পৃষ্ঠা:ফুলৰ চানেকি.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুলৰ চানেকি।
১০১১
 

বীৰ-প্ৰসৱিনী   অসম জননী,
  লাচিত আমাৰ অসম বীৰ;
এনে মহাবীৰ   যাৰ সেনাপতি
  কি ভয়, কি ভয়?—জিনিম স্থিৰ।

জিনিম শত্ৰুক,   —পৰিম নতুবা—
  লাচিত-আদেশ হইছে আগ;
দেশোদ্ধাৰ পণ,   প্ৰাণত আমাৰ,
  জীৱন সৰ্ব্বস্ব কৰিম ত্যাগ।

“অসম সাহসী   অসমীয়া সেনা
  দুৰ্জ্জয় ৰণুৱা ভাৰত মাজে”
বুলি বিদেশীয়ে   মানিব ধুৰুপ্
  দেখিলে আমাক বীৰৰ সাজে।

দেখোক যৱনে   ভাৰস্তৰ মাজে
  অসম সেনাৰ বিষম বীৰ্য্য;
লাগোক তবধ   বিপক্ষৰ দল
  পৰাস্ত হই মানোক আশ্চৰ্য্য়!

লক্ষ্য স্বৰ্গদেৱ,   লক্ষ্য সেনাপতি,
  অসম আমাৰ জনম ভূমি;—
এই তিনি মাত্ৰ,   নাই আন মন্ত্ৰ,
  জিনিম মোগল নিশ্চয় আমি।

৬৮