পৃষ্ঠা:ফুলৰ চানেকি.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯৮
ফুলৰ চানেকি।
 

ভূপতি ভৱন আৰু দৰিদ্ৰ কুটীৰ,
উভয়ে সমান ভাগী সুৱৰ্ণ জ্যোতিৰ;
ইভাৱে ঘোষণা কৰে ঘূৰি অবিচ্ছেদ,—
‘ঈশ্বৰ মন্দিৰ মাজে নাই ভেদাভেদ’।
স্বাৰ্থত্যাগী গছ-লতা আপুনি তাপিত,
ছাঁয়া দি জুৰায় কত তাপিতৰ চিত।
অবিৰাম গীত গাই দয়াৱতী নই,
সন্তাপীৰ শোক-তাপ হৰিছে নৰই।
কতনা গায়িকা পখী ভিন্ভাব ভুলি,
ধৰিছে মধুৰ গীত পঞ্চমত তুলি;
অবুজ ভাষাৰ তান অফুট্ কথন,
ভাবুক প্ৰাণত লাগে অমিয়া বচন।
পৱন অমিততেজা উগ্ৰ দণ্ডধাৰী,
মুহূৰ্ত্তে বিনাশে সৃষ্টি প্ৰলয়-সংহাৰী;
কিন্তু কি যে নিয়তিৰ অভেদ্য কৌশল,
ভৃত্যভাৱে চিৰকাল সেৱে জীৱদল।
সন্ধিয়া-জেউতি মেলি মাৰ্ যায় ৰবি,—
কৰ্ত্তব্য-সাধন-সুখ,—মনমোহা ছবি!
লগে-ভাগে গছ-লতা নিজম পৰিল;
নিৰৱে ডালৰ পখী বিশ্ৰাম লভিল;
পথিকে জিৰণি ললে চাপি গছতল;
পৱন তটিনী দুয়ো শুশ্ৰূষাতে ৰল।