পৃষ্ঠা:ফুলৰ চানেকি.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুলৰ চানেকি।
১০৩৫
 

চিন্ তাৰ মৰা নাই, আছে সাঁচ বান্ধি,
হৃদয়ৰ কেন্দ্ৰ ভেদি কক্ষ ৰেখাপ্ৰায়।
আৰু, হাঁয়, কিনো কম, প্ৰিয়া-গুণ-কথা;—
অদম্য বীৰৰ তেজে নচুৱাই মোক
অকালে অপথে চলব যেতিয়া ধৰে,
প্ৰশান্তসাগৰসমা শান্তিময়ী প্ৰিয়া
আছিল সাৰথি মোৰ। আছিল সহায়
মন্ত্ৰণা দানত আৰু।—চিন্তিলে যিদিন
বধৰ উপায় মোৰ লৰা-ৰজাদেৱে,
চিন্তাত বহিল প্ৰিয়া উদ্ধাৰৰ হেতু।
কিন্তু, হাঁয়,—হিয়া মোৰ বিদৰে স্মৰিলে—
মন্ত্ৰণাত আত্মবলি ৰচিলে প্ৰিয়াই,
পতিপ্ৰাণ ৰক্ষা হেতু পতিপ্ৰাণা সতী।
বীৰতেজে বিচক্ষণা, সাধ্বী সতী জয়া;
হাঁহিমুখে স্বৰ্গযাত্ৰা কৰিলে মহান্,
অৱহেলি পাপীৰ পীড়ণ। কিন্তু, ধিক্‌।
প্ৰতিজ্ঞা পুৰণ মোৰ নহল অদ্যাপি,
নহল তৰ্পণ আজি পাপীৰ তেজেৰে
প্ৰিয়া-অপমান মোৰ!

অনাথ সন্তান দুটি,
আছে কিনোভাৱে? কোনে কৰে পতি আজি
বীৰগৰ্ভা জননীৰ বীৰপুত্ৰ দুটি!