সমললৈ যাওক

পৃষ্ঠা:ফুলৰ চানেকি.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১৬
ফুলৰ চানেকি।
 

জীৱনৰ ব্ৰত মোৰ আছে অন্তৰত
ইসৱ উদ্ধাৰ কৰা বিনাশি অপায়।
নিৰ্জ্জীৱ অতনা দিন জীৱন্ত বাসনা।
অন্তৰৰ অন্তস্থল আছিল বিয়াপি
ছায়ে ঢকা অগ্নিশিখাপ্ৰায়। আছোঁ ময়ো
মৰাপ্ৰায় মনোবেগ মনতে সামৰি
জীৱনৰ মহাব্ৰত হানি হয় বুলি।
সুমৰিছোঁ সৰ্ব্বক্ষণে হিত উপদেশ
ন্যায়সোধা ফুকনৰ; জন্ম মোৰ
শিক্ষা-দীক্ষা-লক্ষ্য আৰু ৰণ-আখৰাৰ
স্বাধীন উদ্দেশ্য মাথোঁ দেশৰ উদ্ধাৰ।
মিলিছে এতিয়া তাৰে সোণালী সুযোগ;—
কাৰ্য্যৰ ক্ষেত্ৰত মিলিব দুদিন বাজে
সম্মুখ সগ্ৰাম।
  *  *  *
জয়া।—(প্ৰৱেশ) দুখত আনন্দ।
সদানন্দ সদাশয় প্ৰাণেশ্বৰ মোৰ।
প্ৰাসেহি বিপদে; তথাপি নহল, হাঁয়,
চেতনা তোমাৰ নাথ!

গদা।— নভৰাওঁ প্ৰিয়া হেৰা, নাভাবিবাঁ আন,
নপলাওঁ কদাচিতো কাপুৰুষ হই।
বীৰৰ শোভন কাৰ্য্য নহয় পলোৱা,
নোশোভে সি কদাপিও গদাপাণিলই।