পৃষ্ঠা:ফুলৰ চানেকি.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা আৰু সিদ্ধি।

সাধনাৰ থান্ ক’ত?—
 তীৰথ, কন্দৰ?
মজিদ, মন্দিৰ, মঠ,
 দ’ল, গিৰ্জ্জাঘৰ?
নামাজ, কীৰ্ত্তন, জুম্মা,
 ঈশ-আখ্যানত?
পাদ্ৰী, মোল্লা, কথকৰ
 তত্ত্ব ব্যাখ্যানত?
পজা, বন, গছতল,
 সভা, সম্মিলন?
সেৱা-চৰ্চ্চা সাহিত্যৰ,
 স্বদেশ-পূজন?

নিৰুপিত থান্-থিত্
 নাই সাধনাৰ;
নাথাকে আবদ্ধ ক’তো
 পুণ্য সিদ্ধি তাৰ।—
পাহৰিম য’ত ‘মই’,
 পাহৰিবাঁ ‘তুমি’,
পাহৰিব ‘তেওঁ’, কৰি
 লক্ষ্য জন্মভূমি,
সবাৰো সমষ্টি য’ত
 খিতাপে অকণি,
সাধনা সিদ্ধিৰ ধান
 সেই হিয়াখনি।