পৃষ্ঠা:ফুলৰ চানেকি.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুলৰ চানেকি।
৯৭৩
 


উষা-হৰণ।

জুৰণি জেউতি মেলি পূব- আকাশত
অনিৰুদ্ধ-ৰবি কায়া পোহৰি উষাই
কোমল লাবণ্য প্ৰভা পুৱতী মুখত
ধৰোঁতেই লয় পায় জীৱন জুৰাই!

কোমল কোমল মিলি কুমলীয়া বেলি
প্ৰেমৰ আবেগ মেলি যেই ধৰা দিলে;
হিয়াত হিয়াৰে দেহি চাওঁতেই মিলি,
উষাৰ কোমল কায়া হৰিয়েই নিলে!

কাৰ কায়া কাৰ ছাঁয়া, হেৰাল চিনাকি,
দুটি কায়া একাকাৰ,—দৈবিক মিলন;—
যৌৱনত দক্ মক্,—থৌকিবাথৌকি,—
পুবত মিলিত যোৱা পছিমে শয়ন।

সংসাৰ-ভোগৰপৰা কৰোক বঞ্চিত,
গুচোক সৃষ্টিৰ লীলা, মায়াৰ ঢাকোন,
মিলে যদি এনে সুখ,—অমৰবাঞ্চিত,—
পবিত্ৰ মিলন মাজে সুখৰ মৰণ!