন মোৰ,—
উলাহ নধৰে প্ৰাণে!
সৈন্যগণ।—জয় ভাবীৰাজ জয়!
জয় গদাধৰ জয়।
গদা।—বাঢ়িছে উলাহ,
বাঢ়ে যেন বাৰিষাৰ বেগৱতী নই।
পৰিছে মনত আজি তাহানিৰ কথা,—
তাহানি এপক্ষে হই ঘাই সেনাপতি
আখৰাত ৰণজয় কৰা। হৃদয়ৰ

[ ৮৬ ]

আৰু এটি গুপুত বাসনা অন্তৰত
উঠিছে উথলি,—কতকাল মনে মনে
পালিছিলোঁ আশা, ৰণত বীৰেন্দ্ৰ নাম
লভিম এদিন বুলি; শত্ৰু দলনত
বাহুবলে সাৰ্থকতা লভিবৰ গুণে
কত ভাৰ পালিছিলোঁ এই হৃদয়ত,
কত ভাৰ উঠিছিল বিৰিঙ্গি সিদিন;
তেজেৰে বোৱাই নই আঁখি তিৰিপিতি
লভিম এদিন বুলি বান্ধিছিলোঁ যিবা
কঁকালত তৰোৱাল মোৰ। আজি সেই
বাসনাৰ পূৰ্ণদিন চাপিছে ওচৰ,
চাপিছে বাঞ্ছিত ফল সেই সাধনাৰ,
মুগ্ধকাৰী স্নিগ্ধপ্ৰভা অমিয়া সুখৰ,
বিয়াপিছে হৃদয়ত পৰাণ জুৰাই,
আগন্তুক সৰ্ব্বসিদ্ধি, বিধিৰ বিধানে,
চাপিছে ওচৰ দেখি! অপাৰ আনন্দ
হিয়াত নধৰে মোৰ!
সৈন্যগণ।—জয় গদাধৰ জয়!
জয় ভাবীৰাজ জয়!
গদাধৰ।—মুহুৰ্ম্মুহু জয়ধ্বনি
উচ্চাৰিছে যত, উথলি উঠিছে তত
দেহ-মন-প্ৰাণ, প্ৰতিপলে প্ৰতিপদে,
ৰণ-উদ্দেশত! —বজোৱা, বজোৱা ঘনে,
বজোৱাঁ ৰণৰ চেৱে, বজোৱাঁ তালত,

[ ৮৭ ]

তালে তালে নাচি উঠি, বীৰখোজে আমি
উলাহেৰে আগ বাঢ়োঁ ৰণ অভিমুখে!
চেৱে চেৱে ধৰোঁ খোজ, গণি প্ৰতি পদ,
প্ৰতি পদে শুভক্ষণ মানি;—আমাসাৰ
বাহুবল দেখোক জগতে; স্বৰ্গহন্তে
দেখোক দেৱতাগণে। উঠিছে হুঙ্কাৰ
অস্তস্থল এৰি মোৰ, দেখি সমুখত
সিংহৰ চিকাৰ;—মোহাৰি হৰিণাদল
একে আক্ৰমণে, দিম পৰিচয় আজি
কি হেতু গদাৰ বাহু দুৰ্জ্জয় ৰণত।
বাঢ়োঁ আগ, ধৰাঁ পাচ, হেৰা বীৰগণ।
পদে পদে চমু কৰোঁ পৰীক্ষাৰ স্থল,
ৰণত বিজয়ী নাম লভিবৰ গুণে।
ৰাতি-দিন একে সাজ, একে অভিপ্ৰায়,
সাবাৱো একোটি আজি একে লক্ষ্য ধৰি;
—জিনিম শত্ৰুক, কিম্বা পৰিম ৰণত'—
বীৰশয্যা আছে পতা যশ-মন্দিৰত,
চিৰশান্তি চিৰকীৰ্ত্তি লভিবৰ গুণে।
সমুখীন সংগ্ৰাম উঠন পতন,
উভয়তে সমভাগ্য; —ভাগ্যধৰ আমি
আজি সকলোটি।—জিনিম জগত আহাঁ,
আহাঁ আগ বাঢ়ি; নোৱাৰে ৰোধিব কেৱে
অমাসাৰ গতি।

[ ৮৮ ]

সন্তান।

ভাবৰ অস্থিৰে গঢ়ি জকা কল্পনাৰ
সযতনে প্ৰতিষ্ঠা হিয়াত;
চিন্তাৰে তেজক মথি মাংস বঙহৰ
থাপিথুপি দিলোঁ সি কায়াত।
মস্তিষ্ক মন্থন কৰি চেতনা-টাবত
দিলোঁ আঁটি বুজনিৰ সুৰ;
ভাষাৰ ৰহণ সানি পূৰ্ণ আকৃতিত
চাওঁ দেখোঁ পূৰ্ণাকৃতি মোৰ।
ৰূপৱন্ত জনকৰ ৰূপহ সন্ততি,
উলাহত মাতে কোলা পাতি;
কুৰূপ জনকে দেখি আত্মঅনুকৃতি,
সমসুখ নাপায় নে মাতি?—
অপত্য চেনেহ, অহ, সমজুৱা ধন,
সকলো যে সমভাগী তাৰ;
জেউতিত নিয়ে কাঢ়ি আনৰ একণ,
জগতত সাধ্য এনে কাৰ?
ভাগ্য়ৱন্তে নৰদেহী লভে বংশধৰ,
মৃত্যুৰ পাচত ৰাখে নাম;
অভাগাৰ গ্ৰন্থদেহী লাভ সন্তানৰ,
সেয়ে যেন সাধে সেই কাম।

সামৰণ।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )