পৃষ্ঠা:ফুলৰ চানেকি.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩৬
ফুলৰ চানেকি।
 

সিংহীৰ বিহনে আজি সিংহৰ পোৱালি
অযত্নে মলিন জানো? অযোগ্য পুৰুষ,
নোৱাৰিলোঁ, পতি হই, ৰাখিব জীৱন্তে
পত্নীৰ গৌৰৱ! বীৰ প্ৰসৱিনী প্ৰিয়া,—
পুত্ৰহস্তে জিলিকিব সতীৰ মাহাত্ম্য,
অমৰ বাঞ্ছিত কীৰ্ত্তি ৰব মৰতত।
বাঁঁচি থাকাঁ, দুয়ে জিলিকাবাঁ মাতৃনাম;
ৰাখিলোঁ যদ্যপি মই কুলত কলঙ্ক,
—কাপুৰুষ হই!

দুৰ্ব্বল চিন্তাৰ এবে নাই প্ৰয়োজন।
নসহে পৰাণে আৰু কাপুৰুষ ৰীতি,
নোশোভে ই ছদ্মবেশ গদাপাণিলই।
নোৱাৰোঁ ৰাখিব ঢাকি আত্মগোপনত,
বীৰভাব, বীৰকাজ, আকাঙ্খা বীৰৰ;
নাথাকে লুকাই আৰু সঙ্কল্প প্ৰাণৰ;
নোৱাৰোঁ ভুলিব মোৰ প্ৰকাশ্য প্ৰতিজ্ঞা,
নিৰাশাত উটি। এৰিম বৰাগী বেশ;
তুৰন্তে পশিম গই ৰাজ-নগৰত।
নিপাতি যতেক শক্ৰ, ভীম আক্ৰমণে
জিনিম ৰজাক মই; আৰু যতমানে
জিনি বীৰ সেনাপতি, দেখাম জগতে
আজি, বাহুবল মোৰ।