পৃষ্ঠা:ফুলৰ চানেকি.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০২
ফুলৰ চানেকি
 

ব্ৰহ্মপুত্ৰ।

মানসৰ গৰ্ব্ভ এৰি ব্ৰহ্মকুণ্ড ঘূৰি,
কটালা কতনা কাল পাথেয় বিচাৰি;
সাগৰ উদ্দেশি পাচে কৰিলাঁ প্ৰয়াণ,
কতনা পৰ্ব্বত লঙ্ঘি বধা অগণন্।

কত যুগ একেৰাহে লই পূজাভাগ
শোধাইছাঁ বই-পৰা পুণ্য ব্ৰহ্মযাগ;
কতনা সৃষ্টিৰ কথা,—উঠন পতন,
কতনা বুৰঞ্জী তথ্য বুকুত মগন।

আতিকে পুৰণি তুমি বৃদ্ধ যোগিবৰ,
তথাপি শিশুটি সদা,—‘পুত্ৰ’ নামধৰ!
কতবাৰ যৌৱনৰ ভুগিছাঁ বিলাহ,
বছৰে বছৰে ঘুৰি বাৰিষা উলাহ!

যি বলে ৰাখিছাঁ ধৰি অমৰ যৌৱন,
—নিছিগা ভক্তিৰ সোঁত জ্বলন্ত প্ৰমাণ।

⸻০⸻