পৃষ্ঠা:ফুলৰ চানেকি.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১৪
ফুলৰ চানেকি।
 


জীৱন-সন্ধিয়া।

সমনীয়া লগৰীয়া, হেৰা সোণামুৱা,
আত্মাই আত্মাক শুনে, দেহদুৰ্গ ভেদি;—
তোমাৰ সন্ধিয়া গীত, নিলগত গোৱা,
গোৱাৰ আগেয়ে মই শুনোঁ কেনিবাদি।

মিলিছে তোমাৰে স’তে মোৰো সান্ধ্যগীত,
নাপাই বিচাৰি মনে সিপূৰীয়া থান্;
মানসী চকুৰে পাওঁ,-চাই পিত্ পিত্,—
যুক্তিৰ বুজনি মাথোঁ;—নাই একো আন।

আছোঁ বাৰু দুয়ো আজি ধৰাতে উমলি,
চেমনীয়া কাল ধৰি একে সমলেৰে;
কাইলই দেহী গুচি যাম কেনি চলি?—
নাভাবিবাঁ, জানিছা নে সত্য প্ৰমাণেৰে?

যুক্তি কৰম সাৰ মন পতিউৱা,
প্ৰত্যক্ষ প্ৰমাণ তাৰ দিবলই নাই;
নাপালে সম্ভেদ্ সেই পূৰী নো কেনুৱা,
কেনেকই বোলোঁ ‘সঁচা’, কোৱাঁ মোৰ ভাই !