পৃষ্ঠা:ফুলৰ চানেকি.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰাকৃতিক সম্ভাৰ।

গভীৰ গহ্বৰ ভেদি অত্যুচ্চ বিৰিখে
সমথল সমানত হই একাকাৰ
ধৰে শোভা বিতোপন! আবেলি বেলিকা
হেঙ্গুলি ৰহণে যেবে তিৰ্‌বিৰ্‌ কৰি
শোভে শীতল পাটীটি,—চেঁচনী বুকুৰে—
হাবিয়ায,—লভোঁ শান্তি ক্ষন্তেক বাগৰি,
অতৃপ্ত সুখৰ ভোগ ভঞ্জোঁ প্ৰাণভৰি !
আলাসত ভ্ৰমি ফুৰা মেঘদুতগণে
উলাহত উৰি ফুৰে বাতৰি বিলাই
অযাচিতে কাৰোবাৰ; আপোন-পাহৰা
কৰে কাৰোবাক যাচি যোগাই বাতৰি;
চাপিলে ওচৰ তাৰ সুকৰুণ হিয়া
পমি যায় আবেগত,—ৰহস্য অপাৰ !
দূৰণিৰ দৃষ্টিৰেখা, মন-চিত-হৰা,
চাওঁতে চাওঁতে, অহ, শ্যামা প্ৰকৃতিয়ে
নিশ্বাস নিৰোধি যেন প্ৰাণ কাঢ়ি লয় !
আৰু কত সৌন্দৰ্য্যৰ গুপুত সম্ভাৰ
উদিয়াই শাৰী শাৰী পাতিছে পোহাৰ;—
কিনোতা মানৱ প্ৰাণ, বেচোঁতী প্ৰকৃতি।
অৰক্ষিতে আছে পৰি;—সাধ্য কিন্তু কাৰ
লয় তুলি কিবা এটি, সলনিত তাৰ
নেবেচিলে মন-প্ৰাণ, —একমাত্ৰ বেচ্‌।