পৃষ্ঠা:ফুলৰ চানেকি.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২৬
ফুলৰ চানেকি।
 


নিৰ্য্য়াতনত জয়মতী।

জয়া।—শক্তিদাতা ভগৱন্ত!
অসহন নিৰ্য্য়াতন সহিবৰ গুণে
দিয়াঁ শক্তি শৰীৰত। দিয়া একে শক্তি;
এবে এই হৃদয়ত, সহোঁ একেদৰে
লাঞ্ছনা অশেষ। ভাবিছে দুৰ্ম্মতি ৰাজে,
পাশৱ পীড়ণে কৰিব দুৰ্ব্বলা মোক,
বলেৰে কৰাৰ মান্তি সই লবলই,
নাজানি সতীৰ প্ৰাণ পতিপ্ৰাণা বুলি।
বসুমতি! অছে যদি ধৰম তোমাত,
ৰাখিবাঁ ধৰম মোৰ;—দিয়া শক্তি তযু,
সহনৰ পূৰ্ণগুণ আজি। ক্ষমা গুণ আৰু
দিয়াঁ মোক পূৰ্ণভাৱে, ক্ষমোঁ অজ্ঞানক।
নিবিচাৰোঁ প্ৰতিশোধ; পাব প্ৰতিফল
ফলিব কালত সি কৰ্ম্ম অনুসৰি।
কিন্তু, ভিক্ষা এই, পায় যেন প্ৰাণনাথে
মঙ্গল আশ্ৰয়, অপায়-অশান্তি মাজে।
আৰু, মোৰ দুটি পোনা এৰিছোঁ পিচত,—
দুটি সিংহৰ পোৱালি; থাকে যেন দুয়ো
আপদ এৰাই। পতিত ই ৰাজবংশ,
স্বামীয়ে উদ্ধাৰা পাচে, কৰিব উজ্জ্বল,
অদ্বিতীয় ৰজা হই। বাঞ্চা আৰু নাই;—
স্বামীৰ চৰণ যেন ভাগ্যে পাওঁ দেখা,
এৰোঁতে মাটিৰ দেহা মাটিক গতাই।
—এয়ে বাঞ্চা শেষ।
  * * * * *